থুলংগাপুৰীত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বডোফাৰ জন্মদিন পালন

শোভাযাত্ৰাত শতাধিক স্কুলীয়া ছাত্ৰ - ছাত্ৰীয়ে অংশগ্ৰহণ কৰে
থুলংগাপুৰীত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত  বডোফাৰ জন্মদিন পালন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আজি ৬৭ সংখ্যক জন্ম দিৱস ৷ বডোফাৰ জন্মদিনটোক আজি ৰাজ্যজুৰি ছাত্ৰ দিবস হিচাপে উদযাপন কৰা হয় ৷ এই উপলক্ষে কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলংগাপুৰীত আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বডোফাৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হয় ৷

পুৱা পতাকা উত্তোলনৰে ছাত্ৰ দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই ৷ ইয়াৰ পিছতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত প্ৰথমে পুষ্পাঞ্জলি অৰ্পণ কৰে বডোফাৰ পৰিয়াল বৰ্গই ৷

ইয়াৰপাছতে পুষ্পাঞ্জলি অৰ্পণ কৰে অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা অৰণ্য মানৱ যাদব পায়েং, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দ্বীপেন ব্ৰহ্মসহ কাৰ্যসূচীত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে। অনুষ্ঠানত শান্তিৰ বাবে কপৌ চৰাই আৰু আকাশত ৰঙ-বিৰঙৰ বেলুন উৰুওৱাৰ লগতে বডোফাৰ সমাধিক্ষেত্ৰ থুলুংগাপুৰীৰ পৰা এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয় ৷

শোভাযাত্ৰাত শতাধিক স্কুলীয়া ছাত্ৰ - ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ ইপিনে বডোফাৰ জন্মদিনক ছাত্ৰ দিৱস হিচাপে স্বীকৃতি দিয়াত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োই কয় যে অনাগত দিনত বডোফাৰ আধাৰুৱা সপোনক আগবঢ়াই নি জাতি, সমাজ , শিক্ষা, অৰ্থনীতি আদি আগুৱাই লৈ যাবলৈ এবছু সংকল্পবদ্ধ ।

আনহাতে দোতমাৰ থুলুংগাপুৰীত আয়োজিত হোৱা ছাত্ৰ দিৱসত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অৰণ্য মানৱ যাদৱ পায়েঙে সংবাদমাধ্যমৰ আগত বনধ্বংসকাৰীক এনকাউণ্টাৰৰ পোষকতা কৰে। গছ ধ্বংস কৰা ,পৃথিৱী ধ্বংস কৰা মানুহটো দেশদ্ৰোহী হয় নে নহয় বুলি প্ৰশ্ন উত্থাপন কৰি যাদৱ পায়েঙে কয় যে কলে যেতিয়া নামানে , শ্বুট কৰি দিব লাগে ।

ভাৰতৰ ক'তো নথকা আইন অসমত আছে , আপোনালোকে জানেনে নাই নাজানো গতিকে প্ৰশাসন আছে , দল -সংগঠন আছে , মিডিয়া আছে , সকলোৱে মিলি উচিত ব্যৱস্থা ল'ব লাগে বুলি মন্তব্য কৰি যাদৱ পায়েঙে গছ বিনিময় প্ৰথা আৰম্ভ কৰাৰ পোষকতা কৰে ।

উল্লেখ্য যে , কোকৰাঝাৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বডোফাৰ জন্মদিনটোক ৰাজ্যিক ছাত্ৰ দিৱস হিচাপে উদযাপন কৰাৰ স্বীকৃতি দিয়া হৈছিল ৷ ইপিনে বডোফাৰ জন্মদিন তথা ছাত্ৰ দিৱসৰ সতে সংগতি ৰাখি দোতমাৰ থুলুংগাপুৰীত এক মুকলি সভাৰ আয়োজন কৰা হয় ৷

দ্বীপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অনুষ্ঠানৰ মুখ্য অতিথি অৰণ্য মানৱ যাদৱ পায়েং, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ বসুমতাৰী , এন আৰ এলৰ উপ সঞ্চালক সুদীপ প্ৰধান, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক সুবুং বসুমতাৰী, বিটিআৰ সচিব প্ৰধান অনুৰাগ গোৱেল, বড়ো হাৰিমু আফাত, নেডান ফাউণ্ডেচনৰ সঞ্চালক ডিগম্বৰ নাৰ্জাৰী, এবৌফ আৰু বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ লগতে এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী সহ ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় - জিলা নেৰ্তৃবৰ্গ উপস্থিত থাকে ।

থুলংগাপুৰীত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত  বডোফাৰ জন্মদিন পালন
কাজলগাঁৱত সদৌ বি টি চি ঠিকাভিত্তিক শিক্ষক সন্থাৰ সংবাদ মেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in