দেহাই মোৰ বেহা…

দেহাই মোৰ বেহা…

বৰষা শৰ্মা

"এগৰাকী মহিলা। শিৰত সেন্দুৰ, মুখত এটি হাঁহি লৈ এজন অচিনাকী পুৰুষৰ লগত সোমাই গৈছিল এটা কোঠালৈ। সেই মুহুৰ্তৰ পৰাই আৰম্ভ হৈছিল পুনমৰ জীৱনৰ অন্য এক পৃষ্ঠা।বিনা দ্বিধাই এটা কোঠাৰ ভিতৰত অচিনাকী মানুহৰ সন্মুখত খুলিছিল কাপোৰ। কাৰণ তেওঁৰ বাবেই টকাই সকলো"।

ভাৰতত যৌন বেহা এক এনে বৃত্তি যাক সম্পূৰ্ণ বৈধ বা অবৈধ বুলি ক'ব নোৱাৰি। কাৰণ, ভাৰতৰ বিভিন্ন ঠাইত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বেশ্যালয় আছে আৰু বহু যৌনকৰ্মীৰ অনুজ্ঞাপত্ৰও আছে । নিৰ্দিষ্ট কিছুমান বেশ্যালয়ৰ বাহিৰে, সামগ্ৰিকভাৱে, সমগ্ৰ দেশত বেশ্যাবৃত্তি এতিয়াও এক প্ৰকাৰ নিষিদ্ধ । অৰ্থাৎ, ই প্ৰচলিত ভাৰতীয় আইনৰ পৰিপন্থী । বহু সময়ত এই বৃত্তিলৈ কিছুমানক বলপূৰ্বকভাৱে ঠেলি দিয়া হয়। অৱশ্যে তাৰ মাজতো এনে কিছুমান লোক আছে যিয়ে আৰ্থিক পৰিস্থিতি বা স্ব ই-ইচ্চাই নিজৰ দেহ বিক্ৰী কৰে।হয়, আমি কৈ আছো যৌন কৰ্মীৰ কথা।


এগৰাকী নাৰীয়ে নিজৰ দেহ বিক্ৰী কৰাটো সহজ নহয়। কিমান কষ্টত বা কি পৰিস্থিতিত পৰি তেওঁলোকে এই উপাৰ্জনৰ পথ বাছি লৈছে সেয়া হয়তো কল্পনাতীত। প্ৰতি গৰাকী যৌন কৰ্মীৰ মুখতে ফুটি থাকে এটা হাঁহি। এই হাঁহিটোৱে হ'ল তেওঁলোকৰ বৃত্তিৰ অন্যতম বৈশিষ্ট। যদি হাঁহি নাথাকে তেওঁলোকৰ ওচৰত জানো কোনোবা আহিব।
কেনেকুৱা হ'ব পাৰে এগৰাকী যৌন কৰ্মীৰ জীৱন প্ৰণালী। এই সম্পৰ্কে জানিবলৈ আমি উপস্থিত হৈছিলো মহানগৰীৰ কেইগৰাকী মান যৌন কৰ্মীৰ ওচৰত। কিছুমান বিশেষ কাৰণত তেওঁলোকৰ নাম সলনি কৰি দিয়া হৈছে বা পৰিচয় প্ৰকাশ কৰিব নোৱাৰিলেও প্ৰতিটো শব্দতেই থাকিব তেওঁলোকৰ জীৱনৰ জীয়া কাহিনী।

এক আছুতীয়া সাক্ষাতকাৰত পুনমে (নাম সলনি কৰা হৈছে) কৈছিল তেওঁৰ জীৱন বৃত্তান্ত। মুখত হাঁহি, শিৰত সেন্দুৰ লোৱা এগৰাকী মহিলা বহিছিল মোৰ সন্মুখত। তেওঁৰ বয়স ৪৭-৪৮ বছৰ। যেতিয়া মই জানিব বিচাৰিছিলো তেওঁৰ এই বৃত্তিৰ অন্তৰালৰ কাহিনী তেতিয়া তেওঁ কৈ গৈছিল সকলো। তেওঁ এগৰাকী বিবাহিতা মহিলা, আছে স্বামী আৰু ৩টাকৈ সন্তান। ১৯৯৭ চনৰ পৰা বৰ্তমান সময়লৈকে প্ৰায় ২৫ বছৰ ধৰি তেওঁ এই বৃত্তিৰ লগত জড়িত হৈ আছে। বিয়াৰ প্ৰায় এবছৰলৈ সকলো ঠিকেই আছিল কিন্তু তাৰপাছত তেওঁলোকৰ মাজলৈ আহিছিল প্ৰথম সন্তানটি। লাহে লাহে দেখা দিছিল অভাৱ-অনাটন। বহুতৰ ঘৰত কাম কৰি টকা পোৱা নাছিল, স্বামীৰ বেমাৰ আজাৰ ঘৰত কাম কৰি টকা পোৱা নাছিল, স্বামীৰ বেমাৰ অভাৱ অনাটনে জুৰুলা কৰিছিল পৰিয়ালটোক। আৰু তেতিয়াই তেওঁ ক'ব নোৱাৰাকে সোমাই পৰিছিল এই বৃত্তিত।

তেওঁ কৈছিল "মই ক'ব নোৱাৰিলো কেনেকৈ সোমাই পৰিলো এই বৃত্তিত। এদিন মই মোৰ ছোৱালীক স্কুলত থ'বলৈ যাঁওতেই ওচৰৰ এগৰাকী চিনাকী মহিলাই মোক ক'লে যে তেওঁৰ জীয়ৰীৰ অসুখ। গতিকে মই সহায়ৰ বাবে যাব লাগে। মই গ'লো। কিন্তু যেতিয়া ঘৰ পালো তেতিয়া এটা ৰুমত এজন মানুহ বহি আছিল আৰু বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি দিছিল। তেতিয়া মই একো ধৰিবই পৰা নাছিলো।সেইদিন মই নিজকে সপি দিব পৰা নাছিল। তথাপিও অহাৰ সময়ত মোক ১৫০ টকা এটা গুজি দিছিল। মোৰ ভাল লাগিছিল। মই মোৰ ছোৱালীৰ বাবে চকলেট লৈ আহিছিলো আৰু বাকীখিনি পইচা ব্লাউজৰ ভিতৰত সোমাই লৈছিলো। কিয়নো স্বামীয়ে প্ৰশ্ন কৰিলে মই কি উত্তৰ দিম? মই অৱশ্যে টকাখিনি পাই ভালো পাইছিলো। তাৰপাছতেই মই লাহে লাহে এই বৃত্তিত সোমাই পৰিছিল"।

মহিলা গৰাকীয়ে জনাই যে তেওঁ প্ৰায় ৩-৪ বাৰ গৰ্ভৱতী হৈছে আৰু তেওঁ প্ৰতিবাৰেই ঘৰুৱা পদ্ধতিৰেই গৰ্ভপাত কৰিছে।মহিলা গৰাকীয়ে জনাই যে তেওঁ এতিয়াও এই বৃত্তিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। দিনত তেওঁৰ ওচৰলৈ ৫ ৰ পৰা ৭ জনলৈ গ্ৰাহক আহে। ইয়াৰ ভিতৰত আছে ২০-২২বছৰীয়া যুৱকো। আহে বিবাহিতা মানুহো। মহিলা গৰাকীয়ে কৈছিল ''সিহতে কয় ঘৰৰ ডালি ভাত খাই ভাল নালাগে সেয়ে মোৰ ওচৰলৈ আহে''। এইখিনিতে উল্লেখ কৰিব লাগিব যে মহিলা গৰাকীৰ দুগৰাকী ছোৱালী আৰু এটি লৰা সন্তান আছে। আটাইকেইজনে শিক্ষিত আৰু মাতৃৰ এই বৃত্তিৰ বিষয়ে জ্ঞাত। পুনমে জনোৱা অনুসৰি তেওঁ এজন মানুহৰ পৰা মাত্ৰ ২০০ ৰ পৰা ৫০০ টকা লাভ কৰে আৰু কেতিয়াবা সেই ৫০০ টকাৰ বিনিময়তে ৪-৫ জন মানুহে যৌন সম্পৰ্ক স্থাপন কৰে।

ইয়াৰ পাছতেই জীৱনৰ কাহিনী বিচাৰি গৈছিলো অন্য এগৰাকী মহিলা পুষ্পাৰ ওচৰত। তেওঁৰ বয়সো প্ৰায় ৫০ৰ ওচৰা-ওচৰি।ভালপোৱা, মৰম আৰু টকাৰ ওচৰত হাৰ মানি এই গৰাকী মহিলাই বাছি লৈছিল এই বৃত্তি। নিজৰ প্ৰেমিকৰ লগত বিয়া হোৱাৰ পাছতো কেনেকৈ এগৰাকী মহিলাই নিজকে বেশ্যা হিচাপে পৰিচয় দিবলৈ কুণ্ঠাবোধ নকৰে তাৰ আঁৰৰ কাহিনী শুনিলে আচৰিত হ'ব আপুনিও।তেওঁৰ প্ৰতিটো হাঁহিৰ আঁৰতেই স্পষ্ট হৈ উঠিছিল এক ৰহস্য।

তেওঁ কৈছিল, "মোৰ জীৱনটো বহুত বেলেগ। সকলো থাকিও মই অকলে। মোৰ দুটা ল'ৰা ছোৱালী আৰু মোৰ স্বামীও আছে।কিন্তু তাৰ পাছতো মই অকলশৰীয়া। মই চাকৰি সংক্ৰান্ত কাৰণতেই আহিছিলো গুৱাহাটীলৈ। প্ৰথম অৱস্থাত চাকৰিও কৰিছিলো প্ৰথম অৱস্থাত চাকৰিৰ প্ৰয়োজন অত্যাধিক হৈ পৰে আৰু ঘৰৰ মানুহ খিনিৰ পৰা মই আছিলো বহু দূৰত। মোৰ দাদা আৰ্মী, দেউতা গাঁও পঞ্চায়তৰ সভাপতি। কিন্তু ঘৰৰ মানুহবোৰে যেতিয়া গুৰুত্ব কম দিয়ে তেতিয়া নিজে নিজেই দূৰত অহা যায়। মই মোৰ সৰু চাকৰিটোৰে ভালদৰে আছিলো। কিন্তু তেতিয়াই মই এজন লৰাক লগ পাইছিলো। যাৰ লাল বিলাস অত্যাধিক। মোক কৈছিল পইচা ঘটাৰ উপায়।মোক বহুবাৰ শ্বিলঙলৈও লৈ গৈছিল যদিও তেতিয়ালৈকে মই এই বৃত্তিত সোমোৱা নাছিলো। কিন্তু মই পৰোক্ষভাৱে জড়িত হৈ পৰিছিলো এই বৃত্তিটোত''।

'' ২০০০ চনত মই বিয়া হ'লো। সেই বিয়াখন আছিল মোৰ প্ৰেম বিবাহ। কিন্তু এই বিয়াখনত একোৱে ঠিক নাছিল। মই সেই সময়ত বিবাহ বিচ্ছেদৰ কথা ভাৱিও এৰিব পৰা নাছিলো। কাৰণ সমাজত বিবাহ বিচ্চেদ এটা বেয়া কথাৰ শাৰীত ধৰা হয় । দিনক দিনে আৰম্ভ হৈছিল মোৰ ওপৰত শাৰীৰীক মানসিক অত্যাচাৰ। স্বামীৰ পৰিয়ালৰ প্ৰতিজনেই কৰিছিল অত্যাচাৰ।আত্মকেন্দ্ৰিক মানুহজনে মোক গুৰুত্ব দিয়া নাছিল। যেতিয়া কাৰোবাৰ মৰম পোৱা নাযায় তেতিয়াই মানুহে যিকোনো বেয়া কামেই কৰিব পাৰে। মোৰ ছোৱালীকৰ বয়স যেতিয়া ডেৰ বছৰ আছিল তেতিয়াই মই ভৰি দিছিলো এগৰাকী যৌন কৰ্মী হিচাপে। আৰু এতিয়া কেৱল মোক টকা লাগে আৰু মোৰ ওচৰলৈ অহা মানুহ জনক দিব লাগে চেটিচফেকশ্যন। আন পুৰুষ এজনক সুখী কৰিবলৈ আমি নাটকো কৰিব লাগে। আৰু মই এগৰাকী ভাল নায়িকা হয়''।

''মই এতিয়াও এটা সৰু চাকৰি কৰো কিন্তু তাৰ পাছতো নিজকে এক আৱৰণৰ মাজত ঢাকি সমাজৰ আগত ভাল মানুহ হিচাপে পৰিচয় দি এই কাম কৰাটো বৰ কঠিন।মোৰ স্বামী, সন্তানে জানে মই এগৰাকী ভাল মানুহ কিন্তু মই জানো মই কি হয়"।

"কিছুমানে কয় আনৰ পুৰুষক চোৱা ভাল নহয়, কিন্তু আনৰ পুৰুষক চোৱাৰ বাবেই আজি মই ভালদৰে খাই লৈ সন্তানক পঢ়ুৱাই আছো। কিন্তু প্ৰতিটো মুহুৰ্ততে মোৰ অনুতপ্ত হয়, কিহৰ বাবে মই সোমালো এই বৃত্তিত। ভাগ্যত মোৰ এয়াই আছে এতিয়া তাকেই ভাৱো। কিন্তু মই সুখী যে সন্তানক প্ৰাইভেট স্কুলত পঢ়োৱাই আছো।
মই বহু এনে মানুহ লগ পাইছো যিয়ে মোক কয় তোক মই সুখত ৰাখিম তই এইবোৰ এৰি দে। কিন্তু মই এটি মুক্ত বিহংগনী হৈ থাকিবলৈ ভাল পাঁও''।

গ্ৰাহকৰ ব্যৱহাৰ সন্দৰ্ভত তেওঁ কয় যে ''প্ৰায় ভাগ গ্ৰাহকৰ মুখত কেৱল এটাই কথা যে টকা দিছে গতিকে ভোগ কৰিব বিচাৰে। কিন্তু আমিও মৰম বিচাৰো। বহু সময়ত গালি গালাজ পৰে গ্ৰাহকবোৰে। মদ খাই চিঞৰে। বহু গ্ৰাহকে শাৰীৰীকভাৱে অত্যাচাৰো কৰে। মোৰ কেতিয়াবা বহুত ভয় লাগে সন্তানে এইবোৰ কথা গ'ম পাব। হয়তো মই অভিনয় কৰিব নাজানিলে সমাজত কলংকিনী নাৰী হৈ পৰিচয় দিব লাগিলে হেতেন। কিন্তু এতিয়াৰ সমাজত মই ভাল মানুহ"। উল্লেখ্য যে, মহিলা গৰাকীয়ে জনোৱা মতে তেওঁ মাত্ৰ ২০০ টকাতে সেৱা আগবঢ়াই। তেওঁ কয় যে, "মই ধুনীয়া নহয়, সেয়ে বেছি গ্ৰাহক নাপাঁও"।

"মই মাজতে আন এক বৃত্তিও হাতত লৈছো।মই বোবাৰ ভাও ধৰি মহানগৰীত ভিক্ষাও মাগিছিলো। কিন্তু এই বৃ্ত্তি এৰিব পৰা নাছিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখী মানুহ গৰাকী মইয়েই। কাৰণ মৰি মৰি জীয়াই আছো মই। মোৰ ছোৱালীৰ বয়স ২১ বছৰ কিন্তু মই কাম দিও মোৰ ছোৱালীতকৈ কম বয়সীয়া ছোৱালীকো"।

অৱশ্যে মই এটা কথা ক'ব বিচাৰো এই বৃত্তিত থকাৰ বাবে সুখেৰে ভাত সাজ খাইছো। কিন্তু ভাগ্যত যি আছে হ'বই। নিজৰ পুৰুষ থকাৰ পাছতো অন্য পুৰুষক ভোগ কৰাতো সকলোৰে ভাগ্যত নাথাকে। জন্মত লিথি আহিব লাগে''।

ইয়াৰ পাছতেই যৌন কৰ্মী কৰবীৰ পৰা জানিবলৈ চেষ্টা কৰিছিলো তেওঁৰ জীৱন বৃত্তান্ত। কৰবীৰ বয়স ২৪ৰ পৰা ২৫ ৰ ভিতৰত হ'ব। প্ৰায় ১৯ বছৰৰ পৰাই তেওঁ জড়িত হৈ আছে এই বৃত্তিত। তেওঁৰ চকুত নাছিলো কোনো ধৰণৰ শংকা, অনুতপ্তৰ চিন । তেওঁ এই বৃত্তিক লৈ সুখী।যেতিয়া আমি শুধিছিলো যে কেনে গ্ৰাহক তেওঁলোকৰ ওচৰলৈ আহে। তেতিয়া কৈছিল যে ২০ ৰ পৰা ৬৫ বছৰ বয়সীয়া মানুহো তেওঁলোকৰ ওচৰলৈ আহে। কিন্তু এগৰাকী যুৱতীয়ে নিজৰ ককাক সম এগৰাকী পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰা জানো সহজ? তেওঁ কৈছিল, "সহজ একোৱেই নহয়, কিন্তু তাৰ আগত নিচা কৰো। নিচা কৰিলে আৰু একো কথালৈ আহে নাযায়।আৰু বেছি বয়সৰ মানুহ ওচৰলৈ আহিলে ভালহে। তেওঁ কয় যে দিনত প্ৰায় ৯ ৰ পৰা ১০ জনকৈ গ্ৰাহক তেওঁলোকৰ ওচৰলৈ আহে। তেওঁ নিশা কটোৱাৰ বাবদ ১০ৰ পৰা ১২ হাজাৰ টকা পৰ্যন্ত লয়।

উল্লেখ্য যে, এই যৌন কৰ্মী প্ৰতি গৰাকীৰে জীৱন অত্যন্ত পৃথক। কোনোবাই এই বৃত্তিৰ পৰা ওলাই আহিব বিচাৰিও পৰা নাই কাৰণ তেওঁলোকৰ মতে এয়া সজহ নহয়। তদুপৰি তেওঁলোকে জনোৱা অনুসৰি এই বৃত্তিত জড়িত হৈ আছে ১৫ ৰ পৰা ১৬ বছৰীয়া কিশোৰী। (আমি পিছৰ পৰ্যায়ত বিতংভাৱে প্ৰকাশ কৰিম)।

কিন্তু এই প্ৰতি গৰাকী মহিলাই বিচাৰে যৌন কৰ্ম বৈধ হোৱাটো। এখন বিশেষ কমিটিৰ সহায়ত তেওঁলোকে অনুজ্ঞাপত্ৰৰ বাবে আৱেদন জনালেও লাভ কৰা নাই অনুজ্ঞাপত্ৰ। অৱশ্যে শিলচৰৰ একাংশ যৌনকৰ্মীক প্ৰদান কৰা হৈছে অনুজ্ঞাপত্ৰ। ইয়াৰ মাজতে আমি এটা কথা উল্লেখ কৰিব লাগিব যে বৈধ নহ'লেও গুৱাহাটী মহানগৰীতে বহুতেই মুকলিকৈ চলাই গৈছে এই দেহ ব্যৱসায়। প্ৰশ্ন হয়, জনতা ভৱনৰ পৰা মাত্ৰা ১০০-২০০ মিটাৰ দূৰত কেনেদৰে চলি আছে এই অবৈধ বেহা?

চৰকাৰী পৰিসংখ্যা অনুসৰি, দেশখনত দুই মিলিয়নৰ অধিক যৌন কৰ্মী আছে। অন্যহাতে আমি লাভ কৰা এক বিশেষ তথ্য অনুসৰি (তথ্য প্ৰকাশৰ পৰা বিৰত) কামৰূপ(মেট্ৰ, গ্ৰাম্য) ত প্ৰায় ১৫০০ মহিলা যৌনকৰ্মী আছে আৰু ইয়াৰে প্ৰায় ৪৭১ গৰাকী সক্ৰিয়। তদুপৰি বহু যৌনকৰ্মী আছে যি এইচ আই ভি ৰোগত আক্ৰান্ত।

উল্লেখ্য যে, মহানগৰী স্থিত এটি এন জি অই এই মহিলা যৌন কৰ্মী সকলৰ হকে অহৰহ কাম কৰি হৈছে। এই প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সজাগতা মূলক সভাও অনুষ্ঠিত কৰে। প্ৰতিমাহে তেওঁলোকে তেজ পৰীক্ষা কৰাৰ উপৰিও ৬ মাহৰ মুৰে মুৰে বিভিন্ন পৰীক্ষা কৰে। এনজিঅৰ পৰা জানিব পৰা মতে গুৱাহাটীত পূৰ্বৰ তুলনাত কম হ'লেও এতিয়াও বহু যৌন কৰ্মী আক্ৰান্ত হয় এইচ আই ভিত।

(তেওঁলোকৰ অনুগ্ৰহ আৰু বিশেষ কাৰণত মহিলা সকলৰ নাম সলনি কৰি দিয়া হৈছে)

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in