Plan Success- একনাথক উপ মুখ্যমন্ত্ৰীৰ লগতে ৭-৮বিধায়কক মন্ত্ৰীত্বৰ অফাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী বিজেপি দেৱেন্দ্ৰ…

Plan Success- একনাথক উপ মুখ্যমন্ত্ৰীৰ লগতে ৭-৮বিধায়কক মন্ত্ৰীত্বৰ অফাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী বিজেপি দেৱেন্দ্ৰ…

author-image
asomiyapratidin
New Update
Plan Success- একনাথক উপ মুখ্যমন্ত্ৰীৰ লগতে ৭-৮বিধায়কক মন্ত্ৰীত্বৰ অফাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী বিজেপি দেৱেন্দ্ৰ…

ডিজিটেল ডেস্কঃ ভৱামতেই সকলো হ'ল, বিজেপিৰ প্লেন মতেই পতন হ'ল উদ্ধৱ থাকৰেৰ চৰকাৰ। প্লেন সফল হোৱাৰ পাছতে মুম্বাইৰ তাজ হোটেলত বিজেপিৰ মিঠাই বিতৰণ পৰ্ব আৰু সকলোৱে শুভেচ্ছাৰে বোৱাই পেলালে দেৱেন্দ্ৰ ফাণ্ডাৰ্ডিছক।

Advertisment

এই সকলো প্ৰেক্ষাপট ভালদৰে নিৰীক্ষণ কৰিলেই স্পষ্ট হয় যে, আগন্তুক সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ দিশে আগবাঢ়িছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাণ্ডাৰ্ডিছ। ইতিমধ্যে দেৱেন্দ্ৰ ফাণ্ডাৰ্ডিছ আৱাসত ১১বজাৰ পৰা বিজেপিৰ কৌৰ কমিটিৰ বৈঠকৰ আয়োজন কৰা হৈছে। এই বৈঠকতে আগন্তুক ৰণনীতি তৈয়াৰ কৰিব বিজেপিয়ে।

একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বিসম্বাদী শিবিৰৰ নায়ক একনাথ সিন্দেক উপমুখ্যমন্ত্ৰীৰ লগতে বিসম্বাদী ৭-৮গৰাকী বিধায়কক মন্ত্ৰীত্ব প্ৰদান কৰিব পাৰে বিজেপিয়ে। ইতিমধ্যে মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, আগন্তুক সময়ৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাণ্ডাৰ্ডিছ আৰু একনাথ সিন্দেই।

বৃহস্পতি বা শুকুৰবাৰৰ ভিতৰতে মহাৰাষ্ট্ৰ সকলো ৰাজনৈতিক অস্থিৰতা আঁতৰ হোৱাৰো এক ইংগিত পোৱা গৈছে। বিজেপিয়ে প্লেন কৰা মতেই হয়তো, বৃহস্পতিবাৰে নিশাই বিজেপিয়ে চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক প্ৰদান কৰিব আবেদন।