নগাঁৱৰ কল্লোল ভৱনত 'পথিকৃৎ সংগীতজ্ঞ সুশীল বেনাৰ্জী' গ্ৰন্থ উন্মোচন...

সাহিত্য সমালোচক, প্ৰবীণ সাংবাদিক, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° জ্যোতিৰ্ময় জানাই উন্মোচন কৰে গ্ৰন্থখন

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ কল্লোল ভৱনত 'পথিকৃৎ সংগীতজ্ঞ সুশীল বেনাৰ্জী' গ্ৰন্থ উন্মোচন...

নগাঁৱৰ কল্লোল ভৱনত 'পথিকৃৎ সংগীতজ্ঞ সুশীল বেনাৰ্জী' গ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ নগাঁও: 'অসমৰ শাস্ত্রীয় সংগীতৰ ক্ষেত্ৰখনত সুশীল বেনাৰ্জীৰ অৱদান অনস্বীকার্য। সংগীতৰ এই ক্ষেত্ৰখনত বিশেষ সুনাম থকা এইগৰাকী খ্যাতিমান সংগীতজ্ঞৰ নিৰলস সাধনাই নগাঁও চহৰখনক অসমৰে এখন লেখত ল'বলগীয়া ঠাইত পৰিণত কৰিলে । ১৯০৪ চনত ঢাকাৰ বিক্ৰমপুৰৰ ষোলঘৰ গাঁৱত জন্মগ্রহণ কৰা সংগীতসাধক গৰাকীয়ে পূর্ববংগৰ ওস্তাদ খলিফা বাদল খাঁ নামৰ লোকজনৰ ওচৰত সৰ্বশ্রী এছ.ডি.বৰ্মন আৰু তাৰাপদ চক্ৰৱৰ্তীৰ লগত উচ্চাংগ সংগীতৰ প্ৰাৰম্ভিক শিক্ষা গ্রহণ কৰিছিল। পিছলৈ নগাঁৱলৈ আহি আমৃত্যু পৰ্যন্ত শাস্ত্রীয় সংগীতৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে আত্মনিয়োগ কৰিছিল। তেখেতৰ ছাত্ৰ-ছাত্ৰী অসমৰ চুকে-কোণে এতিয়াও সিঁচৰতি হৈ আছে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাও তেখেতৰ পৰা সংগীত শিক্ষা গ্রহণৰ বাবে ইচ্ছুক আছিল। বেনাৰ্জীয়ে ফৌজদাৰীপট্টিৰ নিজা ঘৰত 'নগাঁও সংগীত সম্মিলনী' বুলি এটা অনুষ্ঠানো জন্ম দিছিল। এটি দীঘলীয়া সাংস্কৃতিক পৰিক্ৰমা অতিবাহিত কৰি ১৯৭৬ চনত ৩ অক্টোবৰত নগাঁৱতে শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল । ব্রজনাথ শৰ্মাৰ কহিনুৰ অপেৰাৰ লগতো সংগীত পৰিচালক হিচাপে একালত জড়িত থকা এইগৰাকী নিষ্ঠাবান সংগীত সাধকৰ জীৱন আৰু কৰ্মৰাজি সংগীতৰ লগত সম্পৃক্ত হৈ থকা নতুন প্ৰজন্মৰ বাবে এক আদৰ্শ হোৱা উচিত৷ যথাৰ্থতে বেনাৰ্জী সংগীতৰ বিৰল গুণৰ অধিকাৰী আছিল বেনাৰ্জী ৷’

Advertisment

এই মন্তব্য বিশিষ্ট সাহিত্য সমালোচক, প্ৰবীণ সাংবাদিক তথা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° জ্যোতিৰ্ময় জানাৰ ৷ আজি নগাঁৱৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান কল্লোলৰ প্ৰেক্ষাগৃহত অনুষ্ঠানটিৰ উদ্যোগত অনুষ্ঠিত হোৱা 'পথিকৃৎ সংগীতজ্ঞ সুশীল বেনাৰ্জী’ শীৰ্ষক গ্ৰন্থ উন্মোচনীত নিৰ্দিষ্ট বক্তা হিচাপে যোগদান কৰি উল্লিখিত বক্তব্য প্ৰদান কৰে তেওঁ।

অনুষ্ঠানটিৰ আৰম্ভণিতে বেনাৰ্জীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে প্ৰাক্তন মন্ত্ৰী, শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ৷ কল্লোলৰ সাধাৰণ সম্পাদক নৌচাদ আখতাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট কণ্ঠশিল্পী অঞ্জলি কটকীয়ে পৰিবেশন কৰা বিষ্ণু বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিত শিল্পী গৰাকীৰ সুযোগ্য পুত্ৰ সংগীতজ্ঞ নন্দ বেনাৰ্জীয়ে প্ৰকাশ কৰা আৰু লেখক, সাংস্কৃতিক সাংবাদিক উজ্জ্বল জ্যোতি দাসে নিষ্ঠাবান সংগীত সাধকগৰাকীৰ জীৱন আৰু কৰ্মৰাজি সামৰি সম্পাদনা কৰা 'পথিকৃৎ সংগীতজ্ঞ সুশীল বেনাৰ্জী’ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিল্পী তথা সুশীল বেনাৰ্জীৰ একালৰ ছাত্ৰ,শিল্পী টঙ্কেশ্বৰ বৈদ্যই ৷

অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে গল্পকাৰ শিবানন্দ কাকতি, জেষ্ঠ সাংবাদিক কনক হাজৰিকা সংগীত শিল্পী তাৰিণি মোহন শৰ্মা, ৰতিমোহন নাথ আদিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। অনুষ্ঠানত সংগীত শিল্পী আৰিফুল হকে পৰিবেশন কৰা গীতে সকলোকে সন্মোহিত কৰে ৷

কৃষ্ণ দুলাল বৰুৱা, গুৰুমাইল সিং, ডাঃ সৰ্বেশ্বৰ বৰা, সূৰ্য কুমাৰ ৰাজা, অশোকৰাম ভট্ৰাচাৰ্য, মঞ্জু দেবী ভাগৱতী, প্ৰাঞ্জল বৰদলৈ, অঞ্জলি মহন্ত, গুণকান্ত শৰ্মা, প্ৰতীক ভট্ৰাচাৰ্য, মামণি শৰ্মা ভট্ৰাচাৰ্য, ৰমলা বেনাৰ্জী ,নিজৰা শইকীয়া প্ৰমুখ্যে শতাধিক গণ্য মান্য লোক উপস্থিত থাকে ৷

Also Read: লাংহিনৰ বগাদলত শ্ৰী শ্ৰী গণেশ পূজা আৰু উৎসৱৰ আয়োজন..

গ্ৰন্থ উন্মোচন