আগ্ৰিপামৰ তেল ডিপো সন্মুখত ভয়কৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে ডাম্পাৰখনৰ চালকে গৈ গাড়ীসহ জামুগুৰি আৰক্ষী থানাত হাজিৰ হোৱাৰ কথা সদৰি কৰে
আগ্ৰিপামৰ তেল ডিপো সন্মুখত ভয়কৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ আগ্ৰিপামৰ তেলডিপোৰ সন্মুখত সংঘটিত হৈছে ভয়কৰ পথ দুৰ্ঘটনা ৷ সোমবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত মাৰুতি অল্ট' কে-১০ আৰু ডাম্পাৰৰ মুখামুখী সংঘৰ্ষৰ ফলত দুজন লোক গুৰুতৰভাৱে আহত হয় ৷

আহত দুয়োজনক স্থানীয় চিকিৎসালয় লৈ নিয়া হয় যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

প্ৰত্যক্ষদৰ্শীৰমতে ভোগালীৰ আনন্দ উল্লাসত মতলীয়া হৈ AS-12-AH-2789 নম্বৰৰ অল্ট' কে-১০ বাহনখনৰ চালকে তীব্ৰ বেগত গাড়ী চলাই আহি ডাম্পাৰখনত প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে ডাম্পাৰখনৰ চালকে গৈ গাড়ীসহ জামুগুৰি আৰক্ষী থানাত হাজিৰ হোৱাৰ কথা সদৰি কৰে আৰক্ষীয়ে ৷

আগ্ৰিপামৰ তেল ডিপো সন্মুখত ভয়কৰ পথ দুৰ্ঘটনা
ভোগালী বিহুৰ দিনাই ৰাজ্যবাসীৰ বাবে মুকলি 'আইদেউ' ছবিগৃহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in