নিতাল পৰিল শংকৰ সংঘৰ অধিবেশনস্থলীঃ চকুলোৰে বিদায় ল'লে প্ৰতিনিধিসকলে...

অধিৱেশনস্থলীত এতিয়া কেৱল নীৰৱতা
নিতাল পৰিল শংকৰ সংঘৰ অধিবেশনস্থলীঃ চকুলোৰে বিদায় ল'লে প্ৰতিনিধিসকলে...
নিতাল পৰিল শংকৰ সংঘৰ অধিবেশনস্থলীঃ চকুলোৰে বিদায় ল'লে প্ৰতিনিধিসকলে...

ডিজিটেল সংবাদ ৰঙিয়াঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ অন্ত পৰিল। প্ৰায় ছয় মাহ আগৰ পৰা চলি থকা অধিৱেশনৰ প্ৰস্তুতি আৰু বিগত তিনিদিনৰ সীমাহীন ব‍্যস্ততাৰ অন্ত পৰিল।

লাখ লাখ ভক্তই গিজগিজাই থকা ৰঙিয়াৰ হাতীখলা পথাৰত এতিয়া বিৰাজ কৰিছে নীৰৱতা। ৯,১০ আৰু ১১ ফেব্ৰুৱাৰীৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙিয়াৰ মৰণজানাৰ সমীপৰ হাতীখলা পথাৰত অনুষ্ঠিত হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন।

অধিৱেশনস্থলীত অস্থায়ী নামঘৰ প্ৰতিষ্ঠা কৰি স্থাপন কৰা হৈছিল গুৰু জনাৰ আসন। বিভিন্ন জিলাৰ পৰা অহা সংঘৰ সদস্যসকলে নিশা অধিৱেশনস্থলীয়ে স্থাপন কৰা শিবিৰত পাৰ কৰি তিনিওটা দিনতে হৰি নামত মত্ত হৈছিল। দূৰ দূৰণিৰ পৰা অহা এই ভক্তসকলে বিদায়ৰ ক্ষণত কান্দোনত ভাগি পৰে ৷

অধিৱেশন সাফল্য কৰি তুলিবলৈ গঠন কৰা ৩৫ খনকৈ শক্তিশালী উপ-সমিতিৰ লগতে দিনে নিশাই অধিৱেশনৰ প্ৰতিটো দিশ চোৱাচিতা কৰা, পৰিচালনা কৰা পৰা আৰম্ভ কৰি প্ৰতিটো দায়িত্ব কান্ধ পাতি লোৱা সেৱা বাহিনীৰ সেৱক-সেৱিকাসকলৰো বিদায় ক্ষণত চকুত চকুলো পৰিলক্ষিত হ'ল।

ইফালে অধিবেশনস্থলীত ভোজনালয়ত ৩০০টা চৌকাত কেইবা শতাধিকৰ ৰান্ধীৰ উপৰিও প্ৰায় ২০০০ গৰাকী বিতৰণ কৰ্মীও পৰিয়ালৰ দৰে থকাৰ কথা কোৱাৰ লগতে এনে অভিজ্ঞতা জীৱনত কেতিয়াও পাহৰিব নোৱাৰে বুলি বিদায় ক্ষণত উল্লেখ কৰিছে। একেই অৱস্থা একেলগে ১০ হেজাৰ ভকত তথা আই-মাতৃয়ে একেলগে অন্ন গ্ৰহণ কৰিব পৰাকৈ ভোজনালয় নিৰ্মাণ কৰা সেৱকসকলৰ চকুত চকুলো।

অধিৱেশ অন্ত পৰাৰ পাছত আজি হাতীখলা পথাৰত বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা আই-মাতৃ, বাপ-ভকত বৈষ্ণৱসকল নিজ নিজ গাড়ীৰে নিজৰ জিলাসমূহৰ দিশে ৰাওনা হয়। ইপিনে এইবাৰ অধিৱেশনৰ দিন কেইটাত শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত পকেট মাৰৰ প্ৰৱেশ ঘটাত একাধিক ভকত তথা সেৱকৰ বিভিন্ন সামগ্ৰী যেনে মোবাইল, নগদ ১৫ হাজাৰতকৈ অধিক টকা,হাত ঘড়ী, কেইবাটাও মানি বেগ লুটি লৈ যায়।

তদুপৰি অধিবেশন চাবলৈ অহা কেইবাগৰাকীও মহিলাৰ ডিঙিৰ পৰা মূল্যবান সোণৰ চেইন চুৰি কৰে বুলি অধিবেশনৰ তথ্য কেন্দ্ৰৰ পৰা সভাপতি কুমুদ দাসে জনাইছে। এইক্ষেত্ৰত ৰঙিয়া আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰা বুলিও অভিযোগ উত্থাপিত হৈছে।

মুঠৰ ওপৰত লোকে লোকাৰণ্য হৈ জনসমুদ্ৰত পৰিণত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰৰ পৰা সংঘৰ বাপ-ভকত, আই-মাতৃ সকলে বিদায় লোৱাত এতিয়া নিতালে শুই আছে হাতীখলাৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ।

নিতাল পৰিল শংকৰ সংঘৰ অধিবেশনস্থলীঃ চকুলোৰে বিদায় ল'লে প্ৰতিনিধিসকলে...
নগাঁৱৰ কল্লোল ভৱনত 'পথিকৃৎ সংগীতজ্ঞ সুশীল বেনাৰ্জী' গ্ৰন্থ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in