মেট্ৰিকত গণিত বিষয়ৰ প্ৰশ্ন কাকতো হৈছিল ফাদিল ! ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তি...

মেট্ৰিকত গণিত বিষয়ৰ প্ৰশ্ন কাকতো হৈছিল ফাদিল ! ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তি...
মেট্ৰিকত গণিত বিষয়ৰ প্ৰশ্ন কাকতো হৈছিল ফাদিল ! ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তি...

ডিজিটেল ডেস্কঃ কেৱল সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতেই ফাদিল হোৱা নাছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ক প্ৰশ্ন কাকতো পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ পূৰ্বেই লাভ কৰিছিল।

ধেমাজিৰ এজন ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তিয়ে এতিয়া অধিক অস্বস্তিৰ মাজলৈ ঠেলি দিছে ছেবা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুক। উল্লেখযোগ্য যে, এই ছাত্ৰগৰাকীয়ে ধেমাজিৰ যোৰকটাৰ এটা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

গণিত বিষয়ক পৰীক্ষাৰ দিনা নকল কৰাৰ অপৰাধত ছাত্ৰজনক বহিষ্কাৰ কৰা হৈছিল পৰীক্ষাৰ পৰা। সেই বহিষ্কৃত ছাত্ৰজনৰ স্বীকাৰোক্তি মতে তেওঁ পেৰেণ্টছ নামৰ এটা হোৱাটছএপ গ্ৰুপৰ পৰা গণিত বিষয়ক প্ৰশ্ন কাকতৰ কেইটামান প্ৰশ্ন লাভ কৰিছিল।

মুঠ ৫০ নম্বৰৰ প্ৰশ্ন আছিল তাত। সেই প্ৰশ্ন বোৰৰ ভিতৰত ৪৫ নম্বৰেই মিলিগৈছিল পৰীক্ষাত অহা প্ৰশ্ন কাকতৰ লগত। হোৱাটছএপ গ্ৰুপত পোৱা প্ৰশ্নৰ ভিত্তিতেই তেওঁ নকল লিখি লৈ গৈছিল পৰীক্ষালৈ।

বিদ্যালয়খনৰ অধ্যক্ষই তেওঁক নকল কৰাৰ অপৰাধত কৰায়ত্ত কৰাৰ সময়ত হোৱাটছএপ গ্ৰুপত প্ৰশ্নসমূহ পোৱাৰ কথা উল্লেখ কৰিছিল। লিখিত ভাৱেও সেই কথা তেওঁ জনাইছিল।

এই ছাত্ৰ জনৰ স্বীকাৰোক্তিয়ে এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিলে। সন্দেহ হয়, সকলো বিষয়ৰ প্ৰশ্ন কাকতেই ফাদিল হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

এক বৃহৎ চক্ৰই মিলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ত সহজ ধনৰ স্বাৰ্থত এই কাম কৰি আহিছে। চি আই ডিয়ে এই ছাত্ৰজনৰ বহি আৰু নকলসমূহ তদন্তৰ আওতালৈ আনিলে ছাত্ৰজনৰ স্বীকাৰোক্তিৰ সত্যতা নিৰ্ণয় হ'ব।

মেট্ৰিকত গণিত বিষয়ৰ প্ৰশ্ন কাকতো হৈছিল ফাদিল ! ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তি...
কাজিৰঙাত বনৰীয়া জন্তু নিধন কৰি পুতি থলে ঘৰৰ চৌহদত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in