/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/4fcc44ad-059e-4a20-94c5-791a049fdc4b/brm.jpg)
ডিজিটেল ডেস্ক : মহানগৰীৰ বিষ্ণু ৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে দাঙি ধৰিলে এক ব্যতিক্ৰমী নিদৰ্শন । আইনৰ দীঘলীয়া পাঠ্যক্ৰমৰ মাজতেই আনুষ্ঠানিক শিক্ষাৰ মাজত মহানগৰীৰ গৃহহীন আৰ্তজনলৈ আগবঢ়ালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী । শিক্ষাৰ্থীসকলে এতিয়ালৈ তিনিটাকৈ আশ্ৰয় শিবিৰত প্ৰয়োজনীয় ৰেছন যোগান ধৰাৰ উপৰিও প্ৰায় ২০০তকৈও অধিক পৰিয়ালক যোগান ধৰিছিল খাদ্য সামগ্ৰী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/93d8c21c-e367-4440-a696-aa8776c6f3b3/WhatsApp_Image_2023_02_13_at_9_53_51_AM.jpeg)
এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী তথা অভিযানটিৰ আঁত ধৰা তপোব্ৰতে ভাষ্য প্ৰদান কৰে যে, সমগ্ৰ কাৰ্যসূচীটোৰ বাবে তৈয়াৰ কৰি তোলা হৈছে স্বেচ্ছাসৱীৰ এক দল । আনহাতে কেৱল খাদ্যই নহয় বৰং প্ৰয়োজনীয় ঔষধ, উমাল কাপোৰ আদিও যোগান ধৰে জ্যেষ্ঠ নাগৰিক সকলক । আগন্তুক তিনি মাহৰ ভিতৰত ৫ হেজাৰ প্ৰস্তুত কৰা খাদ্যৰ টোপোলা ক্ষুধাৰ্ত জনলৈ আগবঢ়োৱাৰ পৰিকল্পনা এওঁলোকৰ "জ্যোতি অন্নপূৰ্ণা অভিযান"ৰ জৰিয়তে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/26d25b63-3e67-4705-832b-a22bd421ab72/WhatsApp_Image_2023_02_13_at_9_53_50_AM.jpeg)
একে সময়তেই শিক্ষাৰ্থীসকলৰ দলটিয়ে "মামনি নাৰী কল্যাণ অভিযান"ৰ জৰিয়তে ১৫ হেজাৰৰো অধিক ছেনিটেৰী নেপকিন প্ৰয়োজনীয় সকলৰ মাজত যোগান ধৰাৰ পৰিকল্পনা হাতত লৈছে । কেৱল এয়াই নহয় বৰং আগন্তুক সময়ত প্ৰত্যেকখন চৰকাৰী মহাবিদ্যালয়ত এই সুবিধা উপলব্ধ কৰাবলৈও এওঁলোকে পৰিকল্পনা কৰিছে ।
মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী তথা ইয়াৰ সৈতে জড়িত থকা বিভাগীয় কৰ্তৃপক্ষৰ এই প্ৰচেষ্টা নিশ্চয়কৈ প্ৰশংসনীয় ।
আৰু পঢ়ক : তুৰস্কৰ যুদ্ধসদৃশ পৰিস্থিতিত মানুহে পাহৰিছে নেকি ছিৰিয়াৰ বেদনা ?