হাৰমতীত অৰুণাচলৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

হাৰমতীত অৰুণাচলৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
হাৰমতীত অৰুণাচলৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, বান্দৰদেৱা : হাৰমতীত অৰুণাচলৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ। ধেমাজিত অৰুণাচলীৰ গুলিত নিহত হোৱা দুজনকৈ অসমীয়া যুৱকৰ মৃত্যুৰ তদন্ত তথা হত্যাকাৰী অৰুণাচলী কেইজনক ধেমাজি আৰক্ষীক গটাই দিয়াৰ বাবে প্ৰতিবাদ দল-সংগঠনৰ।

Advertisment

ইয়াৰোপৰি নিহত দুগৰাকীৰ পৰিয়ালক ৫০ লাখকৈ টকা আৰু আহত সকলক ৫ লাখকৈ টকা তৎকালীনভাৱে অৰুণাচল চৰকাৰে দিবলৈ দাবী জনাই লখিমপুৰ জিলাৰ গুমটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত কেইবাটাও সংগঠনে অৰুণাচলৰ বিৰুদ্ধে অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। গোৰ্খা ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতি, কৈৱৰ্ত যুৱ ছাত্র সন্মিলন লখিমপুৰ জিলা সমিতি, আদিবাসী ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতি, অনুসুচিত জাতি যুৱ ছাত্র পৰিষদে এই অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে।

Also Read: ঘিলামৰাত কৃষি বিভাগৰ ফোঁপোলা স্বৰূপ

arunachal protest