বাতি ভৰাই চিৰা লৈ খাই চাওক বুলু দাসৰ দৈ

বাতি ভৰাই চিৰা লৈ খাই চাওক বুলু দাসৰ দৈ

ভোগৰ বিহু ভোগালী । বজাৰত উভৈনদী ভোগৰ সামগ্ৰী । বিহু মানেই দৈ, গাখীৰ, ক্ৰীমৰ বিক্ৰী বাঢ়ে । কিন্তু এই দৈ, ক্ৰীম প্ৰস্তুত কৰা সকলৰ কথা কোনে ভাবে ? ঢকুৱাখনাৰ পৰা মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন...

পুৱাই চাৰিকড়ীয়া নৈৰ পাৰত বহিছে বজাৰ । দুশ টেকেলি ম’হ ৰ গাখীৰ লৈ বজাৰলৈ আহিছে বুলু  দাস । গ্ৰাহকৰ ভিৰ তেওঁৰ গাখীৰ টেকেলিৰ সন্মুখত । কিয়নো মানুহে জানে বুলু দাসৰ গাখীৰ ভেজাল নহয়।  বৰঘূলিৰ ম'হৰ ঘূলিৰ পৰা তেওঁ আনে খাটি ম'হৰ গাখীৰ  । প্ৰতি লিটাৰ ম’হৰ গাখীৰ বিক্ৰী কৰে ৯০ টকাত । দৈৰ দাম অৱশ্যে বিহু বুলি অলপ বেছি । ২ লিটাৰৰ ম’হ ৰ দৈৰ টেকেলি আজি বিক্ৰী কৰিছে তেওঁ  ২৭০ টকাত । মানুহে দূৰ দুৰৰ পৰা আহি কিনিছে গাখীৰ । গ্ৰাহকে ক'লে এওঁৰ গাখীৰৰ সোৱাদেই সুকীয়া ।

কেইবা দশক ধৰি তেওঁ এই ব্যৱসায়ৰ সৈতে জড়িত । পিতৃয়েও কৰিছিল গাখীৰৰ বেপাৰ । তেওঁ যেতিয়া গাখীৰ বিক্ৰীৰ কাম আৰম্ভ কৰিছিল তেতিয়া প্ৰতি লিটাৰ ম’হৰ গাখীৰ বিক্ৰী কৰিছিল ৩ টকাত । আজি ৩০ গুণ বাঢ়িল গাখীৰৰ দাম । তেওঁৰ গাখীৰ কিনিবলৈ অহা প্ৰতিজন গ্ৰাহকক  নমস্কাৰ জনাই তুলি দিছে গাখীৰৰ টেকেলি । ভোগৰ বতৰত সপৰিয়ালে দৈকণ খাবলৈ লৈ গৈছে বুলু দাসৰ গাখীৰ ।

তেওঁ ক'লে লাভ বৰ বেছি নাই । ভেজাল নকৰো বাবে মানুহৰ মৰম পাই আছো ইমান দিনে । চকু মুদি লৈ যায় মানুহে মোৰ গাখীৰ । এয়াইটো মোৰ প্ৰাপ্তি ।  ২০০ টেকেলি গাখীৰ বিক্ৰী কৰোতে তেওঁক কিমান সময় লাগিব । তেওঁ ক'লে, "খুব বেছি এঘন্টা । মোৰ চিনাকী মানুহবোৰে জানে মাঘৰ বিহুৰ উৰুকা আহিলে, উৰুকাৰ দিনা মই ইয়াত গাখীৰ লৈ বহি দিও ।"

কেৱল ঢকুৱাখনাৰে নহয়, ঘিলামৰা, গোগামুখৰ পৰাও মানুহ আহে মোৰ দৈ নিবলৈ । চাই থাকোতেই ৩০-৪০ জন মান গ্ৰাহকে কিনিলে তেওঁৰ দৈ । কোনো কোনোৱে দুই তিনিটা টেকেলিও কিনি নিলে । বিনম্ৰতাৰে মুখত হাহিটো লৈ ৭০ উৰ্ধৰ মানুহ জনে গ্ৰাহকৰ হাতত দৈৰ টেকেলি বোৰ তুলি দি গৈছে । তেওঁ কলে গাখীৰ বিক্ৰী কৰি বজাৰ সমাৰ লৈ ঘৰলৈ উভতিম ।

এনেদৰেই তেওঁ চলাই গৈছে এই ব্যৱসায় । ভোগৰ বতৰত বুলু দাসৰ দৈ খাবলৈ মানুহে ৰৈ থাকে । ঢকুৱাখনাৰ পুঠিমাৰীত ঘৰ তেওঁৰ । গাখীৰতো ভালেই, মানুহজনৰ ব্যৱহাৰ আৰু আচৰণে এই সময়খিনিক আৰু অনন্য কৰি তোলে ।

গ্ৰাহকৰ দীৰ্ঘদিনীয়া আস্থাই তেওঁৰ মূলধন । তেওঁ নজনাকৈয়ে তেওঁ দিয়া ম’হৰ গাখীৰ এটা ব্ৰেণ্ড হৈ পৰিছে । বাতি ভৰাই দৈ চিৰা খাবলৈ বুলু দাসৰ ম’হৰ দৈতকৈ উত্তম একো হ'ব নোৱাৰে । এই কথা এবাৰ তেওঁৰ পৰা দৈ কিনা প্ৰতিজন গ্ৰাহকেই উৎসৱৰ বতৰত অনুভৱ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in