
ডিজিটেল সংবাদ, সোণতলী: কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত বদলাত পকী দলং নিৰ্মানৰ দাবীত কণ কণ শিক্ষাৰ্থীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বদলা-টুপামাৰী সংযোগী পথত থকা সুতিত জৰাজীৰ্ণ কাঠৰ দলঙেদি বহু বছৰ ধৰি শ শ শিক্ষাৰ্থী তথা সাধাৰণ ৰাইজে বিপদসংকুল ভাৱে যাতায়ত অব্যাহত ৰাখিছে। উক্ত পথচোৱাত এখন পকী দলং নিৰ্মান নকৰাত অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে৷
জৰাজীৰ্ণ কাঠৰ দলংখনৰ বাবে এম্বুলেঞ্চ সেৱা, অগ্নিনিৰ্বাপক বাহিনীৰ সেৱা আদিৰ পৰা বঞ্চিত হৈ আহিছে স্থানীয় লোক ৷ পথচোৱাত এখন পকী দলং নথকাত যাতায়তৰ অসুবিধাৰ হেতুকে কৃষিজীৱি ৰাইজে কৃষি সামগ্ৰী পানীৰ দামত পথাৰতে বিক্ৰী কৰিব লগা হৈছে৷
ইফালে ৰাইজে স্থানীয় বিধায়িকা নন্দিতা দাসক বহুবাৰ পথচোৱাত এখন পকী দলং নিৰ্মানৰ দাবী জনাই আহিছে যদিও বিধায়িকা গৰাকীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ উপায়ন্তৰ হৈ বিধায়িকা নন্দিতা দাস, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰী৷ প্ৰতিদিনে ভয় শংকাৰ মাজেৰে পাৰ হোৱা শিক্ষাৰ্থীয়ে উপায়ন্তৰ হৈ পকী দলং নিৰ্মানৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত নন্দিতা দাস হায় হায়, পঞ্চায়ত প্ৰতিনিধি হায় হায়, দলং আমাক লাগিবই আদি শ্লোগানেৰে বদলাৰ পৰিৱেশ উত্তাল কৰি তোলে৷ শীঘ্ৰেই পথছোৱাত পকী দলং নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰৰ লগতে বিধায়িকা নন্দিতা দাস আৰু সাংসদ কুইন ওজাক দাবী জনাই স্থানীয় ৰাইজে৷