
ডিজিটেল ডেস্ক : ঋণত চলিছে চৰকাৰ । বিৰোধীয়ে এই অভিযোগেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি আহিছে । বিধানসভাত দাখিল কৰা তথ্য অনুসৰি ৩১ মাৰ্চ, ২০১৬ লৈকে অসমৰ ঋণৰ পৰিমাণ আছিল ৪১ হাজাৰ ৯৬৪ কোটি টকা । ২০২১ ৰ ৩১ মাৰ্চলৈ ৰাজ্যখনৰ ঋণৰ পৰিমাণ বৃদ্ধি হৈ ৯০,৭৬৫ কোটি টকা । ১৪ মাৰ্চ, ২০২৩ ত অসমৰ ঋণৰ পৰিমাণ হয় গৈ ১ লাখ ৩১ হাজাৰ ২৭৩ কোটি টকা ।
বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা তথ্য অনুসৰি, ২০২২ৰ ১ এপ্ৰিলৰ পৰা ২০২২ৰ নৱেম্বৰলৈ ৮ মাহত ৰাজ্য চৰকাৰে ১৯ হাজাৰ ৩৫৩ কোটি টকা ঋণ লৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঋণ যোৱা ২০ মাহত হৈছেগৈ ৩৬ হাজাৰ ৩০৯ কোটি টকা । অতি শেহতীয়াকৈ আৰু ৪ হাজাৰ ২০০ কোটি টকা ঋণ লোৱাত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ ৪০ হাজাৰ ৫০৯ কোটি টকা হৈছেগৈ ।
এতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঋণ লোৱাৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ৪৮ হাজাৰ ৮০১ কোটি টকা ঋণ লৈছিল । তৰুণ গগৈ চৰকাৰৰ দিনত সেই ঋণৰ পৰিমাণ আছিল ৪১ হাজাৰ ৯৬৪ কোটি টকা । অসমত প্ৰতিজন ব্যক্তিৰ ওপৰত জনমূৰি ঋণ এতিয়া ৩৮ হাজাৰ টকা । ৰাজ্যখনত সৰ্বমুঠ ঋণৰ বোজা আছে ১ লাখ ৩১ হাজাৰ ২৭৩ কোটি টকা ।