ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন

২০২৪ বর্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনখনি সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে সন্ধিয়া খাদ্য, যোগান আৰু অসামৰিক মন্ত্ৰী ৰঞ্জিত দাস অধিৱেশন স্থলীত উপস্থিত হৈ বাপ বান্ধৱ সকলৰ সৈতে প্ৰতিটো কাম পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়।

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন

ডিজিটেল সংবাদ, ৰঙিয়াঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনখন অহা ৯,১০ আৰু ১১ ফেব্ৰুৱাৰীত ৰঙিয়াৰ মৰাণজানা-ভয়ৰা শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ,হাতীখলা পথাৰত অনুষ্ঠিত হ'ব।

ৰঙিয়া অধিৱেশনখনৰ বাবে মাজত মাথোঁ এটা দিন বাকী আছে । সেয়েহে আগন্তুক ২০২৪ বর্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনখনি সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে সন্ধিয়া খাদ্য, যোগান আৰু অসামৰিক মন্ত্ৰী ৰঞ্জিত দাস অধিৱেশন স্থলীত উপস্থিত হৈ বাপ বান্ধৱ সকলৰ সৈতে প্ৰতিটো কাম পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়।

মন্ত্ৰীগৰাকীয়ে আইমাতৃসকলৰ লগতে সেৱা বাহিনী শিবিৰ, ৰন্ধন আৰু ভোজনালয় গৃহ লগতে কেন্দ্ৰীয় ভৰালঁ ঘৰ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় । মন্ত্ৰী দাসৰ উপস্থিতিৰ সময়ত অধিৱেশনৰ আদৰণি সমিতিৰ বিষয়ববীয়াৰ লগতে কেইবাখনো উপ সমিতিৰলোক উপস্থিত থাকে।

Also Read: জোনমণি কাণ্ডৰ ইতি পৰিল!

srimanta sankardev sangha rangia