ভোগালীৰ প্ৰস্তুতিৰ মাজতে কাজিৰঙাৰ হাতীখুলিত ভয়াৱহ পথ দুৰ্ঘটনা

ভোগালীৰ প্ৰস্তুতিৰ মাজতে কাজিৰঙাৰ হাতীখুলিত ভয়াৱহ পথ দুৰ্ঘটনা
  • ভোগালীৰ উচাহ-উদ্দীপনাৰ মাজতে কাজিৰঙাৰ হাতীখুলিত ভয়াবহ পথ দুৰ্ঘটনা

  • কয়লা ভৰ্তি ট্ৰাকে মহতিয়াই নিলে পথত খোজকাঢ়ি থকা পাঁচজনক

  • ইয়াৰে চিকেন্দৰ কৰ্মকাৰ, জগন্নাথ কৰ্মকাৰ আৰু আগনেশ কৰ্মকাৰ নামৰ তিনিজনৰ ঘটনাস্থলীতে মৃত্যু

  • হাতীখুলি নিৱাসী তিনিওজন একেটা পৰিয়ালৰে লোক

  • আনহাতে, গুৰুতৰভাৱে আহত মেগনাথ কৰ্মকাৰ আৰু বজৰংগী কৰ্মকাৰক সংকটজনক অৱস্থাত কহঁৰা বেজা বৈষ্ণৱ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে

  • দুৰ্ঘটনাটো সংঘটিত হয় পুৱা ৫-৩০ মান বজাত কাজিৰঙাৰ হাতীখুলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত

  • ইপিনে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চকা ফুটি যোৱাৰ ফলত মানুহকেইজনক মহতিয়াই হাতীখুলিৰ দলঙৰ তলত সোমাই পৰে অভিশপ্ত ট্ৰাকখন

  • আনহাতে, লগে লগে পলায়ন কৰে ট্ৰাকৰ চালক-হেণ্ডিমেনে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in