ভদীয়া বানত উটি গ'ল মঙলদৈৰ ঐতিহাসিক শিৱ মন্দিৰ

ভদীয়া বানত উটি গ'ল মঙলদৈৰ ঐতিহাসিক শিৱ মন্দিৰ

author-image
Asomiya Pratidin
New Update
ভদীয়া বানত উটি গ'ল মঙলদৈৰ ঐতিহাসিক শিৱ মন্দিৰ

ডিজিটেল সংবাদ,মঙলদৈ : নোৱা নৈৰ প্ৰলয়ংকাৰী বানে মঙলদৈৰ কমাৰপাৰা গাঁৱত অৱস্থিত এটি শিৱ মন্দিৰ উটুৱাই নিয়ে। প্ৰায় ৬০ বছৰীয়া পুৰণি শিৱ মন্দিৰটি ভদীয়া বানে উটুৱাই নিয়াত স্থানীয় ৰাইজৰ মাজত হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে।

Advertisment

উল্লেখ্য যে, সোমবাৰে ভদীয়া বানে ছিপাঝাৰ বিধানসভা সমষ্টিৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিছে। বানৰ খবৰ লাভ কৰিয়েই মঙলবাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিধায়ক ড০ পৰমানন্দ ৰাজবংশীসহ অভিযন্তা,বিভাগীয় বিষয়াৰ এটি দলে ক্ষতিগ্ৰস্ত স্থানসমূহ পৰিদৰ্শন কৰিছিল।

লগতে শিবিৰত থকা বানাক্ৰান্ত ৰাইজৰ লগত মত-বিনিময় কৰিছিল। ইয়াৰোপৰি মন্ত্ৰী হাজৰীকাই যাৱতীয় কাম-কাজৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছিল।

Also Read: কৃষি কৰ্মৰে জামুগুৰিহাটৰ যুৱকে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

Shiva temple mangaldoi