বাথৰুমৰ নীলপৱন বৰুৱাক আমি কিয় চাম...

অতি ব্যক্তিগত এই কথাবোৰে তেওঁক আকৌ এবাৰ হত্যা কৰাহে হ'ল। নীলপৱন বৰুৱাৰ শেষৰ দিনকেইটাৰ দৃশ্য এনেদৰে কেমেৰাত বন্দী কৰি তেওঁ নিজা স্বাৰ্থ সিদ্ধি কৰাৰ বিপৰীতে আন কিবা কৰিলে বুলি ক'ব নোৱাৰি।
বাথৰুমৰ নীলপৱন বৰুৱাক আমি কিয় চাম...

মৃদুল কুমাৰ সন্দিকৈ

নীৰৱতা আৰু নিসংগতা তেওঁৰ প্ৰিয় আছিল। ৰং,তুলিকাৰে জীৱনটোক সাধাৰণভাৱে সজাই লৈছিল। মৃত্যু পৰ্যন্ত সেই সৰলতাকেই সম্বল কৰি শিল্পৰ সৈতে সহবাস কৰিছিল। নীলপৱন বৰুৱাৰ জীৱন শৈলী , সৃষ্টি কৰ্ম নিজেই এখন ছবি সদৃশ ।

তেওঁৰ অবৰ্তমানত তেওঁক কেন্দ্ৰ কৰি সৃষ্টি হৈছে কিছু প্ৰশ্ন। এখন তথ্য চিত্ৰত নীলপৱন বৰুৱাক তুলি ধৰিবলৈ কৰা অপ-প্ৰয়াসক লৈ ৰাজ্যৰ একাংশ শিল্পী, সচেতন ব্যক্তি জাঙুৰ খাই উঠিছে।

ব্ৰাছ ষ্ট্ৰক নামৰ নীলপৱন বৰুৱাক লৈ নিৰ্মাণ কৰা তথ্য চিত্ৰ খনক আখ্যা দিয়া হৈছে এইখন আচলতে ব্ৰাছ ষ্ট্ৰক নহৈ ব্ৰেইন ষ্ট্ৰক হৈছে। কিয় এনেদৰে পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা তথ্য চিত্ৰখন সন্দৰ্ভত এনে মন্তব্য প্ৰদান কৰিছে বিদ্বান সমাজে।

চান লিট ষ্টুডিঅ'ৰ বেনাৰত নিৰ্মাণ কৰা এই তথ্য চিত্ৰখনৰ পৰিচালকৰ বিৰুদ্ধে উত্থাপন হৈছে জীৱিত কালত তথ্য চিত্ৰ নিৰ্মাণৰ নামত শিল্পী গৰাকীক নিৰ্যাতন চলোৱা হৈছিল। মুম্বাইৰ 'ইন্টাৰনেশ্যনেল ছৰ্ট ফিল্ম ফেষ্টিভেল ২০২২'ত অংশ লৈ এই তথ্য চিত্ৰ খনৰ বাবে বৰুৱাই শ্ৰেষ্ঠ পৰিচালক সন্মান লাভ কৰিছিল।

কিছুদিনৰ পূৰ্বে তথ্যচিত্ৰখন মহানগৰীৰ আৰ্টিছ গ্ৰীল্ডত প্ৰদৰ্শন কৰা হৈছিল। আনুষ্ঠানিকভাৱে তেতিয়াহে তথ্যচিত্ৰখন চোৱাৰ সুযোগ পাইছিল বহু ছবি ৰসিক তথা নীলপৱন বৰুৱাৰ শুভাকাংশীয়ে।

সেইদিনা এই তথ্যচিত্ৰখন চোৱা এজন দৰ্শকে মুকলিকৈ ক'লে এই তথ্য চিত্ৰ খনৰ জৰিয়তে নীলপৱন বৰুৱাক তুলি ধৰাতকৈ অপমানহে কৰা যেন বোধ হয়। তেওঁ যেন সমাজৰ বাবে আৱৰ্জনা তেনে ৰূপত তথ্য চিত্ৰখনত দেখুওৱা কিছু দৃশ্য মানি ল'ব নোৱাৰি।

এই দৰ্শক জনৰ কথাখিনি সেইদিনা বিশেষ গুৰুত্ব দিয়া নহ'ল। ১২ ফেব্ৰুৱাৰী ২০২৩ ত তথ্যচিত্ৰ খনৰ সন্দৰ্ভত কেইবাগৰাকী শিল্পী আৰু কলা বিশেষজ্ঞই এক সংবাদমেল অনুষ্ঠিত কৰিলে।

সংবাদমেলত পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা ব্ৰাছ ষ্ট্ৰকত থকা বিভিন্ন আপত্তিজনক দৃশ্যবোৰকলৈ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে কিছু দিশ উনুকিয়াই দিলে। জ্যেষ্ঠ চিত্ৰশিল্পী চম্পক বৰবৰাই মুকলিকৈ কলে এই তথ্য চিত্ৰখনত নীলপৱন বৰুৱাক নিসংগ, অসহায় ৰূপত দেখুওৱা হৈছে। ব্ৰাছ ষ্ট্ৰকে দৰ্শকৰ ব্ৰেইন ষ্ট্ৰক কৰিব।

সংবাদমেলত উদঙাই দিয়া হ'ল কেনেকৈ নিকৃষ্ট ৰূপত আমাৰ প্ৰিয় শিল্পী জনক পৰিচালতে তুলি ধৰাৰ চেষ্টা চলাইছে। তথ্য চিত্ৰ খনৰ পৰিচালকে ডায়পাৰ খুলি নীলপৱন বৰুৱাক গা ধুৱা দৃশ্য, অৰ্ধনগ্ন ৰূপত শিল্পী গৰাকীক প্ৰদৰ্শন কৰা, সেই সময়ত ডিমেনচিয়া ৰোগত ভুগি থকা নীলপৱন বৰুৱাক অনাহকত ৰুচিহীন প্ৰশ্ন কৰা আদি বিষয়বোৰ উত্থাপন কৰা হৈছিল।

নীলপৱন বৰুৱাৰ দুই সহাকাৰীয়ে ডায়পাৰ খুলি থকা দৃশ্য ভেন্টিলেটৰেৰে লৈছিল পৰিচালকে। এনে বহু কথা বা প্ৰশ্ন এই তথ্য চিত্ৰখনক লৈ উত্থাপন হোৱাৰ পাছত পৰিচালক পাৰ্থজিৎ বৰুাৱক সোধা হৈছিল এই কথাবোৰ তেওঁ মন কৰা নাছিল নেকি।

পৰিচালক গৰাকীয়ে নিজৰ পক্ষত যুক্তি দি ক'লে- নীলপৱন বৰুৱাৰ শেষৰ দিনকেইটা তেওঁ এনেকৈয়ে ধৰি ৰাখিছিল। তেওঁক সহায় কৰা ছোৱালী দুজনীৰ সেৱাক কেমেৰাত বন্দী কৰি তেওঁ ভুল কৰা নাই।

লগতে তেওঁ ইয়াকো কলে মানৱীয় দৃষ্টিকোনেৰে তেওঁ এই কাম কৰিছিল। ভেন্টিলেটৰেৰে নীলপৱন বৰুৱাৰ ডায়পাৰ খুলি থকা দৃশ্য সংগ্ৰহ কৰি এই তথ্যচিত্ৰ খনত সংলগ্ন কৰা হৈছে।

ইয়াৰ সমৰ্থনত তেওঁ দিয়া অদ্ভূত যুক্তি মানি ল'ব পৰা কেতিয়াও নহয়। চলচিত্ৰৰ দৃষ্টিকোনেৰে হ'লেও অতি ব্যক্তিগত এই কথাবোৰে তেওঁক আকৌ এবাৰ হত্যা কৰাহে হ'ল। নীলপৱন বৰুৱাৰ শেষৰ দিনকেইটাৰ দৃশ্য এনেদৰে কেমেৰাত বন্দী কৰি তেওঁ নিজা স্বাৰ্থ সিদ্ধি কৰাৰ বিপৰীতে আন কিবা কৰিলে বুলি ক'ব নোৱাৰি।

সুস্থ হৈ থকা হ'লে,পাহৰি যোৱা বেমাৰটো নোহোৱা হ'লে তেওঁ দিলেহেতেন জানো অনুমতি এনেবোৰ দৃশ্য লোৱাৰ। সেই প্ৰশ্ন পৰিচালকে এবাৰ নিজক কিয় সুধি নাচায়।তথ্যচিত্ৰখনক লৈ প্ৰশ্ন কৰা সকলক তেওঁ প্ৰশ্ন কৰিব বিচাৰে নীলপৱন বৰুৱাক লৈ তেওঁলোকে কি কৰিলে।

তেওঁ সৃষ্টিৰাজি পৰি থাকোতে কিয় খবৰ লোৱা নাছিল। নীলপৱন বৰুৱাক নিয়মীয়াকৈ বহু লোকে খবৰ ৰাখিছিল। তেওঁৰ সৃষ্টিৰাজি উপযুক্ত সংৰক্ষণৰ বাবে বহুতৰ ত্যাগ আছে। সেই সকল নীলপৱন বৰুৱাক ভালপোৱা মানুহে গল্পৰ প্লট, উপন্যাসৰ প্লট, চুটি ছবি নিৰ্মাণৰ বাবে তেওঁৰ কাষলৈ যোৱা নাছিল।

পৰিচালক গৰাকীয়ে ১৫ দিন নীলপৱন বৰুৱাৰ কাষলৈ গৈছিল এই তথ্যচিত্ৰ নিৰ্মাণৰ বাবে। বেডৰুমৰ পৰা বাথৰুমলৈকে কেমেৰা ঘূৰাই এনেবোৰ শ্বট লৈ তেওঁ যি মানৱ দৰদী ভূমিকাক প্ৰতিষ্ঠা কৰিব চেষ্টা কৰিছে সেয়া নীলপৱন বৰুৱাৰ প্ৰকৃত অনুৰাগীয়ে কেতিয়াও মানি ল'ব নোৱাৰে।

সেয়েহে এই তথ্যচিত্ৰ খনৰ প্ৰদৰ্শন বন্ধৰ দাবী উঠিছে। এগৰাকী প্ৰকৃত শিল্প সত্বাৰ গৰাকী, নীৰৱ সাধকক এই ৰূপত আমি কেতিয়াও চাব নুখুজো। প্ৰয়োজন হ'লে নীলপৱন বৰুৱাৰ ছবিবোৰ চাম, কিন্তু জীৱিত কালত ডিমেনচিয়া ৰোগত ভুগি কাৰোবাৰ সহযোগত ডায়পাৰ খোলা দৃশ্য আমি বাৰু কিয় চাম।

মহৎ সৃষ্টিৰে জাতিটোক উজ্জীৱিত কৰা এই শিল্পী জনক সন্মান জনাব নোৱাৰিলেও সন্মান জনোৱাৰ নামত এনেবোৰ অসন্মান কৰাতো অতি পৰিতাপৰ কথা। অসমৰ বৌদ্ধিক সমাজ ,সচেতন ব্যক্তি সকলে , চৰকাৰে এই ক্ষেত্ৰত মাত নামাতিলে আজি এনে হৈছে কাইলৈ চোন কাৰোবাৰ নামত তথ্যচিত্ৰ বনাবলৈ গৈ ইয়াতকৈ তলৰ দৃশ্য সংলগ্ন কৰিবলৈ সাহস পাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in