/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/28c9496f-4026-469f-a375-720d245c0431/tmc.jpg)
অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতৃত্ব প্ৰশিক্ষণ শিবিৰ
ডিজিটেল ডেস্কঃ ৰাজ্যত বৰ্তমান সক্ৰিয়ভাৱে অব্যাহত আছে তৃণমূল কংগ্ৰেছৰ বিভিন্ন কাৰ্য্যসূচী। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় দলটোৰ ৰাজ্যিক পৰ্যায়ৰ নেতৃত্ব সকলৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠান।
ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সভাপতিত্ব কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পশ্চিম বংগ চৰকাৰৰ কেবিনেট মন্ত্ৰী মানস ৰঞ্জন ভূনিয়া, ৰাজ্যসভাৰ সাংসদ ক্ৰমে ডেৰেক অ'ব্ৰেইন আৰু সুস্মিতা দেৱ। আনহাতে দলটোৰ ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ তিনি গৰাকী নেতা ক্ৰমে এন. আই চৌধুৰী, শ্যামল চৰকাৰ আৰু গোপী দাস মঞ্চত উপৱিষ্ট থাকি অনুষ্ঠানৰ শোভা বৃদ্ধি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/745d8989-f3c2-4cd2-a8ad-bde82951edef/7b0b1ea6_dc9b_4dc8_b989_be64e43a88bb.jpg)
তৃণমূল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুদীপ্ত শৰ্মাৰ তৃণমূল কংগ্ৰেছ গীতেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই। অসমৰ প্ৰতিখন জিলাৰ সভাপতি, দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰা শিবিৰটোত কেন্দ্ৰীয় নেতা কেইগৰাকীয়ে তৃণমূল কংগ্ৰেছ দলৰ ইতিহাস, আৰম্ভণিৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে দলটোৰ সৈতে জড়িত আন বিভিন্ন বিষয় আলোচনা কৰি কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে। উদ্বোধনী ভাষণত দলটোৰ ৰাজ্যিক সভাপতি গৰাকীয়ে দলৰ কৰ্মীসকলক সম্বোধন কৰি কয় যে বৰ্তমান অসমৰ ৰাইজ বি জে পি দলৰ কৰ্ম কাণ্ডত অতিকৈ অতিষ্ঠ হৈ পৰিছে আৰু ইয়াৰ প্ৰত্যাহ্বান কেৱল তৃণমূল কংগ্ৰেছে জনাব পাৰিব।
অনুষ্ঠানৰ আঁত ধৰে দলটোৰ মিডিয়া প্ৰধান দিলীপ শৰ্মাই। লগতে অনুষ্ঠানত উপস্থিত থকা নেতা সকলক ৰাজ্যিক দলটোৰ তৰফৰ পৰা এখনি ফুলাম গামোচা, চেলেং চাদৰ আৰু একোটা জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
আৰু পঢ়কঃ অসমৰ ফুটবলাৰ পগলা ঘোঁৰা ! মহাশক্তিশালী ফ্ৰান্সে স্পৰ্শ কৰিছিল অসমীয়া খেলুৱৈৰ ভৰি...