/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/09e5bf88-9a52-4a03-922f-ded4d8b19871/zubben_13.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গক নালাগে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা। আজি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে আনুষ্ঠানিক ভাৱে প্ৰদান কৰা অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই কথা প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে নিজেই।
কাঞ্চনজংঘা চিনেমাখনৰ বাবে জুবিন গাৰ্গক এইবাৰ প্ৰদান কৰা হৈছে ৰুদ্ৰ বৰুৱা বঁটা। এই বঁটা গ্ৰহণ কৰি জুবিন গাৰ্গে কয়, শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা আজিকালি মই নলও। নতুন কণ্ঠশিল্পীক এই বঁটা দিলে মই ভাল পাওঁ।
ইয়াৰোপৰি শিল্পীগৰাকীয়ে ক'লে, নতুন কণ্ঠশিল্পীক বঁটা প্ৰদান কৰিলেহে তেওঁ ভাল পায়। তেওঁৰ অনুভৱ, ৩৫ হাজাৰ গান গোৱাৰ পিছত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লৈ একো লাভ নাই। বঁটাৰ লগত প্ৰদান কৰা ধনৰাশী তেওঁ কলাগুৰুলৈ আগবঢ়াব বুলিও উল্লেখ কৰে।
Also Read: ডিম্বেশ্বৰক কেনাৰাম সজাই এনকাউণ্টাৰ কৰা অসম আৰক্ষীয়ে এইবাৰ যোৰহাটত পাপুক সজালে জিতেন