নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীক সম্বৰ্ধনা জিলা পৰিদৰ্শকৰ

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীক সম্বৰ্ধনা জিলা পৰিদৰ্শকৰ

author-image
Asomiya Pratidin
New Update
নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীক সম্বৰ্ধনা জিলা পৰিদৰ্শকৰ

ডিজিটেল সংবাদ, নুমলীগড়ঃ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰটমেণ্টেল পৰীক্ষাত ৪০ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩৭ জন উত্তীৰ্ণ হৈ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২৩ৰ‌ ফলাফল ৯৬% হোৱাত গোলাঘাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীবৃন্দক। গোলাঘাট ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ জিলা সমন্বয়ক ৰুণা শইকীয়াই শুকুৰবাৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ শিক্ষক গোটৰ লগত আলোচনা কৰাৰ লগতে বিদ্যালয়খনত চলি থকা ৰিমেডিয়েল ক্লাছ আৰু কেৰিয়াৰ কʼচিংৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে।

Advertisment

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ "pioneers career coaching cell"ৰ উদ্যোগত চলি থকা কেৰিয়াৰ কচিং পৰিদৰ্শন কৰি গোলাঘাট জিলাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান মিচনৰ জিলা সমন্বয়ক ৰুণা শইকীয়াই সন্তোষ প্ৰকাশ কৰি কয় যে, 'বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়াৰ কৰ্মোদম আৰু সামাজিক দায়িত্ববোধ আৰু শিক্ষক -শিক্ষয়ত্ৰীসকলৰ কৰ্তব্যবোধ আৰু সামাজিক আত্মিয়তাবোধ প্ৰসংশনীয়।' তেখেতে লগতে কয় যে, কেৰিয়াৰ কচিং আৰু কাউন্সেলিং যোগেদি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় শিক্ষিত নিবনুৱাসকলৰ উত্তৰণ আৰু স্বনিয়োজন, আত্মনিৰ্ভৰশীল আৰু চাকৰি লাভৰ ক্ষেত্ৰত লাভৱান হ'ব।

নিবনুৱাসকলৰ ফালৰ পৰা সপ্তাহত এদিনৰ পৰিৱৰ্তে যিমান পাৰি সঘনাই কচিঙৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাটো এক আশাব্যঞ্জক সহাঁৰি বুলি অধ্যক্ষ মহেন শইকীয়াই মত প্ৰকাশ কৰি এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলোৰে শলাগ লয়। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান মিচনৰ জিলা সমন্বয়ক ৰুণা শইকীয়াই গৰমৰ বন্ধৰ সময়তো ছাত্ৰ-ছাত্ৰীসকলক লাভৱান কৰিবলৈ অধ্যক্ষ মহেন শইকীয়াই ব্যৱস্থা কৰা নিদান মূলক শিক্ষা, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ পাঠদানৰ ব্যৱস্থা কৰা, সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিটো অসুবিধাৰ বুজ লোৱা কাৰ্য অতুলনীয় বুলি দোহাৰি অধ্যক্ষ মহেন শইকীয়াক সম্বৰ্ধনা জনায়।

Also Read: ধূলা থানাৰ অ'চিৰ সম্পত্তি জব্দৰ নিৰ্দেশ আদালতৰ...

education department of assam