আন ৰাজ্যৰ আছে, আমাৰহে নাই ৰাজ্যিক মাছ...

মাছ-পুঠিৰ অভাৱ নাছিল অসমত। নৈ-বিল, পুখুৰী আদিত থলুৱা মাছ উভৈনদী হৈ আছিল। অসমত প্ৰায় ২১৬ টা প্ৰজাতিৰ মাছ পোৱা যায়।

author-image
Asomiya Pratidin
New Update
আন ৰাজ্যৰ আছে, আমাৰহে নাই ৰাজ্যিক মাছ...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

মাছ-পুঠিৰ অভাৱ নাছিল অসমত। নৈ-বিল, পুখুৰী আদিত থলুৱা মাছ উভৈনদী হৈ আছিল। অসমত প্ৰায় ২১৬ টা প্ৰজাতিৰ মাছ পোৱা যায়। ইয়াৰে ১০০ বিধৰো অধিক মাছৰ আলংকৰিক মূল্য আছে। সেয়েহে অসমৰ থলুৱা মাছৰ এখন বৃহৎ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সম্ভাৱণা আছিল।

প্ৰায়েই শুনা যায় এক চক্ৰই অসমৰ এই বিলুপ্ত প্ৰজাতিৰ আলংকৰিক মাছবোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত বহু দামত বিক্ৰী কৰে।তেনে চক্ৰৰ পৰা গোপনে সৰবৰাহ কৰা মাছ মাজে সময়ে উদ্ধাৰো হয়।

লাও পুঠি,চেলেকনা, দৰিকনা, পখৰা দৰিকনা, সুন্দৰী দৰিকনা, কলা দৰিকনা, পাহাৰী বটীয়া, চন্দা, খলিহনা, পখৰা চেঙেলী, গংগাটোপ আদি মাছ আলংকৰিক মাছ হিচাপেও ব্যৱহাৰ কৰা হয়।

ভাৰতবৰ্ষত অলবন পানীত ৩২০ টা প্ৰজাতিৰ মাছ পোৱা যায়। তাৰ ভিতৰত ১০৫ টা প্ৰজাতিৰ মাছে উত্তৰ পূৰ্বাঞ্চলত পোৱা যায়। অসমৰ নৈ, বিলত পোৱা এই মাছবোৰ অৱশ্যে এতিয়া বিলুপ্ত হোৱাৰ দিশত।

ইমানবোৰ মাছ পোৱাৰ পাছতো এটা কাম অসমে এতিয়াও কৰা নাই বা কৰাৰ কথা ভৱা নাই। কিন্তু প্ৰায়বোৰ ৰাজ্যই একোটা মাছক ৰাজ্যিক মাছ হিচাপে স্বীকৃতি দি থৈছে। উদাহৰণ স্বৰূপে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক মাছ হ'ল শ'ল মাছ।

আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলে পিঠীয়া মাছ( Golden masheer)ক তেওঁলোকৰ ৰাজ্যিক মাছ হিচাপে ঘোষণা কৰিছে। একেদৰে বিহাৰৰ ৰাজ্যিক মাছ হ'ল মাগুৰ মাছ। হাৰিয়ানাই ৰাজ্যিক মাছৰ স্বীকৃিতি দি থৈছে কালবাসুক।

হিমাচল প্ৰদেশৰ ৰাজ্যিক মাছ পিঠীয়া, কৰ্ণাটকৰ পুঠি, কেৰালাৰ ৰাজ্যিক মাছ গেদগেদী, লক্ষ্য দ্বীপপুঞ্জৰ বাটাৰ ফ্লাই ফিছ, তেলেংগনাৰ শ'ল, ত্ৰিপুৰাৰ পাভ, উত্তৰাখণ্ডৰ পিঠীয়া, উত্তৰ প্ৰদেশৰ চিতল, আৰু পশ্চিম বংগৰ ৰাজ্যিক মাছ ইলিছ।

মিজোৰাম, মণিপুৰ , জম্মু-কাশ্মীৰ , উৰিষ্যা, নাগালেণ্ড আদিৰো নিজা নিজা ৰাজ্যিক মাছ আছে। অসমত উপলব্ধ উল্লেখযোগ্য মাছবোৰ ক্ৰমে-ৰৌ, বৰালী, চিতল, আৰি, শ'ল, শাল, এলেং, বাহু, কুহি,ভাঙোন,নেৰিয়া, নাদিনী, খলিহনা, কান্দুলী, শিঙি, মাগুৰ,দৰিকনা, মুৱা, চেলকনা, কৰতী,ক'ৰাং, হাৰভাগি, ৰঙাশিঙৰা, কাজলি পাভ, টুৰা, বৰদোৱা, বটিয়া, গৰৈ,বামী আদি অন্যতম।

অসমত পোৱা বহু মাছ দুষ্প্ৰাপ্য বা বিশ্বৰ অন্য প্ৰান্তত পোৱা নাযায়। তেনে এবিধ মাছ হ'ল চেং মাছ। ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু তাৰ আশে-পাশেহে এই মাছ পোৱা যায়। আন্তৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় মূল্যত একো একোটা চেং মাছৰ মূল্য লাখৰ ঘৰত।এতিয়া সেই মূল্য আৰু বৃদ্ধি পাইছে।

মাছৰ চোৰাং ব্যৱসায়ী সকলে এই মাছৰ সৰবৰাহ অতি গোপনে কৰে।কিন্তু ইয়াক উপযুক্ত প্ৰজনন আৰু সংৰক্ষণৰ ব্যৱস্থা কোনোৱে কৰা নাই।চেঙেলী মাছৰ কেইবাটাও প্ৰকাৰ আছে। ককিলা মাছো প্ৰায় বিপন্ন হোৱাৰ দিশে।

ইচ্ছা কৰিলে ৰাজ্যৰ মীন বিভাগ বা অসম চৰকাৰে চেং মাছক ৰাজ্যিক মাছ হিচাপে ঘোষণা কৰাৰ অৱকাশ আছে। এই বিষয়টোক লৈ দুই একে চৰ্চা কৰিলেও ইয়াক কাৰ্যকৰী কৰিবলৈ বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা নাই।

এই কাম কৰিবলৈ চৰকাৰক কোনো ধনৰ প্ৰয়োজন নহয়। বৰঞ্চ এনে পদক্ষেপৰ জৰিয়তে অসমত উপলব্ধ বিপন্ন প্ৰজাতিৰ মাছৰ সংৰক্ষণৰ ক্ষেত্ৰত এক জনমতৰ সৃষ্টি হ'ব।

চেং মাছৰ কেইবাটাও প্ৰজাতি আছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিলত পোৱা পিপলী চেং দেখাত বৰ ধুনীয়া আৰু আপুৰুগীয়া। অভিযোগ আছে যে এই পিপলী চেং মাছৰ চোৰাং সৰবৰাহকাৰীয়ে ৪০-৫০ হাজাৰ টকাত ক্ৰয় কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰে।

ৰাজ্য চৰকাৰে কেবিনেটৰ জৰিয়তে বহু প্ৰস্তাৱ গ্ৰহণ কৰি আহিছে। ৰাজ্যিক মাছ হিচাপে চেং মাছক ঘোষণা কৰিবলৈ কেবিনেটৰ জৰিয়তে এক প্ৰস্তাৱ গ্ৰহণ কৰিলে ইয়াক কাৰ্যকৰী কৰাত অসুবিধা নহয়।

এই মাছৰ ওপৰত সকলোৰে চকু। শেহতীয়াকৈ ২০২২ বৰ্ষৰ ২৩ অক্টোবৰত কাজিৰঙাৰ টুৰিষ্ট টেক্সীৰ পৰা ১০ টা পিপলী চেং উদ্ধাৰ কৰিছিল। এই মাছক চানা বাৰ্কা বুলিও জনা যায়।

অসমৰ এই আলংকৰিক মাছবোৰ সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ। গতিকে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগে। বন বিভাগেও তৎপৰতা প্ৰদৰ্শন কৰি ৰাজ্যবাসীক এটা ৰাজ্যিক মাছৰ উপহাৰ দিব পাৰে। মীন বিভাগৰ মন্ত্ৰী পৰিমল শূক্লবৈদ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় বিষয়টো বিবেচনা কৰিব।

আৰু পঢ়ক: ৰাজ্যত পুনৰ ৰেগিং বিতৰ্ক

assam fish parimal sukla baidya assam govt himanta biswa sarma