ঘিলামৰাত কৃষি বিভাগৰ ফোঁপোলা স্বৰূপ

১২৪ বিঘা মাটি মাহৰ খেতি কৰি নাপালে ১২৪ গ্ৰাম
ঘিলামৰাত কৃষি বিভাগৰ ফোঁপোলা স্বৰূপ

ডিজিটেল সংবাদ ,ঢকুৱাখনা : চাকৰিমুখী ধ্যান ধাৰণা পৰিহাৰ কৰি সভাই সমিতিয়ে যুৱপ্ৰজন্মক একাগ্ৰতাৰে কৃষি কৰ্মত আত্মনিয়োগৰ প্ৰায়ে আহ্বান জনায় আহে কৃষি মন্ত্ৰী অতুল বৰাই । কৃষিমন্ত্ৰী গৰাকীৰ এনে আহ্বানৰ প্ৰতি সঁহাৰি জনাই কৃষি প্ৰধান ঢকুৱাখনা মহকুমাৰ কুৰি গৰাকী নিবনুৱা যুৱক হাতে কামে লাগিছিল কৰ্মসংস্কৃতিৰে স্বাৱলম্বনৰ সেন্দুৰীয়া পথেৰে আগুৱাই যোৱাৰ লক্ষ্যৰে ।

পিছে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী বৰাৰ আহ্বানত অনুপ্ৰাণিত নিবনুৱাসকলৰ সপোনত প্ৰধান হেঙাৰ হৈ থিয় দি চেঁচা পানী পেলালে স্বয়ং কৃষিমন্ত্ৰী বৰাৰ বিভাগটোৱে। কৃষি বিভাগৰ স্বৰূপ উদঙাই দিয়া এই কাণ্ড সংঘটিত হৈছে ঢকুৱাখনা মহকুমাৰ দেউলিয়া পঞ্চায়তত ।

ঘিলামৰা কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত শিক্ষিত নিবনুৱা যুৱকসকলে কৃষি কৰ্মত মনোনিবেশ কৰি গঠন কৰিছিল "ঘিলামৰা কেয়াৰ ফাৰ্মাৰ প্রদিউচাৰ অৰ্গেনাইজেচন" নামৰ এক কৃষক সংগঠন। উদ্যমী যুৱক শৈলেন দত্তক সভাপতি আৰু নগেন দত্তক সম্পাদক হিচাপে লৈ প্ৰায় ২০ জনীয়া এই কৃষক গোটটোৱে নিজৰ সংগঠনটো পঞ্জীয়ন পৰ্যন্ত কৰি আত্মনিয়োগ কৰিছিল চলিত ঋতুত আহু মাটি মাহ খেতিত ।

প্ৰায় ১২৪ বিঘা মাটিত মাহ খেতি কৰি এহাতে উৎপাদিত ফচলেৰে স্বাৱলম্বী হোৱা আৰু অন্যহাতে মাটিমাহৰ খেতিৰ জৰিয়তে অপৰিকল্পিত হাৰত ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত খেতি মাটিৰ নিম্নগামী গুণাগুণ বৃদ্ধি কৰাৰ বাবে দেখা সপোন বাস্তৱায়িত নহ'ল দুৰ্ভগীয়া কৃষকসকলৰ।

মাহ খেতিৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰি পৰৱৰ্তী সময়ত শালি ধানৰ খেতি কৰি প্ৰচুৰ লাভান্বিত হোৱাৰ সপোনত চেঁচা পানী পৰিল। দেউলিয়া পঞ্চায়তৰ  মাহতলী আৰু হিলৈদাৰীটিং অঞ্চলৰ প্ৰায় ১২৪ বিঘা বৃহৎ মাটি মাহ খেতি পথাৰত উপস্থিত হোৱাত উন্মোচিত হয় কৃষি বিভাগৰ স্বৰূপ।

সংগৃহীত তথ্য মতে কৃষক গোটটোৱে গাঁঠিৰ ধন ভাঙি ১২৪ বিঘা ভূমিত আহু মাটিমাহ খেতি কৰিবলৈ প্ৰস্তুত হৈ  কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰ আৰু এগ্ৰীকাল্চাৰ এপাৰ্ট লখিমপুৰৰ পৰা মাটি মাহৰ বীজ ক্ৰয় কৰিছিল । সেইমতে কৃষি বিভাগৰ দুই নিৰ্ভৰশীল পক্ষৰ পৰা উন্নত মানৰ বীজ ক্ৰয় কৰি যথাসময়ত বিভাগীয় পৰামৰ্শ অনুসৰি বীজ সিঁচিছিল ।

জানিব পৰা মতে, কৃষি বিজ্ঞান কেন্দ্ৰই যোগান ধৰা আই পি ইউ-০২-৪৩ প্ৰজাতিৰ সঁচ ৫০ বিঘা কৃষি ভূমিত প্ৰতি বিঘাত ৫ কিলোগ্ৰামকৈ আৰু এপাৰ্টৰ ফালৰ পৰা ৫০ বিঘা মাটিৰ  প্ৰতি বিঘা মাটিত ৩ কিলোগ্ৰামকৈ বীজ সিঁচাৰ বাবে প্ৰদান কৰা পৰামৰ্শৰ ভিত্তিত কৃষকসকলে তাকেই কৰিছিল। কিন্তু চলিত সময়ত লহপহকৈ শ্ৰীবৃদ্ধি ঘটা বৃহৎ কৃষি ভূমিৰ মাহনিত দেখা পোৱা নগ'ল মাটিমাহৰ ফচল। 

সমগ্ৰ মাটিকালিত কেৱল মাটিমাহৰ গছৰ বাহিৰে একো গুটি নালাগিল । পৰিণতিত খেতি কৰি উৎপাদিত ফচলেৰে লাভান্বিত হোৱাৰ সপোন ধূলিস্যাৎ হোৱাৰ লগতে মূলধনৰো সৰ্বনাশ ঘটা এইসকল খাটি খোৱা কৃষকৰ মাজত এতিয়া হাঁহাকাৰ লাগিছে।

কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিভাগৰ দৰে নিৰ্ভৰযোগ্য চৰকাৰী প্ৰতিষ্ঠানৰ পৰা সঁচ ক্ৰয় কৰি ১২৪ বিঘা ভূমিত ১২৪ কেজিও শস্য উৎপাদন নোহোৱাত কৃষি কৰ্মৰ প্ৰতি মোহভংগ ঘটিছে কৃষক পৰিয়ালসমূহৰ। কোনো ধৰণৰ শস্য বীমা আঁচনিৰ স্পৰ্শ নপৰা এই বিশাল কৃষি ভূমিৰ নামত বৃহৎ লোকচানৰ মুখ দেখা দুৰ্ভগীয়া কৃষকসকলে অলপতে ৰাজ্যৰ কৃষি মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী অতুল বৰাক বগীনদীত সাক্ষাৎ কৰি ক্ষতিপূৰণ আদায়ৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ।

কেৱল বীজ ক্ৰয়ৰ নামত ডেৰ লক্ষাধিক সঞ্চিত পুঁজি অংশীদাৰী সকলৰ ব্যয় হোৱাৰ পাছতো উৎপানৰ মুখ নেদেখা এনে হতাশাজনক আৰু দুৰ্ভাগ্যজনক ঘটনাৰ বাবে বীজ বিক্ৰয় সংস্থাকে অঞ্চলবাসী কৃষক ৰাইজে জগৰীয়া কৰিছে । থলুৱা নিবনুৱা কৃষক সকলৰ নিৰন্তৰ শ্ৰম আৰু ত্যাগৰ পাছতো কেৱল চৰকাৰী বিভাগ আৰু সংস্থাৰ ক্ৰুটিপূৰ্ণ পদক্ষেপৰ বাবেই এইসকল খাটি খোৱা পৰিয়াল সৰ্বশ্ৰান্ত হোৱাৰ অভিযোগ উত্থাপন কৰি চৰকাৰীভাবে যথোপযুক্ত ক্ষতিপূৰণ আৰু এককালীন অৰ্থসাহায্য প্ৰদানৰ দাবী তুলিছে বৃহত্তৰ দেউলিয়া পঞ্চায়তৰ কৃষক ৰাইজ আৰু সংগঠনে ।

তাৰোপৰি এই সন্দৰ্ভত কৃষি মন্ত্ৰী গৰাকীৰ জৰুৰী হস্তক্ষেপ কামনা কৰি নিৰপেক্ষ তদন্ত কৰাৰো দাবী জনাইছে ।

ঘিলামৰাত কৃষি বিভাগৰ ফোঁপোলা স্বৰূপ
নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যনৰে দুই ডিজাইন শিক্ষা সংস্থাৰ বুজাবুজি চুক্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in