অৱশেষত ক্ষমা বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

অৱশেষত ক্ষমা বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

author-image
Asomiya Pratidin
New Update
অৱশেষত ক্ষমা বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

ডিজিটেল ডেস্ক : অৱশেষত ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে ভূপেন বৰাই। কথাত কটা যায়,কথাত বঁটা পায় লাভ জেহাদ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰি প্ৰাৰ্থনা গাই ৰাইজৰ ওচৰত নিঃস্বৰ্ত ক্ষমা বিচাৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

Advertisment

উল্লেখ্য যে, বৃহস্পতিবাৰে সভাপতি ভূপেন বৰাই ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ প্ৰেমক লাভ জেহাদৰে ব্যাখ্যা কৰিছিল। ইয়াৰোপৰি লাভ জেহাদ সন্দৰ্ভত মহাভাৰতৰ প্ৰসংগও টানি আনিছিল।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এনে উদ্ভত মন্তব্যৰ বাবে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশে উক্ত দিনাই লংকা থানা ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

ইফালে অসমৰ সকলো থানাতে তেওঁৰ বিৰুদ্ধে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশে এজাৰ দাখিল কৰাৰ কথা উল্লেখ কৰে। ভূপেন বৰাৰ এনে মন্তব্যত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ কয় কোনো লোকে সনাতনী ধৰ্মক লৈ এনেধৰণৰ মন্তব্য কৰাটো উচিত নহয়। হজৰত মহম্মদেই হওক নাইবা খ্ৰীষ্টানৰ কোনো লোককে হওক কোনো ধৰ্মকলৈ তুচ্চ-তাচ্চিল্য মন্তব্য কৰাটো ভাল কথা নহয়। কোনোৱে যদি এনে লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে তেন্তে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

এনে পৰিপ্ৰেক্ষিতত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শুকুৰবাৰে সংবাদমেলযোগে ৰাইজৰ ওচৰত তেওঁ কৰা বিতৰ্কিত মন্তব্য়ৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচােৰে। তেওঁ কয়,'মুখ্যমন্ত্ৰীলৈ মই ভয় কৰা নাই।' ককাদেউতাকে তেওঁ কৰা ভুলৰ বাবে তেওঁক ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ কৈছে।

এই সন্দৰ্ভত তেওঁ কয় 'দুটা অলাগতিয়াল কথা কোৱাৰ বাবে ককাই নামঘৰলৈ যাবলৈ কৈছে।' আনহাতে এগৰাকী সত্ৰাধিকাৰে তেওঁক নামঘৰলৈ প্ৰৱেশ কৰাত বাধা দিয়াক লৈ তেওঁ কয় 'বেছি বেয়া লাগিছে যেতিয়া এজন সত্রাধিকাৰে মোক নামঘৰলৈ যাবলৈ বন্ধ কৰিব দিছে।' সেয়ে উক্ত ভুলৰ বাবে তেওঁ ক্ষমা বিচৰা বুলি মন্তব্য কৰে।

Also Read: বিদ্যুৎ বিভাগৰ গাফিলতি : ট্ৰান্সফাৰ্মাৰত লাগি মৃত্যু এজনৰ

Assam Pradesh Congress Commitee bhupen bora