ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলঙৰ খুটাৰ ছাউনীত ডকাইতি : এজনক গ্ৰেপ্তাৰ

বুধবাৰে ধুবুৰী জিলা আদালতত হাজিৰ কৰায়। আদালতে ডকাইতজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰে

author-image
Asomiya Pratidin
New Update
ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলঙৰ খুটাৰ ছাউনীত ডকাইতি : এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণ হৈ থকা ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলঙৰ ১০০ নম্বৰ খুটাৰ ছাউনীত সংঘটিত হোৱা ডকাইতিৰ ঘটনাৰ লগত জড়িত এজন ডকাইতক আৰক্ষীয়ে মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰে জনোৱা মতে ১৭ এপ্ৰিলৰ পুৱতি নিশা প্ৰায় ৩ বজাত ১৫-২০ জনীয়া ডকাইতৰ দল এটা নাৱেৰে ব্ৰহ্মপুত্ৰৰে ১০০ নম্বৰ খুটাৰ কাষতে থকা ছাউনীত উপস্থিত হয়।

Advertisment

ইয়াৰ পাছতে তাত থকা আমিৰুল হক আৰু ছাহজাহান নামৰ দুই ছিকিউৰিটি গাৰ্ডক প্ৰহাৰ কৰি ছাউনীখনত থকা দুটা কম্পিউটাৰ ছেট, দুটা বেটাৰী, সৌৰ চালিত সামগ্ৰী তথা বিভিন্ন সামগ্ৰীৰ লগতে চিচি টিভি লুটি লৈ যায়।

এই ঘটনাক লৈ তাত কৰ্মৰত এল এণ্ড টি কোম্পানীয়ে ফকিৰগঞ্জ থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই যোৱা নিশা ফকিৰগঞ্জ থানা এলেকাৰ আইৰমাৰী চৰত অভিযান চলায়।

অভিযানত চৰৰ পৰা আব্দুল হাইৰ পুত্ৰ ছাহজাহান আলী (২৫) নামৰ ডকাইতটোক কৰায়ত্ব কৰে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৪৮/১৪৯/৩০৭/৩৯৫/৩৪ ধাৰাৰ অধীনত ফকিৰগঞ্জ থানাত ৮০/২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰে।

উক্ত গোচৰৰ ভিত্তিত ছাহজাহান আলীক গ্ৰেপ্তাৰ কৰি বুধবাৰে ধুবুৰী জিলা আদালতত হাজিৰ কৰায়। আদালতে ডকাইতজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ডকাইতজনৰ ঘৰৰ পৰা এটা ছোলাৰ জব্দ কৰে।

ইতিমধ্যে ডকাইতজনে আৰক্ষীৰ ওচৰত ডকাইতিৰ ঘটনা সন্দৰ্ভত দোষ স্বীকাৰ কৰাৰ লগতে এই ডকাইতি কাণ্ডৰ লগত কোন কোন জৰিত হৈ আছে সকলোৰে তথ্য আৰক্ষীৰ হাতত দাঙি ধৰা বুলি ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়ে।

Also Read: ধৰ্ষণকাৰীক আটক নকৰাৰ বাবে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

police crime