হিমাচল প্ৰদেশত প্ৰকৃতিৰ সংহাৰ : ভূমিস্খলনত ক্ষতিগ্ৰস্ত ৮ টা অট্টালিকা

হিমাচল প্ৰদেশত প্ৰকৃতিৰ সংহাৰ : ভূমিস্খলনত ক্ষতিগ্ৰস্ত ৮ টা অট্টালিকা

ডিজিটেল ডেস্ক : বিগত কিছুদিন ধৰি হিমাচল প্ৰদেশত প্ৰকৃতিয়ে সংহাৰ ৰূপ ধাৰণ কৰিছে। পাহাৰীয়া ৰাজ্যখনত সৃষ্টি হোৱা ভূমিস্খলনে সৰ্বসাধাৰণৰ জীৱন যাত্ৰাত ব্যাঘাত জন্মাইছে।

ৰাজ্যখনৰ কোনো কোনো সৰু-বৰ চহৰত স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা। প্ৰকৃতিয়ে তাণ্ডৱ সৃষ্টি কৰা পাহাৰীয়া ৰাজ্যখনৰ কুল্লু অঞ্চলত শেহতীয়াকৈ ৮টাকৈ বাসগৃহ ভূমিস্খলনৰ ফলত নিশ্চিহ্ণ হয়।

শুকুৰবাৰে সংঘটিত ভূমিস্খলনে অঞ্চলটোৰ প্ৰায় ৮ টা অট্টালিকাৰ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰে বুলি জানিব পৰা গৈছে। জিলা প্ৰশাসনে উল্লেখ কৰা তথ্য অনুসৰি শেহতীয়া ভূমিস্খলনৰ ফলত কোনো লোকৰ প্ৰাণহানি হোৱা নাই যদিও অট্টালিকা আৰু বহুতো মূল্যৱান সা-সামগ্ৰী যথেষ্ট পৰিমাণে ক্ষতিৰ সন্মুখীন হৈছে।

উল্লেখ্য যে ভূমিস্খলনৰ পূৰ্বে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জাৰি কৰা সতৰ্কবাণীৰ বাবে বহুলোকৰ প্ৰাণ ৰক্ষা পৰে। কিয়নো ভূমিস্খলন সংঘটিত হোৱাৰ কিছুসময় পূৰ্বে অঞ্চলটোৰ অট্টালিকাসমূহত বাস কৰা আৱাসীসকলক নিৰাপদ স্থানত আশ্ৰয়ৰ ব্যৱস্থা কৰা হৈছিল।

অৱশ্যে দুৰ্যোগ প্ৰশমন বিভাগে জানিবলৈ দিয়া অনুসৰি সম্প্ৰতি বিপদমুক্ত নহয় পাহাৰীয়া ৰাজ্যখন। কিয়নো ৰাজ্যখনত যিকনো মুহূৰ্ততে অনাকাঙ্খিত ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে।

হিমাচল প্ৰদেশত প্ৰকৃতিৰ সংহাৰ : ভূমিস্খলনত ক্ষতিগ্ৰস্ত ৮ টা অট্টালিকা
বৌদ্ধ সাহিত্যৰ শিৰোমণি ড° শাসনবংশ মহাথেৰা ভান্তেলৈ গুণমুগ্ধৰ শেষ শ্ৰদ্ধাঞ্জলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in