জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ ছাত্ৰীৰ মৃত্যু

জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ ছাত্ৰীৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাসৰ ঘৰত চুৰি...

ডিজিটেল সংবাদ,ওৰাং : জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ মাজবাটৰ ১৩ বছৰীয়া ছাত্ৰীৰ মৃত্যু। দেওবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত জি এম চি এইচত চিকিৎসাধীন অৱস্থাত ছাত্ৰীগৰাকীয়ে অকাল মৃত্যুক আকোঁৱালি লয়।

Advertisment

মৃত্যু হোৱা ছাত্ৰীগৰাকীৰ ঘৰ ওদালগুৰি জিলাৰ মাজবাটত। কিশোৰীগৰাকী মাজবাটৰ এখন ব্যক্তিগতখণ্ডৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল। উল্লেখ্য যে, ৩ আগষ্টৰ পৰা প্ৰচণ্ড জ্বৰত ভুগি আছিল ছাত্ৰীগৰাকী। পিছত মাৰাত্মক জাপানীজ এনকেফেলাইটিজ ৰোগ ধৰা পৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

কেইবাদিনৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত থাকি দেওবাৰে ছাত্ৰীগৰাকীয়ে মৃত্যুক সাৱতি লয়। ইতিমধ্যে পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ মৃতদেহ মাজবাটৰ বাসগৃহ লৈ নিয়াৰ ব্যৱস্থা কৰিছে।

Also Read: চূণপোৰাত অঘটন : বিষাক্ত কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ ৬ জন

japanese encephalitis MAZBAAT