/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/427c7e30-79cd-437e-a3a9-d626329e7047/95.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ হাটিঙা জয়পুৰৰ এটি পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা। পদুম নাথ আৰু কবিতা দেৱীৰ কন্যা তথা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকী সম্প্ৰতি দুৰাৰোগ্য ৰোগত (হাৰ্ট) আক্ৰান্ত হৈ আছে ৷
বিগত এবছৰ ধৰি হৃদ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসা কৰিও আৰোগ্য হোৱা নাই ৷ অতি দৰিদ্ৰ পৰিয়ালটিক চিকিৎসকে বাংগালোৰত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে যদিও আৰ্থিক দুৰ্বলতাৰ বাবে পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷
দুৰ্ভগীয়া পৰিয়ালটিয়ে শিশুটিৰ উন্নত চিকিৎসাৰ বাবে সদাশয় ৰাইজৰ ওচৰত আৰ্থিক সহায় ভিক্ষাৰ বাবে অনুৰোধ কৰিছে। কোনো ব্যক্তি বা প্ৰতিষ্ঠানে পৰিয়ালটিক আৰ্থিভাৱে সহায় কৰিব বিচাৰে তেন্তে অসম গ্ৰামীণ বিকাশ বেংকৰ ধলাইবিল শাখাৰ 7038010033442 নম্বৰ একাউন্ট আৰু IFSC UTBIORRBAGB নম্বৰত উক্ত ধন আগবঢ়াব পাৰিব বুলি জনাইছে।
লগতে দৰিদ্ৰ পিতৃ-মাতৃয়ে উন্নত চিকিৎসাৰ সহায় বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আবেদন জনাইছে ৷