বিটিআৰৰ লোকসভা সমষ্টিত প্ৰাৰ্থী দিব বিপিএফে

"আগন্তুক লোকসভা সমষ্টিত বিটিচিৰ দুয়োটা লোকসভা সমষ্টি ক্ৰমে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। কেৱল প্ৰাৰ্থী প্ৰক্ষেপ কৰাই নহয়, দুয়োটা সমষ্টিতে বিপিএফ দল জয়ী হ'ব।"

author-image
Asomiya Pratidin
New Update
বিটিআৰৰ লোকসভা সমষ্টিত প্ৰাৰ্থী দিব বিপিএফে

ওদালগুৰি, ২৫ জানুৱাৰীঃ "আগন্তুক লোকসভা সমষ্টিত বিটিচিৰ দুয়োটা লোকসভা সমষ্টি ক্ৰমে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। কেৱল প্ৰাৰ্থী প্ৰক্ষেপ কৰাই নহয়, দুয়োটা সমষ্টিতে বিপিএফ দল জয়ী হ'ব।" এই মন্তব্য বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ। বৃহস্পতিবাৰে ওদালগুৰি জিলা বিপিএফ কাৰ্যালয়ত অনুষ্ঠিত বিপিএফৰ বিভিন্ন বুথ সমিতিসমূহৰ কাৰ্যকৰ্তাৰ মত-বিনিময় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ সন্মুখত এই মন্তব্য প্ৰদান কৰে। দলটোৰ শক্তি তথা মনোবল বৃদ্ধিৰ লক্ষ্যৰে মহিলাৰীয়ে সভাত উপস্থিত দলীয় কাৰ্যকৰ্তাসমূহক আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কেনেদৰে সাজু হ'ব লাগিব সেই সন্দৰ্ভত মন্তব্য কৰে।

Advertisment

ইয়াৰ পিছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মহিলাৰীয়ে কয়, "আমি বিপিএফ দলে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টি দুয়োটাতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। কোকৰাঝাৰ সমষ্টিত আমাৰ জয় নিশ্চিত, কেৱল নিৰ্বাচনত আনুষ্ঠানিকতাহে বাকী আছে। আনহাতে দৰং-ওদালগুৰি সমষ্টিতো আমি জয়ৰ আন দলবোৰৰ তুলনাত প্ৰথম স্থানত আছো। আমাৰ পাছত দ্বিতীয় আৰু তৃতীয় স্থানত কংগ্ৰেছ আৰু বিজেপি দল আছে। আজি আমি বুথ কৰ্মীসকলক নিৰ্দেশ দিছো যে প্ৰতিটো বুথত আমাৰ দলৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি থাকিলে আমি লোকসভা সমষ্টিটোত জয়ী হ'ব পাৰিম। দৰং-ওদালগুৰি লোকসভা সমষ্টিটোৰ বিটিআৰ এলেকাত ১১ লাখ ভোটাৰ আছে। ইয়াৰ ভিতৰত পাঁচ লাখ ভোট আমি পাম। আৰু বিটিচিৰ বাহিৰৰ একলাখমান ভোট পালে আমি সমষ্টিটোত এশ‌ শতাংশ জয় নিশ্চিত।"

ইফালে আগন্তুক নিৰ্বাচনত বিপিএফ দলৰ লক্ষ্যত কথা উল্লেখ কৰি মহিলাৰীয়ে কয়, "আমাৰ প্ৰথম লক্ষ্য ভূমিপাট্টা প্ৰদান কৰা আৰু দ্বিতীয়তে বিটিচি পৰিষদৰ ৪০ টা বিভাগৰ অন্তৰ্গত ওদালগুৰি জিলাত ওলোৱা চাকৰিত কেৱল জিলাখনৰ প্ৰাৰ্থীকহে অগ্ৰাধিকাৰ দিয়া হ'ব।" বিজেপি-ইউপিপিএল মত্ৰজোটে বিপিএফৰ সমীকৰণত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি উল্লেখ কৰে। তেওঁ দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফ দলটোৱে বিটিআৰ অঞ্চলৰ লোককে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰি আগন্তুক মাৰ্চ মাহত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে। ইফালে বিটিচি চৰকাৰে চাকৰি দিব নোৱাৰে বুলি কটাক্ষ কৰি চাকৰি দিয়াৰ ক্ষমতা কেৱল দিছপুৰতহে আছে বুলি মন্তব্য কৰে।

Also Read: ৰাষ্ট্ৰীয় পৰ্যটন দিৱস

hagrama mahilary bpf