চাংসাৰিত উদ্ধাৰ মহিলাৰ মৃতদেহঃ এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই পৰিচয়...

১৫ ফেব্ৰুৱাৰী, বুধবাৰে মহানগৰীৰ চাংসাৰিত উদ্ধাৰ হোৱা এগৰাকী মহিলাৰ মৃতদেহ এই পৰ্যন্ত চিনাক্ত হোৱা নাই।

author-image
Asomiya Pratidin
New Update
চাংসাৰিত উদ্ধাৰ মহিলাৰ মৃতদেহঃ এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই পৰিচয়...

ডিজিটেল ডেস্কঃ ১৫ ফেব্ৰুৱাৰী, বুধবাৰে মহানগৰীৰ চাংসাৰিত উদ্ধাৰ হোৱা এগৰাকী মহিলাৰ মৃতদেহ এই পৰ্যন্ত চিনাক্ত হোৱা নাই। চাংসাৰিত বুধবাৰে পুৱা প্ৰায় ৫-৩০ বজাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ।

উদ্ধাৰ হোৱা মহিলাগৰাকীয়ে পৰিধান কৰি আছিল হালধীয়া লেগিংছ আৰু মাল্টি কালাৰৰ টপ। ইয়াৰ পিছতে মহিলাগৰাকীৰ মৃতদেহ জি এম চি এইছলৈ লৈ অনা হয়। জি এম চি এইছত তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত মৰ্গতে ৰখা হৈছে।

এই সন্দৰ্ভত কামৰূপ আৰক্ষীয়ে টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। উদ্ধাৰ হোৱা মহিলাগৰাকীৰ সন্দৰ্ভত কাৰোবাৰ হাতত যদি কিবা তথ্য আছে তেনে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

আৰু পঢ়ক: চমক সৃষ্টি কৰিবলৈ গৈ মুখ থেকেচা...

crime Assam police