সুখচৰত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ কিশোৰ

সুখচৰত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ কিশোৰ

author-image
Asomiya Pratidin
New Update
সুখচৰত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ কিশোৰ

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বৰবালুত বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ এজন ১২ বছৰীয়া কিশোৰ নিৰুদ্দেশ হয়।আজি বিদ্যালয় বন্ধ থকাৰ বাবে উৎকট গৰমৰ মাজত বৰবালু গাঁৱৰ এদল শিশু বহ্মপুত্ৰত গা ধুবলৈ যায়।

Advertisment

সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰৰ পানীত গা ধুই থকা অৱস্থাত বৰাইটাৰী (তাতিপাৰা) গাঁৱৰ মুজাফ্ফৰ আলীৰ পুত্ৰ শ্বাকিৰুল ইছলাম হঠাৎ নিৰুদ্দেশ হৈ পৰে। লগে লগে ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰাত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। দিনৰ প্ৰায় ১২ বজাত আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

আজি সন্ধিয়া প্ৰায় ৬ বজালৈ এছডিআৰএফ বাহিনীয়ে অভিযান চলাই যদিও কিশোৰ ছাত্ৰ জনক উদ্ধাৰ কৰিব পৰা নাই। ছাত্ৰজন এইদৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোঁজ হৈ থকা ঘটনাক লৈ পৰিয়ালৰ লগতে অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

Also Read: দক্ষিণ শালমাৰা আৰক্ষীৰে গো মাফিয়াৰ সংঘৰ্ষঃ আহত উপ আৰক্ষী অধীক্ষকসহ ৩ আৰক্ষী,আটক ১

student missing sukhsar