শিক্ষয়িত্ৰীৰ কৰ্মকাণ্ডত অতিষ্ঠ শিক্ষাৰ্থী-অভিভাৱক

ঢকুৱাখনা মহকুমাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত মৰনৈ গাঁও প্ৰাথমিক বিদ্যালয়ত এগৰাকী প্ৰধান শিক্ষকৰ ইচ্ছাই

author-image
Asomiya Pratidin
New Update
শিক্ষয়িত্ৰীৰ কৰ্মকাণ্ডত অতিষ্ঠ শিক্ষাৰ্থী-অভিভাৱক

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত মৰনৈ গাঁও প্ৰাথমিক বিদ্যালয়ত এগৰাকী প্ৰধান শিক্ষকৰ ইচ্ছাই আইনত পৰিণত হৈছে। শিক্ষাৰ্থীৰ বিদ্যায়তনিক উত্তৰণৰ লগতে বিদ্যালয়ত সুস্থ শৈক্ষিক পৰিৱেশ অব্যাহত ৰখাৰ বিপৰীতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বীণা গগৈয়ে নিজৰ ইচ্ছাকে আইন কৰি খেয়াল খুচি মতে বিদ্যালয় পৰিচালনা কৰি  শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। 

Advertisment

বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱকৰ দিহা পৰামৰ্শলৈ কৰ্ণপাত নকৰা এইগৰাকী দাম্ভিক প্ৰধান শিক্ষয়িত্ৰীয়ে শুক্ৰবাৰে বিদ্যালয়খন ইচ্ছাকৃতভাৱে বন্ধ ঘোষণা কৰি পুনৰ বিতৰ্কত সোমাই পৰিছে । প্ৰায় ১২  গৰাকী শিক্ষাৰ্থীৰে পৰিচালিত মৰনৈ গাঁও প্ৰাথমিক বিদ্যালয়খনত নিযুক্ত হৈ আছে এগৰাকী মাত্ৰ শিক্ষক। প্ৰধান শিক্ষকৰো দায়িত্ব প্ৰাপ্ত এই গৰাকী বীণা গগৈয়ে শুক্ৰবাৰে ঘৰুৱা কাম থকাৰ দোহাই দি বিদ্যালয় বন্ধ কৰি ৰাখে।

ফলত বিদ্যালয়লৈ পাঠ গ্ৰহণৰ বাবে আগমন ঘটা শিক্ষাৰ্থী সকলে বিদ্যালয়ৰ প্ৰৱেশ পথ বন্ধ দেখি বিফল মনোৰথ লৈ ঘৰলৈ উভতি যাবলগীয়া হয়। পাছত অভিভাৱক আৰু পৰিচালনা সমিতিৰ জ্ঞাত হোৱাত প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ দৃষ্টিগোচৰ কৰাত বৃহস্পতিবাৰে সৰস্বতী পূজাৰ বাবে শুক্ৰবাৰে বন্ধ দিয়া বুলি বেপৰোৱা মন্তব্য দিয়ে ।

উৎকৃষ্ট  মানৱ সম্পদ সৃষ্টিৰ বাবে চৰকাৰী বেতন প্ৰদান কৰি নিযুক্ত কৰা এইগৰাকী শিক্ষকে নিজৰ ব্যক্তিগত অভীষ্ট সিদ্ধি কৰিবলৈ সৰস্বতী পূজাক হাতিয়াৰ হিচাপে লৈ বিদ্যালয় বন্ধ কৰাকলৈ ক্ষুব্ধ বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱক ৰাইজ।

শিক্ষকতাৰ নামত চৰকাৰী বিধি ব্যৱস্থা পদপিষ্ট কৰি নিজৰ যি ইচ্ছা তাকেই কৰি অহা এইগৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতকলৈ নিৰ্লজভাৱে খেলা হেতালিৰ বাবে ঘিলামৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই কি আইন সংগত পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ৰাইজ অভিভাৱক আৰু পৰিচালনা সমিতিৰ দাবী যে অঞ্চলটোৰ একমাত্ৰ বিদ্যালয়খনত এগৰাকী দক্ষ শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক । অন্যথাই শিক্ষাৰ্থী সকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজহুৱা প্ৰতিবাদৰ মুখামুখি হ'বলৈ সাজু থাকক শিক্ষা বিভাগ

আৰু পঢ়কঃ চুৰিৰ অভিযোগত ছাত্ৰক প্ৰহাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ

education department of assam education teacher school