অসমৰ ফুটবলাৰ পগলা ঘোঁৰা ! মহাশক্তিশালী ফ্ৰান্সে স্পৰ্শ কৰিছিল অসমীয়া খেলুৱৈৰ ভৰি...

অসমৰ ফুটবলাৰ পগলা ঘোঁৰা ! মহাশক্তিশালী ফ্ৰান্সে স্পৰ্শ কৰিছিল অসমীয়া খেলুৱৈৰ ভৰি...
অসমৰ ফুটবলাৰ পগলা ঘোঁৰা ! মহাশক্তিশালী ফ্ৰান্সে স্পৰ্শ কৰিছিল অসমীয়া খেলুৱৈৰ ভৰি...
শেষ হ'ল ফিফা বিশ্বকাপ। শেষ হোৱা নাই উত্তেজনা, উন্মাদনা। তাৰ মাজতেই চৰ্চা অসমৰো এটা ফুটবল দল হ'ব। এসময়ত মহাশক্তিশালী ফ্ৰান্সক অলিম্পিকৰ মঞ্চত পানী খোৱাবলৈ বাধ্য কৰিছিল অসমৰ ফুটবলাৰে। অসমৰ ফুটবলাৰৰ সৈতে খেলিবলৈ ভয় কৰিছিল দেশৰ ফুটবলাৰে। তেনে কিছু বিষয় লৈয়ে অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

আমাৰো এটা ফুটবল দল হ'ব ! ফুটবল বিশ্বকাপত দেশক প্ৰতিনিধিত্ব কৰিব আমাৰ অসমীয়া ডেকাই ! মেছি, ৰনাল্ডো, এম্বাপে, নেইমাৰহঁতৰ লগত একেলগে খেলিব ফুটবল ! অসমীয়া ডেকাৰ পদশিল্পীৰ ছন্দত নাচি উঠিব বিশ্বকাপৰ মঞ্চ ! আজিৰ তাৰিখত প্ৰতিজন অসমীয়াৰ এয়াই সপোন।

সৌ সিদিনা কাটাৰত বিশ্বকাপ উপভোগ কৰি অসমলৈ ঘূৰি আহি জুবিনে কৈছেই, তেওঁ এটা ফুটবল দল গঠন কৰিব। যিটো দলে বিশ্বকাপত দেশক প্ৰতিনিধিত্ব কৰিব।জুবিনৰ সেই কথা ধেমালি যদিও বিশ্বত এদিন দপদপাই উঠিছিল অসমীয়া ডেকা।

হয়, এয়াই সত্য। এসময়ত বিশ্বত চমক সৃষ্টি কৰিছিল অসমীয়া ডেকাই। এম্বাপেৰ দেশৰ দলক পানী খোৱাই থৈছে অসমীয়া ডেকাই। মহাশক্তিশালী ফ্ৰান্সে খেলৰ অন্তত স্তম্ভিত হৈ আমাৰ অসমীয়া ডেকাৰ ভৰি স্পৰ্শ কৰিছিল।

সেয়া আছিল ১৯৪৮ চনৰ কথা। দেশ স্বাধীন হোৱা এটা বছৰৰ পিছৰ কথা। সেইবাৰ অলিম্পিক অনুষ্ঠিত হৈছিল লণ্ডনত। সেইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় ফুটবল দলে অলিম্পিকত অংশ লোৱাৰ সুযোগ লাভ কৰিছিল।

ভাৰতীয় দলটোৰ নেতৃত্বত আছিল এগৰাকী অসম সন্তান। সকলো খেলুৱৈৰ মুখত উৎকণ্ঠাৰ চাপ স্পষ্ট। প্ৰতিযোগিতাখনৰ প্ৰথম মেচখনত বিপক্ষ মহাশক্তিশালী ফ্ৰান্স। মেচখনত অৱশ্যে ২-১ গ'লত পৰাস্ত হ'ল ভাৰত।

ভাৰতৰ এই পৰাজয়ৰ মূল কাৰণ আছিল মেচখনত দুটাকৈ পেনাল্টি কাৰ্যকৰী কৰাত ব্যৰ্থতা। এক ট্ৰেজিক এক্সিডেণ্ট। এই মেচখনত ভাৰত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ'লেও ভাৰতীয় দলটোৰ নেতৃত্বত থকা অসম সন্তান গৰাকীয়ে প্ৰতিপক্ষৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।

তেওঁৰ ক্ৰীড়া প্ৰতিভা দেখি হতবাক হৈ পৰিছিল বিশ্বফুটবলৰ অন্যতম শক্তিশালী ফৰাচী বাহিনী। হয়তো আপুনি জানি আচৰিত হ'ব, সেই মেচখনত খালী ভৰিৰেই খেল পথাৰত ধুমুহাৰ সৃষ্টি কৰিছিল এইগৰাকী অসম সন্তানে।

খেলৰ অন্তত ফৰাচী বাহিনীয়ে পৰম আশ্চৰ্যৰে এই মহান ফুটবলাৰগৰাকীৰ ভৰি দুখন চুই চাইছিল। কিজানি ভৰিখনত বন্ধা আছে লোহা ! হয়, এয়াই সত্য। সমগ্ৰ বিশ্বক বিমুগ্ধ কৰি তোলা এই মহান ফুটবলাৰ গৰাকী আছিল ডাঃ টালিমেৰণ আও।

তেতিয়াৰ অবিভক্ত অসম আৰু বৰ্তমানৰ নাগালেণ্ডৰ মোককচাঙত ১৯১৮ চনত জন্মগ্ৰহণ কৰিছিল এইগৰাকী মহান ফুটবলাৰে। লণ্ডন অলিম্পিকৰ সেই গৌৰৱোজ্জ্বল অভিজ্ঞতাৰে অভিজ্ঞ ফুটবলাৰজনে অলিম্পিকৰ পৰা উভতি আহোঁতে আফ্ৰিকা আৰু আমেৰিকাৰ কেইবাটাও দলৰ বিৰুদ্ধে প্ৰদৰ্শনীমূলক মেচত অংশ লৈছিল।

ইয়াৰোপৰি ১৯৪৩, ১৯৪৪, ১৯৪৫ আৰু ১৯৪৬ চনত ইউৰোপীয় একাদশৰ বিৰুদ্ধে ভাৰতীয় দলকো প্ৰতিনিধিত্ব কৰিছিল এইগৰাকী মহান ফুটবলাৰে। ১৯৫১ চনত ভাৰতীয় দলৰ অধিনায়ক হিচাবে চিংগাপুৰ, মালয়েছিয়া আদি দেশ ভ্ৰমন কৰিছিল।

১৯৫০ চনত এম বি বি এছ পৰীক্ষাত উত্তীৰ্ণ হোৱা টি আও হ’ল নাগালেণ্ডৰ প্ৰথমজন চিকিৎসক। ফুটবল পথাৰৰ পৰা অৱসৰ গ্ৰহণ কৰি পিছত তেওঁ কোহিমা চিকিৎসালয়ৰ এছিছষ্টেণ্ট ছাৰ্জন হিচাবে দায়িত্ব পালন কৰিছিল। নাগালেণ্ড ফুটবল ক্ষেত্ৰখনলৈ প্ৰভূত অৰিহণা আগবঢ়োৱা টি আও ভাৰতীয় ফুটবলৰ ইতিহাসৰ এটা নক্ষত্ৰ।

অসমৰ ফুটবলৰ এই শক্তিশালী ধাৰা সৌ সিদিনালৈ অব্যাহত আছিল। অসমৰ ফুটবল খেলুৱৈৰ সৈতে খেলিবলৈ ভয় কৰিছিল দেশৰ আন প্ৰান্তৰ খেলুৱৈয়ে। অসমৰ বাহিৰৰ খেলুৱৈৰ বাবে অসম আছিল কেৱল জংঘলৰে ভৰা এখন অসভ্য ৰাজ্য।

তেওঁলোকৰ মতে, অসমত মানুহে বাস নকৰে, ইয়াত কিছুমান বান্দৰসদৃশ আদি মানৱহে বাস কৰে। অসমৰ প্ৰতি এয়াই আছিল বহিঃৰাজ্যৰ লোকসকলৰ ধাৰণা। এই বহিঃৰাজ্যৰ ফুটবলাৰসকলৰ ভাষাত অসম পুলিচ ফুটবল দলৰ খেলুৱৈসকলো আছিল একো একোটা পগলা ঘোঁৰা।

অসমৰ খেলুৱৈসকলে আধুনিক ফুটবল খেলিব নাজানে বুলিয়ে তেওঁলোকে বিশ্বাস কৰিছিল। তেওঁলোকে ভাবিছিল অসমৰ কোনো ফুটবলাৰে ভাল আৰু আধুনিক ফুটবল খেলিব নাজানে, জানে মাত্ৰ কেৱল দৌৰা দৌৰি কৰিবলৈহে।

এসময়ত অসম, অসমৰ মানুহ, ফুটবলাৰৰ প্ৰতি দেশৰ বহিঃৰাজ্যৰ খেলুৱৈ আৰু অন্যান্য মানুহবোৰৰ কেনে ধাৰণা আছিল সেই কথা অসমৰ ফুটবল জগতৰ এসময়ৰ স্বনামধন্য ফুটবলাৰ টছেন বৰাৰ এই কথাবোৰৰ পৰাই জানিব পাৰি।

টছেন বৰাই তেওঁৰ আত্মজীৱনীত এই বিষয়ে লিখিছে এইদৰে,- "যদিও মই ১৯৫৬ চনত ছোভিয়েট দেশৰ ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে অসম দলৰ হৈ খেলিবলৈ নিৰ্বাচিত হৈছিলো (অৱশ্যে প্ৰদৰ্শনীমূলক খেলৰ বাবে গুৱাহাটাত)বিভিন্ন কাৰণত অসমৰ সন্তোষ ট্ৰফীৰ দলত স্থান পাইয়ো মই অংশ গ্ৰহণ কৰিব পৰা নাছিলো।

সেয়ে মোৰ অসম দলত (ছিনিয়ৰ)খেলাৰ সপোন পূৰণ হল ১৯৬৯ চনৰ সন্তোষ ট্ৰফী প্ৰতিযোগিতা, যি বছৰ এই প্ৰতিযোগিতা নগাঁৱত অনুষ্ঠিত হৈছিল । সেইবাৰ অসম দলৰ অধিনায়ক আছিল বসন্ত কাবুই আৰু সহঃ অধিনায়ক আছিল অসম পুলিচৰ কমলা নাথ।

অৱশ্যে অসম দলত খেলিবলৈ নোপোৱাৰ অন্য এক কাৰণ আন্তঃ বিশ্ববিদ্যালয় প্ৰতিযোগিতা। কিয়নো তেতিয়া ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিভাগে মোক আন্তঃবিশ্ববিদ্যালয় প্ৰতিযোগিতাৰ বাবে নিৰ্দিষ্ট কৰি ৰাখিছিল।

যি কি নহওক ১৯৬৯চনৰ সন্তোষ ট্ৰফীয়ে মোৰ বাবে ভাগ্যৰ দুৱাৰ খুলি দিলে। নিজে উপলব্ধি কৰাৰ আগতেই মোৰ সপোনক বাস্তৱ ৰূপ দিয়াত এক সৱল পদক্ষেপৰ আগজাননী পালো।

যদিও মোৰ এবাৰ দুবাৰকৈ কেইবাবাৰো ভাৰতীয় দলৰ বাছনিৰ বাবে আমন্ত্ৰণ পোৱাৰ সৌভাগ্য হৈছিল, প্ৰতিবাৰে মই বাছনি শিবিৰত অংশ লওঁ আৰু শিকাৰ অৱকাশ পাওঁ, শিকিবলৈ সুবিধা পাও, যাৰ ফলত মোৰ আত্মবিশ্বাস বঢ়িব ধৰিলে। দ্বিতীয়তে বিভিন্ন ৰাজ্যৰ খেলুৱৈসকলৰ সৈতে আত্মীয়তা গাঢ় হোৱাৰ সুযোগ গ্ৰহণ কৰি নিজৰ এক সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰাৰ সুযোগ পাওঁ।

তৃতীয়তে বাছনি কমিটী তথা ভাৰতীয় ফুটবল সন্থাৰ অন্যান্য বিষয়ববীয়াসকলৰ সতে মত বিনিময় কৰি নিজৰ প্ৰতিচ্ছবি উজ্বল কৰি আকৰ্ষণ বৃদ্ধি কৰাৰ চেষ্টা কৰিছিলো। এইখিনিতে এটা কথা স্বীকাৰ কৰিবই লাগিব যে অসমৰ মানুহৰ প্ৰতি বা অসমৰ খেলুৱৈসকলৰ প্ৰতি ভাৰতৰ আন আন ৰাজ্যৰ খেলুৱৈসকলৰ মনোভাৱ একেবাৰে নেতিবাচক আছিল।

তেওঁলোকৰ বাবে আমি মানুহ বা খেলুৱৈৰ শাৰীতে নপৰিছিলো। তাচ্ছিল্য কৰা, অপমানসূচক মন্তব্য কৰাটো আন ৰাজ্যৰ খেলুৱৈসকলৰ হয়তো এক এৰাব নোৱাৰা কুস্বভাৱ আছিল। অসম মানে জংঘলৰে ভৰা এখন অসভ্য ৰাজ্য, যত বান্দৰসদৃশ আদি মানবেহে বাস কৰে। তেনে ঠাইৰ পৰা উন্নত জাতৰ ফুটবল খেলুৱৈৰ জন্ম কল্পনাতীত কথা।

অসমৰ খেলুৱৈসকলে আধুনিক ফুটবল খেলিব নাজানে বুলিয়ে তেওঁলোকৰ বিশ্বাস। অসম পুলিচ ফুটবল দলৰ খেলুৱৈসকলক একো একোজন পগলা ঘোঁৰা বুলিহে আখ্যা দিছিল। তেওঁলোকৰ কোনেও ভাল আৰু আধুনিক ফুটবল খেলিব নাজানে, জানে মাত্ৰ কেৱল দৌৰা দৌৰি কৰিবলৈহে।

এনে ধৰণৰ কথা বাৰ্তাই মোৰ অন্তৰত অতি ক্ষিপপ্ৰতাৰে ক্ৰীড়়া কৰে আৰু তোওঁলোকক যোগ্য প্ৰত্যুতৰ দিবলৈ সাহস গোটাও কিন্তু কোনোদিনেই প্ৰকাশ কৰিব নোৱাৰো। মনটো গুজৰি গুমৰি উঠে।"

যিখন ৰাজ্যৰ পৰা টালিমেৰন আওৰ দৰে ফুটবলৰাৰ জন্ম হৈছিল সেইখন ৰাজ্যৰ ফুটবলৰ প্ৰতি এই ধাৰণা আছিল ৰাজ্যৰ বাহিৰৰ ফুটবল খেলুৱৈৰ। এই নেতিবাচক কথা-বতৰাবোৰৰ সময়ত পৰিবৰ্তন হ'ল।

টছেন বৰাৰ দৰে ফুটবলাৰে জাতীয় দলৰ হৈ ফুটবল খেলি সেই ধাৰণাৰ সলনি কৰিলে। দেশৰ আন প্ৰান্তৰ খেলুৱৈৰ দৰেই টছেন বৰা আৰু আন আন অসমীয়া ডেকাই আধুনিক ফুটবল সমানেই খেলিবলৈ আৰম্ভ কৰিলে। কিন্তু আজিও দ্বিতীয় এজন টালিমেৰন আওৰ জন্ম নহ'ল।

ইয়াণ্ডাবু সন্ধিৰ পিছতেই অসমলৈ ইংৰাজসকলে লৈ আহিছিল ফুটবল। ৰবাব টেঙাৰে ফুটবলৰ আনন্দ উপভোগ কৰে অসমীয়াই। ইণ্টাৰেনট সুলভ হোৱাৰ সময়ৰ আগলৈ, মোবাইল, কম্পিউটাৰ গেমৰ পয়োভৰ হোৱাৰ আগলৈ অসমৰ শিশুৱে কাপোৰেৰে ফুটবল তৈয়াৰ কৰি খেলপথাৰত দৌৰিছিল। সেই দিন এতিয়া নাই।

একেদৰে এতিয়া নাই, গুৱাহাটীৰ লগতে দেশৰ খেলপথাৰত গিজগিজাই থকা মহাৰাণা, গুৱাহাটী টাউন ক্লাব আদিৰ পয়োভৰ। নাই ন্তোষ ট্ৰফী, বৰদলৈ ট্ৰফী আদিৰ দৰে ঐতিহাসিক ফুটবল প্ৰতিযোগিতাৰ উন্মাদনা।

তথাপিও ফুটবল বিশ্বকাপৰ উত্তেজনাই আকৌ এবাৰ ফুটবলৰ বলিয়া অসমীয়াক কথাবোৰ ভবাই তুলিছে। টালিমেৰন আওৰ দৰে ফুটবলাৰ জন্মদিয়া ৰাজ্যখনৰ আজিৰ ফুটবলৰ এই দুৰৱস্থাই শীঘ্ৰেই যে অসমলৈ ফুটবলৰ ভাল দিন কঢ়িয়াই নানে সেই কথা নিশ্চিত।

অৱশ্যে সঠিক পৰিকল্পনা আৰু এখন ৰোডমেপ তৈয়াৰ কৰি ল'লে ভাৰতীয় ফুটবলত যে অসমীয়াৰ আধিপত্য চলিব সেয়াও নিশ্চিত। কাৰণ অসমীয়াই বাৰিষা পথাৰত হাল বাই আহি আবেলি খেলপথাৰত ফুটবল খেলে।

বাগিচাত পুৱাই কাম কৰি আবেলি প্ৰতিযোগিতাত নামে। নাই আন্তঃগাঁথনি, নাই উন্নত প্ৰশিক্ষণ। তাৰ পিছতো অসমৰ গাঁৱে ভূঞে, বাগিচাই, খেলপথাৰে আন নেদেখিলেও ফুটবল দেখে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in