/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/2387c526-5cea-46d0-b63a-40b56b2003a4/2.jpg)
ডিজিটেল সংবাদ,ৰঙিয়াঃ শুকুৰবাৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৯৩ সংখ্যক অধিবৱেশনক কেন্দ্ৰ কৰি হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় ৰঙিয়াৰ মৰণজানাৰ হাতীখলা পথাৰৰ শঙ্কৰদেৱৰ সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা অধিৱেশনত পুৱাৰে পৰা হৰিনাম ধ্বনিৰে অগণন ভকত, বৈষ্ণৱ, সেৱকৰ উপস্থিতিৰে প্ৰাণ প্ৰায় উঠিছে ৷ বিভিন্ন জিলাৰ পৰা অহা ভক্ত সকলৰ সমাৱেশ ঘটা অধিৱেশন স্থলী হাতীখলা পথাৰত পুৱাৰে পৰা দূৰ দূৰণিৰ আই মাতৃ বাপ,ভকত বৈষ্ণৱ আহি শিৱিৰ ইতিমধ্যেই ভৰি পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/92d6cd8c-e400-4477-b7ce-1f69f8ac1887/WhatsApp_Image_2024_02_09_at_5_36_27_PM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/dfef2954-12c7-468c-829f-5db5be388aa5/WhatsApp_Image_2024_02_09_at_5_36_28_PM.jpeg)
তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা ৰঙিয়াৰ মৰণজানাৰ সমীপৰ হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰত দিনৰ ১:৩০ বজাত মূল মঞ্চত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় । পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই সভাপতিত্ব কৰা সভাত অধিবেশনৰ স্মৃতিগ্ৰন্থ ভকতি সিন্ধু উন্মোচন কৰা হয় । উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কুলধৰ শইকীয়াই । প্ৰাক্তন সভাপতি গৰাকীয়ে উন্মোচনী সভাত গুৰুজনাৰ স্মৃতি বিজড়িত কথা উল্লেখ কৰাৰ লগতে গুৰুজনাৰ নামঘৰ প্ৰতিষ্ঠাৰ প্ৰণালীবদ্ধ দিশটোৰ কথাও বিশদভাৱে আলোকপাত কৰে । ইফালে এই সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিবেশনত কৃষি মন্ত্ৰী অতুল বৰাই উপস্থিত থাকি হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ দিশ আপ্লুত হৈ বুলি উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/3aa18fb1-bf8b-41bb-acad-53c665791bec/WhatsApp_Image_2024_02_09_at_5_36_27_PM.jpeg)
তদুপৰি স্মৃতি গ্ৰন্থ উন্মোচনী সভাত কাৰ্যকৰী সভাপতি তথা বিধায়ক ভৱেশ কলিতা, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° নৃপেন্দ্ৰ নাথ তালুকদাৰ,পূৱ কামৰূপ মহাবিদ্যালয় অধ্যক্ষ ড° ভূপেন কুমাৰ শৰ্মা, প্ৰাক্তন পদাধিকাৰকে ধৰি কেইবাগৰাকীও সংঘৰ বিষয়ববীয়া উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/45dc48ad-b422-49b8-99d8-47458eb3a655/WhatsApp_Image_2024_02_09_at_5_36_26_PM.jpeg)
উল্লেখ্য যে স্মৃতিগ্ৰন্থ সভাত সংঘৰ পৰা বিনামূলীয়াকৈ অসম প্ৰশাসনিক সেৱাৰ কৰ্চিং প্ৰশিক্ষণ মুকলি কৰা হয় । ইয়াৰ পিছতে মূল মঞ্চত সংঘৰ ক্ৰিফট এণ্ড ক্ৰেডিট কো অপাৰেটিভ চছাইটিৰ সভাত সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোচা উপস্থিত থাকে । সভাত সংঘৰ চছাইটিৰ বিষয়ে আলোচনা অনুষ্ঠিত হয় । ইতিমধ্যেই অধিৱেশন স্থলীত অস্থায়ী নামঘৰত প্ৰতিষ্ঠা কৰি গুৰু জনাৰ আসনত নাম কীৰ্তন হৰিনামৰ ধ্বনি ভকত বৈষ্ণৱ সেৱক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ।
অধিৱেশনত লক্ষ্য লক্ষ্য ভক্তৰ সমাগম হোৱা অধিৱেশনত ১০ হেজাৰ ভক্তই বিশাল ভোজনালয়ত ভোজন কৰিবলৈ সক্ষম হয় । লগতে অধিৱেশনত দূৰ দূৰণিৰ পৰা আহিব লগা ভকত ৱৈষ্ণবক আদৰিবলৈ আদৰণি সমিতিয়ে মূখ্য প্ৰৱেশ দ্বাৰত হৰিনামৰ ধ্বনিৰে সকলোকে আদৰণি জনায় ।
অধিৱেশখন সাফল্য কৰি তুলিবলৈ গঠন কৰা ৩৫ খন উপ সমিতি, চিকিৎসা সেৱা দ্বাৰ, তোৰণ কেইবাজনো আমন্ত্ৰিত অতিথিয়ে পুৱা উন্মোচন কৰে । ইফালে অধিৱেশনস্থলীৰ ভোজনালয়ত ৩০০টা চৌকা ৩০০ গৰাকী ৰান্ধনীৰ বিপৰিতে ২০০০ গৰাকী বিতৰণ কৰ্মীয়ে ভোজনালয়ত আপ্যায়ন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/516e43cb-e617-47c8-8083-5211d9904aa5/WhatsApp_Image_2024_02_09_at_5_53_21_PM.jpeg)
আজি হাতীখলা পথাৰত বিভিন্ন প্ৰান্তৰ পৰা আগমন আই-মাতৃ, বাপ-ভকত-বৈষ্ণৱ সকল উপস্থিত হৈছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তি, মুল মণ্ডপৰ সন্মুখত মহাবীৰ চিলাৰায়ৰ তোৰণ লগতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুখন তৈলচিত্ৰৰ উপৰিও বিশাল আকাৰৰ শৰাই আদি প্ৰদৰ্শন দেখি আপ্লুত হৈ পৰে ভক্তগণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/346d80a5-2b16-4fe9-b959-36e33cd98d12/WhatsApp_Image_2024_02_09_at_5_36_26_PM__1_.jpeg)
অভিমন্যুৰ চক্ৰবেহুৰ ভেদ চাবলৈ ইতিমধ্যে প্ৰদৰ্শনী মেলাত দৰ্শকৰ ভিৰ দি বাট নোপোৱা অৱস্থা পৰিলক্ষিত হয় । মুঠৰ ওপৰত লোকে লোকাৰণ্যৰে জনসমুদ্ৰত পৰিগণিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰত সন্ধিয়া সময়ত সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব । সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব ড° অঞ্জনজ্যোতি চৌধুৰীয়ে ।
Also Read: সাংস্কৃতিক মহাসংগ্ৰামত প্ৰথম স্থান বোকাখাতৰ গামখাৰু বিহু দলৰ