চূণপোৰাত অঘটন : বিষাক্ত কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ ৬ জন

চূণপোৰাত অঘটন : বিষাক্ত কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ ৬ জন

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাসৰ ঘৰত চুৰি...

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ চূণপোৰাত বিষাক্ত কাঠফুলা খাই গুৰুতৰভাৱে ৬ জন অসুস্থ হোৱাৰ খবৰে অঞ্চলটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই বিষক্ৰিয়াত আক্ৰান্ত হোৱা সকলৰ ভিতৰত হৈছে ক্ৰমে বগিৰাম হাজৰিকা, দিপাঙ্কৰ হাজৰিকা, দিব্যজ্যোতি হাজৰিকা, চুমি দাস, দীপালী টেৰণপি, আৰু চম্পা হাজৰিকা।

Advertisment

জানিব পৰামতে আক্ৰান্তসকলক ডবকাৰ লাইফ কেয়াৰ নাৰ্চিঙত ভৰ্তি কৰা হৈছে। ইয়াৰে দীপালী টেৰণপিৰ অৱস্থা সংকটজনক ৷ উল্লেখ্য যে দুপৰীয়া আহাৰৰ সৈতে বিষাক্ত কাঠফুলা খোৱাৰ বাবেই এই অঘটন হোৱা বুলি জানিব পৰা গৈছে ।

Also Read: চাহ গৱেষণাৰ ক্ষেত্ৰত নতুন পৰিক্ৰমা : অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিনৱ পদক্ষেপ

mushrooms