"আমাৰ ছাৰক যাবলৈ নিদিও" কান্দি কান্দি ছাত্ৰ-ছাত্ৰীৰ কাতৰ আহ্বান...

একাংশ শিক্ষকে বিভিন্ন অপৰাধৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰাৰ মাজতে এগৰাকী শিক্ষককলৈ ছাত্ৰ-ছাত্ৰীৰ শ্ৰদ্ধা আৰু মৰমৰ
"আমাৰ ছাৰক যাবলৈ নিদিও" কান্দি কান্দি ছাত্ৰ-ছাত্ৰীৰ কাতৰ আহ্বান...

ডিজিটেল সংবাদ, নুমলীগড় : একাংশ শিক্ষকে বিভিন্ন অপৰাধৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰাৰ মাজতে এগৰাকী শিক্ষককলৈ ছাত্ৰ-ছাত্ৰীৰ শ্ৰদ্ধা আৰু মৰমৰ ছবি ফুটি উঠিছে নুমলীগড়ৰ এখন প্ৰাথমিক বিদ্যালয়ত ৷ বিদ্যালয়ৰ এজাক ছাত্ৰ ছাত্ৰীয়ে বাগৰি-বাগৰি, হিয়া ঢাকুৰি কান্দিছে ৷ গোলাঘাট শিক্ষা খণ্ডৰ মৰঙি মৌজাৰ নেপালীবস্তি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কান্দিছে ৷

ইয়াৰ কাৰণ হ'ল উক্ত বিদ্যালয়খনৰ গুলবিছন দৌলাগুফু নামৰ শিক্ষকগৰাকীক বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ পৰা অন্য ঠাইলৈ বদলি কৰিছে ৷ এই কথা জানিব পাৰি শোকত ভাগি পৰিছে কন কন ছাত্ৰ-ছাত্ৰীসকল ৷

"আমাৰ ছাৰক যাবলৈ নিদিও" ৷ "আমাৰ ছাৰ আমাৰ লগতে থাকক" ৷ এইদৰে কৈ বাগৰি বাগৰি কান্দিছে কন কন ছাত্ৰ-ছাত্ৰীসকলে ৷ বিদ্যালয়সমূহৰ সমন্বয়ক আৰু খণ্ড বিষয়াৰ ভৰিত পৰি শিক্ষকগৰাকীক বদলি নকৰিবৰ বাবে কাকূতি-মিনতি এইসকল শোকবিহ্বল ছাত্ৰ-ছাত্ৰীৰ ৷

আনহে নালাগে বিদ্যালয়ৰ গেট বন্ধ কৰি শিক্ষকগৰাকীক যোৱাত বাৰণ কৰে ৷ জানিব পৰা মতে বৃহস্পতিবাৰে মধ্যাহ্ন ভোজন গ্ৰহণ নকৰি ছাত্ৰ ছাত্ৰীসকলে মাথো কান্দিছে আৰু কান্দিছে ৷ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ আৱেগক কি দৃষ্টিৰে বিভাগীয় কৰ্তৃপক্ষই নিৰিক্ষণ কৰে সেয়া হ'ব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in