মুখ্যমন্ত্ৰীৰে বার্তালাপ শ্ৰীশ্ৰীগোপালদেৱ সেৱক সমাজৰ; ২৩ দফীয়া স্মাৰক পত্ৰ...

মুখ্যমন্ত্ৰীৰে বার্তালাপ শ্ৰীশ্ৰীগোপালদেৱ সেৱক সমাজৰ; ২৩ দফীয়া স্মাৰক পত্ৰ...
Published on
Updated on

ডিজিটেল ডেস্ক : "অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা তথা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত মহাপুৰুষ মাধৱদেৱে বলিষ্ঠ অৰিহণা আগবঢ়াইছিল। পৰৱৰ্তী সময়ত দুজনা গুৰুৰ অবৰ্তমানত ভৱানীপুৰীয়া গোপালদেৱে গুৰু আসনত অধিষ্ঠিত হৈ উজনি-নামনি একাকাৰ কৰি মহাপুৰুষীয়া ধৰ্মীয় সমাজখনক পৰিশীলিত আৰু পৰিমাৰ্জিত ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল। ষোল্ল শতিকাৰ শেষার্ধত অবিভক্ত কামৰূপ জিলা (বৰ্তমানৰ বজালি আৰু বৰপেটা জিলা)ত চাৰি সত্ৰ ক্ৰমে ভৱানীপুৰ সত্ৰ, কালঝাৰ সত্ৰ, জোৱাৰদি সত্ৰ আৰু পোৰাভড়াল সত্ৰ প্ৰতিষ্ঠা কৰিছিল।

ইয়াৰে কালঝাৰ সত্ৰত তিনিশ তিনিকুৰি আৰু তেৰ গৰাকী শিষ্যৰে গঠিত বৃহৎ সত্ৰীয়া সমাজখন কালক্ৰমত 'কাল সংহতি' হিচাপে পৰিচিত হৈছিল। এই গৰিষ্ঠ সংখ্যক শিষ্যৰ মাজৰ পৰা ব্ৰাহ্মণৰ ছয় গৰাকী ক্ৰমে শ্ৰীৰাম আতা, বুঢ়াগুৰু ৰামচন্দ্ৰ আতা, পুৰুষোত্তম আতা, বৰগুৰু পূৰ্ণানন্দ আতা, সৰুগুৰু পৰমানন্দ আতা, ৰামচৰণ সন্যাসী আতাৰ লগতে কায়ষ্ঠৰ ছয় গৰাকী ক্ৰমে বৰযদুমণি আতা, নাৰায়ণ আতা, সৰুযদুমণি আতা, সনাতন আতা, মুৰাৰি আতা আৰু ভূঞাৰ-পো অনিৰুদ্ধ আতাৰ সৈতে বাৰ গৰাকীক 'বাৰ আতা' হিচাপে পৰিচিত কৰোৱাই বিশেষতঃ উজনি অসমত ধৰ্ম প্ৰচাৰৰ গুৰুভাৰ অৰ্পণ কৰিছিল।

সম্প্ৰতি সমগ্ৰ অসমত উক্ত বাৰ আতাৰ লগতে গোপালদেৱৰ নাতি- পৰিনাতিসকল আৰু আজ্ঞাপৰ আতাসমস্তৰ দ্বাৰা প্রতিষ্ঠিত ২৩৯ খন সত্রানুষ্ঠানে তিনিওজনা গুৰুৰ দর্শন, মতাদর্শ অক্ষুন্ন ৰাখি সত্ৰীয়া পৰম্পৰাৰে সমাজৰ সকলো স্তৰৰ লোকৰ মাজত আধ্যাত্মিক জ্ঞানৰ জৰিয়তে জীৱতাৰণৰ মসৃণ পথৰ সন্ধান দি একতাৰ ডোলেৰে বান্ধ খুৱাই আহিছে।"- যোৱা ৩০ জুনত তেজপুৰৰ আৱৰ্ত্ত ভৱনত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বশর্মাৰ সৈতে হোৱা এক সৌহার্দ্যপূর্ণ আলোচনা কালত 'শ্রীশ্রীগোপালদেৱ সেৱক সমাজ: অসম'ৰ ৰাজ্যিক সভাপতি ভৱ গোস্বামীয়ে এনেদৰে কয়।

মহাপুৰুষ মাধৱদেৱৰ উত্তৰসূৰী পূর্ণমূর্তি শ্রীশ্রীগোপালদেৱ আতাপুৰুষৰ লগতে পৰৱৰ্তী আতাসমস্তৰ দ্বাৰা প্রতিষ্ঠিত সত্ৰ-থান, সমাজ-সংস্কৃতি আৰু সম্পদৰাজিৰ প্ৰচাৰ, প্ৰসাৰ তথা সংৰক্ষণৰ সমান্তৰালভাৱে প্রায় বিশ লাখ পৰিয়ালযুক্ত কাল সংহতিৰ বৃহৎ সমাজখনৰ সামগ্রিক উন্নয়নৰ উদ্দেশ্যেৰে অসমৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিৰ সহযোগত শ্ৰীশ্ৰীগোপালদেৱ সেৱক সমাজঃঃ অসম শীর্ষক অনুষ্ঠানে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰে অংশ হিচাপে সমাজৰ ৰাজ্যিক কার্যনির্বাহক অনুমোদন সাপেক্ষে ৩০ জুনত তেজপুৰৰ আৱৰ্ত্ত ভৱনত ৰাজ্যিক সভাপতি তথা শ্রীশ্রীচেচা সত্ৰৰ সত্ৰাধিকাৰ ভৱ গোস্বামী, উপ-সভাপতি তথা শ্রীশ্রীনাচনিপাৰ সত্ৰৰ সত্ৰাধিকাৰ মোহনচন্দ্র গোস্বামী আৰু ৰাজ্যিক সদস্য তথা কৃতী শিক্ষক তিলক কুমাৰ মহন্তই ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বশর্মাক সাক্ষাৎ কৰি ২৩ দফীয়া বিভিন্ন প্ৰস্তাৱ সম্বলিত ৩৫ পৃষ্ঠাৰ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ কালত ৰাজ্যিক সদস্য তিলক কুমাৰ মহন্তই ধীৰাজ গোস্বামী আৰু মানস প্ৰতিম গোস্বামীৰ সহযোগত যুগুতাই উলিওৱা স্মাৰক পত্ৰত সন্নিবিষ্ট তথ্য অনুসৰি মাধৱদেৱ বিশ্ববিদ্যালয় আৰু মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ত পূর্ণমূৰ্তি শ্ৰীশ্ৰীগোপালদেৱৰ নামত আসন প্রতিষ্ঠা কৰা, বৰপেটা জিলাৰ কলাৰ সত্ৰৰ ভূমিত শ্ৰীশ্ৰীগোপালদেৱৰ নামকৰণেৰে বিশ্ববিদ্যালয় অথবা চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা, মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ উত্তৰসূৰী শ্ৰীশ্ৰীগোপালদেৱৰ নামত চৰকাৰীভাৱে এটি বঁটাৰ প্ৰচলন কৰা, বজালি জিলাৰ শ্ৰীশ্ৰীগোপালদেৱ আতা সত্ৰ, পুৰণ ভৱানীপুৰত শ্রীশ্রীগোপালদেৱ কলাক্ষেত্ৰ স্থাপন কৰা, শ্ৰীশ্ৰীগোপালদেৱৰ তিৰোভাৱ তিথিত চৰকাৰী বন্ধ ঘোষণা কৰা, ভৱানীপুৰীয়া শ্রীশ্রীগোপালদেৱে প্রতিষ্ঠা কৰা প্ৰথম সত্ৰ 'শ্ৰীশ্ৰীভৱানীপুৰ সত্ৰ (বৰ্তমান শ্রীশ্রীগোপালদেৱ আতা সত্ৰ, পুৰণ ভৱানীপুৰ)ৰ বেদখলীকৃত আৰু চৰকাৰী ভূমি সত্ৰৰ নামত পঞ্জীয়ন কৰা, শ্ৰীশ্ৰীগোপালদেৱ আতা সত্ৰৰ বেদখলমুক্ত ভূমিত সম্প্রতি চৰকাৰে ৰূপায়ন কৰা 'অমৃত সৰোবৰ' প্ৰকল্পৰ লাভাংশৰ এক অংশ ধন প্ৰতিবছৰে নিয়মীয়াকৈ সত্ৰলৈ আৱণ্টনৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা, মহাপুৰুষ মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত শ্ৰীশ্ৰীগোপালদেৱ আতা সত্ৰ, পুৰণ ভৱানীপুৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ লগতে সত্ৰখনিক পর্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা, শ্রীশ্রীগোপালদেৱ আতা সত্ৰ, পুৰণ ভৱানীপুৰৰ ভূমিত শ্ৰীশ্ৰীগোপালদেৱৰ আজ্ঞাপৰ বাজনা ধৰ্মাচাৰ্যৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ বাবে সংগ্ৰহালয় নির্মাণ কৰা, শ্রীশ্রীগোপালদেৱ আতা সত্ৰখনিত হৈ থকা সঘন চোৰৰ উপদ্ৰৱৰ উপৰি বিভিন্ন অপ্রীতিকৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰখনিৰ নিৰাপত্তা সুনিশ্চিত কৰণাৰ্থে এটি 'আৰক্ষী চকী' স্থাপন কৰা, কাল সংহতিৰ স্ৰষ্টা শ্ৰীশ্ৰীগোপালদেৱে ১৫৮৯ খ্রীষ্টাব্দত ১৮৩১ বিঘা ১ কঠা ১৮ লেচা ভূমিত প্রতিষ্ঠা কৰা শ্ৰীশ্ৰীকালঝাৰ সত্ৰৰ ভূমি সত্ৰৰ নামলৈ হস্তান্তৰিত কৰা,

ষোল্ল শতিকাতে শ্ৰীশ্ৰীকালঝাৰ সত্ৰত শ্ৰীশ্ৰীগোপালদেৱ আতাপুৰুষে প্রতিষ্ঠা কৰা আনুষ্ঠানিক শিক্ষানুষ্ঠান 'শিষ্য প্রশিক্ষণ কেন্দ্ৰ'ক পুনৰ উজ্জীৱিত কৰি সত্ৰীয় শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা, শ্ৰীশ্ৰীকালঝাৰ সত্ৰত থকা শ্ৰীশ্ৰীগোপালদেৱৰ সমাধিক্ষেত্ৰৰ থানভাগক আটক ধুনীয়াকৈ নিৰ্মাণ কৰা, শ্ৰীশ্ৰীকালঝাৰ সত্ৰৰ যাতায়াত আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰা, প্ৰথম অসমীয়া মহিলা কবি 'আই পদ্মপ্রিয়া'ৰ নামত চৰকাৰীভাৱে এটি বঁটাৰ প্ৰচলন কৰা, শ্ৰীশ্ৰীগোপালদেৱৰ দুহিতা আই পদ্মপ্ৰিয়াই প্ৰতিষ্ঠা কৰা একমাত্ৰ সত্ৰখনিৰ পুনঃনিৰ্মাণৰ ব্যৱস্থা কৰা, উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথম মহিলা কবি 'আই পদ্মপ্রিয়া'ৰ নামত বিশ্ববিদ্যালয়ত আসন প্রতিষ্ঠা কৰা, শিৱসাগৰ জিলাৰ গড়গাঁও স্থিত “শ্রীশ্রীগোপালদেৱ জন্মস্থান'ৰ উন্নয়ন আৰু পৰ্যটন স্থলীলৈ উন্নীত কৰা, বাৰআতা সমস্তৰ সত্ৰ /থানসমূহ উদ্‌ঘাটন কৰি আন্তঃগাঁথনিৰ উন্নয়ন আৰু পৰ্যটন স্থলীলৈ উন্নীত কৰা, ডিব্ৰুগড় জিলাৰ চাচনি মেৰবিল স্থিত 'শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰ'ৰ উন্নয়ন আৰু পৰ্যটন স্থলীলৈ উন্নীত কৰা, 'নামৰূপীয়া মহন্ত' খ্যাত বাৰ গৰাকীকৈ পুণ্যাত্মাৰ স্মৃতিসৌধ নির্মাণ আৰু পৰ্যটন স্থলীলৈ উন্নীত কৰা,

উত্তৰ-পূব ভাৰতৰ অনেক জাতি-জনগোষ্ঠীৰ মিলনভূমি স্বৰূপ কাল সংহতিৰ প্ৰায় ২৩১ ভাগ সত্ৰানুষ্ঠান উন্নয়নৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰা আৰু শেহতীয়াকৈ অসম চৰকাৰে নতুন দিল্লী স্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সংস্কৃত আৰু প্ৰাচ্যবিদ্যা অধ্যয়ন প্রতিষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ আসন প্রতিষ্ঠা কার্যক্রমত শ্রীশ্রীগোপালদেৱৰ নাম অন্তৰ্ভুক্ত কৰা আদি বিষয়ত আলোকপাত কৰে। তাৎপর্যপূর্ণভাৱে মুখ্যমন্ত্ৰী গৰাকীয়ে অতি আন্তৰিকতা তথা মনোযোগেৰে প্ৰতিটো দফা শুনি শ্রীশ্রীগোপালদেৱ আতাপুৰুষক উজ্বলাই তোলাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। এনে সৌহার্দ্যমূলক সাক্ষাতৰ বাবে শ্ৰীশ্ৰীগোপালদেৱ সেৱক সমাজ :: অসমৰ হৈ কাৰ্যকৰী সভাপতি ধীৰেন্দ্রনাথ বর্মন, প্রধান সম্পাদক মনু বৰুৱা, সম্পাদক ৰঞ্জন মহন্ত, মুখপাত্র উৎপল মহন্তই মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা প্ৰদানৰ লগতে এই সাক্ষাতকাৰৰ জৰিয়তে শ্রীশ্রীগোপালদেৱ সেৱক সমাজৰ সম্পদৰাজিৰ সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰত অৰিহণা যোগাব বুলি আশা প্রকাশ কৰিছে।

মুখ্যমন্ত্ৰীৰে বার্তালাপ শ্ৰীশ্ৰীগোপালদেৱ সেৱক সমাজৰ; ২৩ দফীয়া স্মাৰক পত্ৰ...
বন্ধ বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ; পথতেই আবদ্ধ যাত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in