/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/1de24828-16f0-4f1e-a0ba-3fd62c8e894d/175.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : উদুলি-মুদুলি ৰঙিয়া শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনস্থলী। মাজত মাথোঁ ৯ টা দিন থকাৰ সময়তে দিনে-নিশাই অধিক ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী ভকত, বৈষ্ণৱ আৰু আই-মাতৃ তথা সেৱকসকল।
অহা ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত ৯৩ সংখ্যক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনৰ বাবে ইতিমধ্যেই ৮৫শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি আয়োজক সমিতিয়ে জনায়। সকলো ভকত বৈষ্ণৱ আৰু আই-মাতৃসকলৰ মিলনৰ তীৰ্থৰূপে চিহ্নিত হোৱা অধিৱেশনখন পৰিচালনা কৰাৰ বাবে কেইবাখনো উপ-সমিতি গঠিত কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/afb5752b-d59c-42ba-a629-7be29aab7235/bc22b4cd_ccdd_4dd3_adcd_94ec4b9ce493.jpg)
৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে এই ৩৫ খন উপ-সমিতিৰ ভিতৰত আছে বিত্ত উপ-সমিতি, প্ৰতিনিধি শিবিৰ সেৱাবাহিনীৰ শিবিৰ নিৰ্মাণ আৰু পৰিচালনা উপ সমিতি, মূল মণ্ডপ আৰু মূল মঞ্চ নিৰ্মাণ উপ সমিতি, প্ৰতিনিধি সভা মণ্ডপ নিৰ্মাণ উপ সমিতি, নামঘৰ আৰু নাটঘৰ নিৰ্মাণ আৰু পৰিচালনা উপ সমিতি, পতাকা বেদী নিৰ্মাণ আৰু উত্তোলন উপ সমিতি, ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা উপ সমিতি, আদৰণি সমিতিৰ কাৰ্যালয় নিৰ্মাণ আৰু পৰিচালনা উপ সমিতি আদি।
তদুপৰি অধিৱেশনৰ বাবে লাখ লাখ ভকত বৈষ্ণৱ আৰু সেৱকৰ বাবে আশ্ৰয়ৰ বাবে ১২০ৰো অধিক শিবিৰ নিৰ্মীয়মাণ অৱস্থাত আছে। ১০হেজাৰ ভকত-সেৱকে একেলগে বহি ভোজন কৰিবলৈ পৰাকৈ বিশাল আকাৰৰ ভোজনালয় নিৰ্মাণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6f9f4e46-7d18-4d8f-99b7-839fc6fb3933/0a01d241_18dc_476b_9735_9a55d709a592.jpg)
৩৮০ টা চৌকাৰে নিৰ্মাণ কৰি থকা ৰন্ধনশালত কেইবাগৰাকীও ব্যক্তিয়ে ইতিমধ্যে খৰি দান হিচাপে আগবঢ়াইছে । উল্লেখ্য যে এই অধিৱেশনৰ বিশেষ আকৰ্ষণ হিচাপে অভিমন্যুৰ চক্ৰবেহু ভেদ প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মালিগাঁও শাখাৰ পৰা পৰিচালনা দিশ সামৰিব বুলি প্ৰদৰ্শনী মেলাৰ পৰিচালনা উপ সমিতিৰ পৰা জানিবলৈ দিয়ে।
তাৰোপৰি ৰঙিয়া জিলা কোচ-ৰাজবংশী সন্মিলনীৰ পৰা কোচ-ৰাজবংশী জনগোষ্ঠীৰ এখনি আদৰণি তোৰণ ৰখাৰো ব্যৱস্থা কৰা হয়। ইয়াৰোপৰি মূল গেটৰ প্ৰৱেশদ্বাৰত ২০ ফুট উচ্চতাৰ ২খনকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৈলচিত্ৰ ৰখাৰ ব্যৱস্থা কৰা হয়। চিত্ৰশিল্পী ৰিন্টু খাৰঘৰীয়াই অংকন কৰা তৈলচিত্ৰ দুখন দান হিচাপে আগবঢ়াই যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী ৰাজেশ্বৰ শইকীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/61024ee7-6dde-4897-be2f-d2c31a9a35e4/d5b63d52_3bcf_4182_b0bd_9d1399aa15a3.jpg)
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমন্বয়ৰ বাট বুলিবলৈ আহিবলগীয়া অধিৱেশনত প্ৰায় ৬০ লাখৰো অধিক ভকত-বৈষ্ণৱে আহি ভিৰ কৰিব। অধিৱেশনত মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্ম উপস্থিত থাকিব বুলি জানিব দিয়ে।
ইয়াৰোপৰি অধিৱেশনৰ শেষৰ দিনা এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। গুৰুজনাৰ কেইবাখনো অংকীয়া নাট অধিৱেশনত প্ৰদৰ্শিত হ'ব। প্ৰায় ৫০ বিঘা মাটি সামৰি অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে প্ৰতিনিধি শিবিৰত ১০ হাজাৰ লোকে বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ba52e3b4-fb0f-4f0d-acf2-8a95a8144b88/a0887b4e_78b1_44f1_89d5_6bea30964a49.jpg)
তাৰোপৰি সেৱা বাহিনী শিবিৰ, প্ৰতিনিধি সভা কক্ষকে ধৰি দৰ্শক সাধাৰণ লোকৰ বাবে এক শিবিৰ নিৰ্মাণ কৰা হৈছে। অধিৱেশনৰস্থলীৰ প্ৰৱেশৰ কাষতে এখনি গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী মেলাও সাজু কৰি তোলা হৈছে। বাণিজ্য মেলাৰ বাবে ১,০১৩ খন বিপনী ৰখা হৈছে । প্ৰতিখন বিপনীৰ বাবে ৫ হাজাৰ টকা আদৰণি সমিতিয়ে নিৰ্ধাৰণ কৰিছে।
ৰেখা প্ৰকাশন, কল্পতৰু প্ৰকাশন,অসম প্ৰকাশন পৰিষদকে ধৰি আজিলৈ ৭৫০খন বিপনী ইতিমধ্যেই বুকিং হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰপৰা বিনামূলীয়া বিপনীৰ ব্যৱস্থা ৰখা হয়। প্ৰদৰ্শনস্থলীত ভক্তি প্ৰাণলোকৰ উপস্থিতিৰ লগতে জিৰণি লোৱাৰ ব্যৱস্থা কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/cb0f9a88-fc58-4416-8977-65605b30df85/7ee21f9c_3707_492d_89a5_47fa1d8743cb.jpg)
তদুপৰি বাণিজ্যমেলাৰ বাবে অধিৱেশনত ১হাজাৰ ষ্টল ৰখা হৈছে। অধিৱেশনস্থলীলৈ অহা লক্ষ লক্ষ ভকত, বৈষ্ণৱ আৰু আই-মাতৃসকলক ৩দিন ধৰি আপ্যায়ন কৰাৰ বাবে থলুৱা খাদ্যৰে উৎপাদিত শস্যৰ খাদ্য সম্ভাৰেৰে আপ্যায়িত কৰাৰ বাবে ব্যৱস্থা কৰা হৈছে।
Also Read: পদত্যাগৰ পিছতে গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ