আমেৰিকান ইণ্ডিয়া ফাউণ্ডেশ্যনৰ উদ্যোগত চৰাইদেউ জিলাত "STEM MELA"

আমেৰিকান ইণ্ডিয়া ফাউণ্ডেশ্যনৰ উদ্যোগত চৰাইদেউ জিলাত "STEM MELA"

author-image
Asomiya Pratidin
New Update
আমেৰিকান ইণ্ডিয়া ফাউণ্ডেশ্যনৰ উদ্যোগত চৰাইদেউ জিলাত "STEM MELA"

ডিজিটেল ডেস্কঃ শুকুৰবাৰে বেচৰকাৰী সংস্থা আমেৰিকান ইণ্ডিয়া ফাউণ্ডেশ্যনৰ উদ্যোগত চৰাইদেউ জিলাৰ অন্তৰ্গত চেপন উচ্চ মাধ্যমিক বিদ্যালয়ত "STEM MELA" শীৰ্ষক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এটি ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পাঠ্যক্ৰমত থকা বিষয়বস্তু সমূহক প্ৰেক্টিকেল ডিম'নছণ্ট্ৰেছন (PRACTICAL DEMONSTRATION)ৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলৰ আগত তুলি ধৰিব পৰাকৈ, সহজতে বুজিব পৰাৰ মানসেৰেই মুখ্যতঃ এই অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য "STEM"ক S-Science (বিজ্ঞান), T-Technology (প্ৰযুক্তিবিদ্যা), E-Engineering (অভিযান্ত্ৰিক) আৰু M-Mathematics (গণিত) হিচাবে বিশ্লষণ কৰিছে অনুষ্ঠানটোৱে।

Advertisment

অসমৰ শিক্ষা জগতক নতুন ৰূপত আগুৱাই নিয়াৰ মানসেৰে সংস্থাটোৱে চৰকাৰী বিদ্যালয়সমূহত একোটাকৈ স্মাৰ্টৰুম, খোৱাপানী, পুথিভঁৰালৰ বাবে কিতাপ, অনাময় ব্যৱস্থা উন্নয়ন আদিৰ ক্ষেত্ৰত কাম কৰি আহিছে। যাৰ বাবে সংস্থাটোক অলপতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।

শুকুৰবাৰৰ অনুষ্ঠানত আমেৰিকান ইণ্ডিয়া ফাউণ্ডেশ্যনৰ অসমৰ সমন্বয়ক দয়ানন্দ ফুকন উদ্দেশ্য কৰি অনুষ্ঠানটোৰ সম্পৰ্কে উপস্থিত ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক তথা অতিথিসকলৰ জ্ঞাতাৰ্থে চমু ব্যক্তব্য দাঙি ধৰে। দাঁতিকাষৰীয়া বিদ্যালয়সমূহৰ পৰাও প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত মুখ্য সমল ব্যক্তি হিচাবে উপস্থিত থাকে পদ্মশ্ৰী ড° উদ্ধৱ ভৰালী। আনহাতে আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰে অসম উচ্চ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন সচিব ড° কমল জ্যোতি গগৈয়ে। উল্লেখ্য অনুষ্ঠানত মুখ্য প্ৰশিক্ষক হিচাবে অংশগ্ৰহণ কৰে নামচাং চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিত ঘোষে। অনুষ্ঠানৰ শেষত বিষয়ববীয়া মেঘনাথ নেৱাৰে সকলোকে উদ্দেশ্যি শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰে।

Also Read: নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীক সম্বৰ্ধনা জিলা পৰিদৰ্শকৰ

education department of assam