বিতৰ্কৰ অন্ত?যৌনতাত আইনৰ মোহৰ…

বিতৰ্কৰ অন্ত?যৌনতাত আইনৰ মোহৰ…

author-image
asomiyapratidin
New Update
বিতৰ্কৰ অন্ত?যৌনতাত আইনৰ মোহৰ…

বৰষা শৰ্মা

Advertisment

সমাজত পৰিৱৰ্তন নাহে বৰঞ্চ সমাজ ধ্বংসৰ গৰাহলৈ গতি কৰিব। মই ভাৱো সমাজত অশ্লীল ঘটনা ঘটাৰ সম্ভাৱণা বেছি হ'ব। মই ইয়াক কেতিয়াও বৈধ হিচাপে গণ্য নকৰো কিছুমান কাম লুকাই-চুৰিকৈ কৰি ভাল – উচ্চতম ন্যয়ালয়ে দেহ ব্যৱসায় বৈধ বুলি ৰায় দিয়াৰ পাছতেই এগৰাকী যৌন কৰ্মীৰ মন্তব্য এয়া।

বিভিন্ন সময়ত সমাজৰ পৰা, ব্যক্তি বিশেষৰ পৰা কঠোৰ প্ৰত্যহ্বানৰ সন্মুখীন হৈ জীৱন নিৰ্বাহ কৰি অহা যৌন কৰ্মী সকলে যেন অলপ সকাহ পাইছে। এই বৃত্তিটোয়ে যেন অলপ মৰ্যদা পাইছে। উচ্চতম ন্যয়ালয়ে এই বৃত্তিটোক সন্মানজনক বা পেচাদাৰী বৃত্তি হিচাপে স্বীকৃতি দিয়াৰ লগে লগে হয়তো সুখৰ চিটিকনি দিছে যৌন কৰ্মী সকলৰ মাজত।

কিন্তু উচ্চতম ন্যায়ালয়ে দিয়া এটা ৰায়ৰ পাছতেই যেন একাংশ লোকৰ যৌন কৰ্মী সকলৰ প্ৰতি থকা দৃষ্টি ভংগী সলনি হৈ যাব তেনে নহয়। আনকি একাংশ যৌন কৰ্মীয়ে বৈধ বুলি স্বীকৃতি পোৱাৰ পাছতো হয়টো কুন্ঠাবোধ কৰিব সমাজক নিজকে যৌন কৰ্মী বুলি পৰিচয় দিবলৈ।

২৬ মে'ত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশত্ৰয় এল নাগেশ্বৰ ৰাও, বি আৰ গাভাই আৰু এ এছ বোপান্নৰ নেতৃত্বত গঠিত ৩ জনীয়া বিচাৰপীঠে যৌন কৰ্মীৰ অধিকাৰ সুনিশ্চিত কৰাৰ অৰ্থে ৬ বিশেষ নিৰ্দেশনাৱলী জাৰি কৰে।

ন্যায়ালয়ে ৰায় প্ৰদান কৰি কয় যে দেহ ব্যৱসায় অবৈধ নহয়। যৌন কৰ্মক এক বৃত্তি হিচাপে বিবেচনা কৰি প্ৰাপ্ত বয়স্ক আৰু সন্মতিসাপেক্ষে দেহ ব্যৱসায়ৰ সৈতে জড়িত যৌনককৰ্মীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজ নকৰিবলৈ আৰক্ষীক নিৰ্দেশ ন্যায়ালয়ৰ। লগতে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ আৰক্ষীক নিৰ্দেশ দি দেহ ব্যৱসায়ৰ সৈতে জড়িত যৌন কৰ্মী সকলৰ কাম কাজত হস্তক্ষেপ নকৰিবলৈ আদেশ দিয়ে। এই সন্দৰ্ভত ২৭ জুলাইত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য সমূহক উত্তৰ দিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে।

ন্যায়ালয়ে  কয় যে সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসৰি দেশৰ প্ৰতিগৰাকী লোকৰে সন্মানীয় জীৱন জীৱাই থকাৰ অধিকাৰ আছে। বহু সময়ত যৌন কৰ্মী সকল আৰক্ষীৰ ওচৰত হাৰাশাস্তি হ'ব লগীয়া হয়। এয়া হ'ব নালাগে। ।যৌন কামত লিপ্ত হোৱাটো অবৈধ নহয় কিন্তু পতিতালয় চলোৱাটো অবৈধ।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই দেশৰ বিভিন্ন স্থানত যৌনকৰ্মী সকলে সন্তুষ্টি প্ৰকাশ কৰা দেখা যায়। কিন্তু ইয়াৰ বিপৰীতে একাংশই অসুন্তুষ্টিও প্ৰকাশ কৰিছে।

 গুৱাহাটী মহানগৰীৰ এগৰাকী যৌন কৰ্মীয়ে এই সন্দৰ্ভকত কয় যে ভাল লগা নাই, বেয়া লাগিছে। কিছুমান বস্তু লুকাই চুৰিকৈ কৰিয়েই ভাল লাগে। মই স্ব-ইচ্ছাই দেহ ব্যৱসায় কৰো। কিন্তু ইয়াক বৈধ কৰাৰ লগে লগে মই ভাল পোৱা নাই।আমাৰ এখন সমাজ আছে, সমাজৰ ৰীতি নীতি মানি চলো। মই আশা কৰো নতুন প্ৰজন্মই সেয়া মানি চলক। কিন্তু ইয়াক বৈধ কৰাৰ লগে লগে কোনো বাচ বিচাৰ নোহোৱা হ'ব । মুকিল কৰি দিয়াৰ লগে লগে কলেজৰ ল'ৰা ছোৱালী খিনি বেয়া হব।মই ইয়াক কেতিয়াও বৈধ হিচাপে গ্ৰহণ নকৰো।

এই ৰায়ত সমাজৰ কি পৰিৱৰ্তন আহিব এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে সমাজত পৰিৱৰ্তন নাহে বৰঞ্চ সমাজ ধ্বংসৰ গৰাহলৈ গতি কৰিব। মই ভাৱো সমাজত অশ্লীল ঘটনা ঘটাৰ সম্ভাৱণা বেছি হ'ব।

আন এগৰাকী যৌন কৰ্মীয়ে কয় যে এই ৰায়ৰ ক্ষেত্ৰত তেওঁ সুখী । কাৰণ বহু ক্ষেত্ৰত তেওঁলোক আৰক্ষীৰ লাঞ্চনাৰ সন্মুখীন হ'বলগীয়া ,হয়। বহু সময়ত আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰে। কিন্তু এই ৰায়ে তেওঁলোকক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিলে  যাৰ বাবে তেওঁ সুখী।

এই সন্দৰ্ভত অধিবক্তা শান্তনু বৰঠাকুৰে কয় যে "মই ভাৱো যে এইটো খুব গুৰুত্বপূৰ্ণ ৰায় দিছে উচ্চতম ন্যায়ালয়ে। আমাৰ এই মানুহখিনিৰ ওপৰত সদায় সমাজৰ মাৰ্জিত জীৱন যাপন কৰি থকা মানুহ আছিল। তেনেকুৱা পৰিস্থিতিত তেওঁলোকে আৰক্ষীৰ হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হয়। লগতে বহু সময়ত অপৰাধীৰ শাৰীত ধৰা হয়। সেই ক্ষেত্ৰত মই ভাৱো যে তেওঁলোকৰ সন্মানীয় জীৱন জীৱাই থকাৰ যি অধিকাৰ সেয়া ন্যায়ালয়ে স্বীকৃতি দিছে"।

এই ৰায়ে সমাজত কি প্ৰভাৱ পেলাব সেই সন্দৰ্ভত অধিবক্তা গৰাকীয়ে কয় যে" ন্যায়ালয়ৰ এটা ৰায়ে এখন সমাজৰ মানুহৰ যৌন কৰ্মী সকলৰ প্ৰতি থকা সামাজিক দৃষ্টিভংগী  সলনি কৰি দিব বুলি নাভাবো। কিন্তু মানুহক এই সন্দৰ্ভত সজাগতা কৰোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই ৰায়ে। তদুপৰি দৈনন্দিন জীৱনত যৌন কৰ্মী সকলে যি সমস্যাৰ সন্মুখীন হৈ আছে আৰক্ষীৰ হাতত লাঞ্চিত হৈ থাকিব লগীয়া হয় সেইবোৰৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ৰায়। তেওঁলোকক মৰ্যদা সহকাৰে জীৱাই থকাৰ অধিকাৰ এই ৰায়দানে তুলি ধৰিছে"।

সমাজ পৰিৱৰ্তন হ'বলৈ সময় লাগে। হয়তো এই যৌন কৰ্মী সকলৰ প্ৰতি থকা সমাজৰ একাংশ লোকৰ থকা দৃষ্টিভংগীও মুহুৰ্ততে সলনি হৈ নাযায়। কিন্তু সলনি হোৱাটো প্ৰয়োজন।একাংশ লোকে এই যৌন কৰ্মী সকলক হেয় প্ৰতিপন্ন কৰি আহে।

যি সকলে যৌন কৰ্মীক এক বৃত্তি হিচাপে লৈ জীৱন নিৰ্বাহ কৰি আহিছে তেওঁলোকৰ এয়াই হৈছে জীৱাই থকাৰ সমল। দেহ ব্যৱসায় কৰিয়েই একাংশই চলাই আছে একোটা পৰিয়াল, থিয় দিছে নিজৰ ভৰিত।

চৰকাৰী পৰিসংখ্যা অনুসৰি, দেশত দুই মিলিয়নৰ অধিক যৌন কৰ্মী আছে।এই পেচা তেওঁলোকৰ বাবে সকলো। তেওঁলোক দেহ ব্যৱসায় কৰি সুখী গতিকে তেওঁলোকৰ সন্মানপূৰ্বক ভাৱে জীৱাই থকাৰ অধিকাৰত কাৰো আঘাত হনাৰ অধিকাৰ নাই।

সমাজ এখনত সকলোৰে সন্মানপূৰ্বকভাৱে জীৱাই থকাৰ অধিকাৰ আছে। সংবিধানে দিছে এই অধিকাৰ। গতিকে এই অধিকাৰৰ পৰা কোনোৱে কাকো বঞ্চিত কৰিব নোৱাৰে। এই ৰায়ৰ পাছত ভৱিষ্যতে নাৰী পুৰুষ নিৰ্বিশেষে সামগ্ৰিক ভাৱে সমাজ ব্যৱস্থাটোৱে এই বৃত্তিটোৰ প্ৰতি কি দৃষ্টিভংগী দিয়ে সেয়া এক উল্লেখনীয় বিষয়।

আৰু পঢ়ক: দেহাই মোৰ বেহা…

assam police supreme court central govt sex workers