/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d277a2e3-ad9d-44d1-9f15-634f2a75416e/kuji_satra.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : হৰিনামৰ ধ্বনি আৰু মহাভাগৱত পাঠৰ অমিয়া সুৰেৰে মুখৰিত নগাঁও -মৰিগাঁও জিলাৰ সীমামূৰীয়া ঐতিহাসিক শ্ৰীশ্ৰী ন-ৰোৱা কুজি সত্ৰ ৷ সত্ৰখনি ৩৭৩ সংখ্যক গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয়দিনা পুৱা ধৰ্মধ্বজা উত্তোলন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই ৷
ধৰ্মধ্বজা উত্তোলন কৰি উপায়ুক্ত গৰাকীয়ে কয় যে ভাগৱত হৈছে কৰ্তব্য, আধ্যাত্মিকতা, বাস্তৱৰ স্বৰূপ ৷ মূলতে এই গ্ৰন্থখনে ব্যক্তিক ঈশ্বৰ ওচৰ চপাই নিয়ে। আধ্যাত্মিকতাৰে জীৱন যাপন কৰিবলৈ উৎসাহিত কৰে।
ইয়াৰ পাচতে ভক্তি প্ৰদীপ প্ৰজ্বলন কৰে বটদ্ৰৱাৰ শ্ৰীশ্ৰী নৰোৱা সত্ৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে ৷ শ্ৰীশ্ৰী নৰোৱা কুজিসত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দদেৱ গোস্বামীয়ে উপায়ুক্ত প্ৰমুখ্যে অভ্যাগত অতিথিসকলক আদৰণি জনায় ৷
উদ্যাপন সমিতিৰ সম্পাদক সত্যব্ৰত দেৱগোস্বামীয়ে আৰু কাৰ্যকৰী সভাপতি জিতুল কলিতাই আঁত ধৰি আগবঢ়াই নিয়া অনুষ্ঠানটিত উদ্যাপন সমিতিৰ সভাপতি সুৰেন শইকীয়া মুক্তিয়াৰ , গুনাৰাম হাজৰিকা আতৈ , কুঞ্জৰাম ভৰালী বৰুৱা , তৰুণ হাজৰিকা , বদন কলিতা, সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাজু বৰুৱা, দিপাংকগিৰি দেৱ গোস্বামী, যুগল কিশোৰ বৰুৱা , ভাস্কৰ বৰুৱা, ঋষিৰাজ শইকীয়া, ৰঞ্জন কুমাৰ গোস্বামী, পংকজগিৰি গোস্বামীকে ধৰি সত্ৰ ভকত বৈষ্ণৱসকল উপস্থিত থাকে । ১১ বজাত কুজিসত্ৰৰ তৰফৰ পৰা মাজুলীৰ নতুন চামগুৰি সত্ৰৰ “অসম গৌৰৱ” দয়াল গোস্বামী আৰু মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক গৰ্গমোহন দাসক সম্বৰ্ধনা জনোৱা হয় ৷
দুপৰীয়াৰ পৰা নগাঁও , মৰিগাঁও, হোজাই জিলাৰ পৰা অহা বহু সংখ্যক পাঠকে ভাগৱত পাঠেৰে সত্ৰ প্ৰাঙ্গন মুখৰিত কৰি তোলে। কাইলৈ আৰু পৰহিলৈ অবিৰত ভাগৱত পাঠ অহোৰাত্ৰি চলি থাকিব ৷ ২২ এপ্ৰিলত ভাগৱত শোভাযাত্ৰা মুকলি কৰিব মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে ৷ ২৩ এপ্ৰিলত এই পাঁচদিনীয়া প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a06b7126-8f8e-4633-a521-0a5a82ff5274/8d9561cb_62f3_423a_a9e2_224f2f805901.jpg)
Also Read: ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলঙৰ খুটাৰ ছাউনীত ডকাইতি : এজনক গ্ৰেপ্তাৰ