/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8974918c-38ef-4aa4-bfbb-6142b12b8082/soli_5ta.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: কিশোৰ ছাত্ৰক অমানুষিক শাস্তি। এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ নিৰ্মম প্ৰহাৰ ছাত্ৰক। এই ঘটনা সংঘটিত হৈছে ঢকুৱাখনাত।
জানিব পৰা অনুসৰি, ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত দুলিয়া গাঁও তিনিআলিত অৱস্থিত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বতাধিকাৰীসহ কেইগৰাকীমান উদণ্ড যুৱকৰ নিৰ্মম প্ৰহাৰ ৫ গৰাকী ছাত্ৰক ।
ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ ৫ গৰাকী শিক্ষাৰ্থীক চোৰৰ অভিযোগত দুদিনমান পুর্বে চলাইছিল এনে অমানুষিক শাস্তি। তাৰ পাছত এনে অত্যাচাৰৰ ভিডিঅ ভাইৰেল হোৱাত ঢকুৱাখনা আৰক্ষীয়ে নিজা ববীয়া গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।