/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5723c4ee-6af4-4799-a319-46ff5af26070/2022.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ পৰা ছাত্ৰ নিৰুদ্দেশৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰামতে জামুগুৰিহাটৰ টুপিয়া গাঁও নিবাসী ধনীৰাম হেমৰমৰ পুত্ৰ দশম শ্ৰেণীৰ ছাত্ৰ সঞ্জয় হেমৰম শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে।
বিগত ৮ দিন ধৰি ১৬ বছৰীয়া সন্তানটি নিৰুদ্দেশ হৈ থকাত পৰিয়ালটো চিন্তিত হৈ পৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ছাত্ৰগৰাকীৰ পৰিয়ালৰলোকে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ ছাত্ৰজনৰ পৰিয়ালৰলোকৰ অনুৰোধ যে, কোনো সদাশয় লোকে নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ সম্ভেদ পালে 6003392199 নম্বৰত যোগাযোগ কৰে যেন।
Also Read: হিমাচল প্ৰদেশত প্ৰকৃতিৰ সংহাৰ : ভূমিস্খলনত ক্ষতিগ্ৰস্ত ৮ টা অট্টালিকা