ভোগালীৰ আনন্দ-উচাহৰ মাজতে ৰাজ্যৰ কেইবাঠাইতো বিক্ষিপ্ত ঘটনা

কাছাৰ,দেৰগাঁও আৰু গহপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
ভোগালীৰ আনন্দ-উচাহৰ মাজতে ৰাজ্যৰ কেইবাঠাইতো বিক্ষিপ্ত ঘটনা

ডিজিটেল ডেস্ক : ভোগালীৰ আনন্দ-উচাহৰ মাজতে ৰাজ্যৰ কেইবাঠাইতো বিক্ষিপ্ত ঘটনা সংঘটিত হয়। কাছাৰৰ বাদ্ৰীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

অচিনাক্ত বাহনে মহতিয়াই নিয়াৰ ফলত মৃত্যু হয় পিতা-পুত্ৰসহ ৩জন লোকৰ। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে অচিনাক্ত বাহনখনে।

আনহাতে দেৰগাঁও আৰু গহপুৰতো সংঘটিত হৈছে পথ দুৰ্ঘটনা। দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছ আৰু চেণ্ট্ৰ' বাহনখন মুখামুখী সংঘৰ্ষত লিপ্ত হয়। ফলত চেণ্ট্ৰ'খনৰ দুজন আৰোহী গুৰুতবৰভাৱে আঘাতপ্ৰাপ্ত হয়।

তেওঁলোকক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হয়। ইফালে গহপুৰৰ জুৰীয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে মিনি ট্ৰাক।

পথটোত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি একাংশই অভিযোগ ব্যক্ত কৰে। আনহাতে খুমটাই আৰু সোণাৰিত ৰে'লৰ খুন্দাত প্ৰাণ হেৰুৱালে ২জন লোকে।

ভোগালীৰ আনন্দ-উচাহৰ মাজতে ৰাজ্যৰ কেইবাঠাইতো বিক্ষিপ্ত ঘটনা
আগ্ৰিপামৰ তেল ডিপো সন্মুখত ভয়কৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in