কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসম বিধানসভাৰ শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটিৰ দল

কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসম বিধানসভাৰ শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটিৰ দল। বড়োলেণ্ড বিশ্ববিদ্যালয়তে বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ ৰাজনৈতিক বিস্ফোৰণ ।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসম বিধানসভাৰ শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটিৰ দল

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসম বিধানসভাৰ শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটিৰ দল। বড়োলেণ্ড বিশ্ববিদ্যালয়তে বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ ৰাজনৈতিক বিস্ফোৰণ ।

Advertisment

Departmental Related Standing Committee in Education (DRSCE)ৰ নেতৃত্বত বিধায়ক পৰমানন্দ ৰাজবংশী । পৰমানন্দ ৰাজবংশীৰ সতে ৰবিৰাম নাৰ্জাৰীসহ আন পাঁচ বিধায়ক থাকে দলটোত ।

কমিটিখনে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যাৰ বুজ লয় । আন্ত:গাঁথনি উন্নয়নকে ধৰি বিভিন্ন শৈক্ষিক সমস্যাৰ বিষয়ে বুজ লয় কমিটিখনে ।

বিগত কিছুদিনৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত চুড়ান্ত বেমেজালিৰ সৃষ্ট হৈছে ।পৰীক্ষাৰ ফলাফলকে ধৰি আন শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়সমুহতো বেমেজালিৰ সৃষ্টি হৈ আহিছে ।

কমিটিয়ে সকলো দিশ চালি-জাৰি চাই প্ৰতিবেদনত দাখিল কৰিব অসম বিধানসভাত । পৰবৰ্তী সময়ত বিধানসভাই গ্ৰহণ কৰিব ব্যৱস্থা ।

উক্ত কমিটিৰ সদস্য তথা কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ ৰাজনৈতিক মন্তব্য প্ৰদান কৰে। বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰাংগনত ৰাজনৈতিক মন্তব্য বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ ।

বিটিআৰৰ ৰাইজে নৱ কুমাৰ শৰণীয়াক পুনৰবাৰ সাংসদ হিচাপে নিবিচাৰে বুলি কয়। লগতে কয় যে হাগ্ৰামা মহিলাৰীয়ে বিজেপি আৰু আৰ এছ এছৰ নেতাক লগ কৰাটো বেয়া কথা নহয় । বিপিএফ দলে কেতিয়াও বিজেপিৰ লগত চামিল নহয় ।

অহা লোকসভা নিৰ্বাচনত বিপিএফ দলে কাৰ সতে মিত্ৰতা কৰিব সেয়া ঠিৰাং কৰা হোৱা নাই বুলিও কয় নাৰ্জাৰীয়ে । লগতে কয় যে অহা লোকসভা নিৰ্বাচনত বিপিএফ দলে প্ৰাৰ্থীত্ব দিয়াটো খাটাং ।

আৰু পঢ়ক: মৰাণৰ নবোদয় বিদ্যালয়ত গৰ্ভৱতী শিক্ষয়িত্রীক দলবদ্ধ আক্ৰমণ ছাত্ৰৰ...

assam kokrajhar