/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3152519a-c798-475e-bdea-1c9d8d74b147/iuiui.jpg)
ডিজিটেল সংবাদ,নগাঁও : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে নগাঁও আৰক্ষী । জিলাখনত অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী।
যোৱা তিনিদিনত নগাঁও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত বিভিন্ন অপৰাধমূলক গোচৰ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই পাঁচটাকৈ দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ লগতে দুটাকৈ অবৈধ মাৰণাস্ত্ৰসহ সজীব গুলী আৰু চুৰি-ডকাইতিৰ কাৰ্যত ব্যৱহৃত লোৰে নিৰ্মিত বৃহৎ পৰিমাণৰ চোকা অস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হয় । শেহতীয়াকৈ নগাঁও আৰক্ষীৰ জালত বন্দী হোৱা এই অপৰাধী কেইটা হৈছে ক্ৰমে ওমৰ ফাৰুক,ইনামূল হক,আবুল হুছেইন,বিকি আৰু আব্দুল মান্নান ।
ইয়াৰে ওমৰ ফাৰুক,আবুল হুছেইন আৰু ইনামূল হকে ধিঙৰ প্ৰাক্তন বিধায়ক মোবাৰক আলি পাঠানৰ ঘৰত লুটপাত চলোৱাৰ বিপৰীতে বিকি আৰু আব্দুল মান্নান নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত চিডিপিঅ’ অফিচৰ চুৰি কাণ্ডৰ সৈতে জড়িত আছিল । দেওবাৰে এই বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই ।
আৰু পঢ়ক: উন্নয়নৰ নমুনা! এটুপি খোৱাপানীৰ বাবে হাহাকাৰ ৰাইজৰ...