৫ নবেম্বৰত চৰাইদেউত বৰগোহাঞি বংশাৱলীৰ বিশেষ প্ৰতিনিধি সভা...

৫ নবেম্বৰত চৰাইদেউত বৰগোহাঞি বংশাৱলীৰ বিশেষ প্ৰতিনিধি সভা...

author-image
Asomiya Pratidin
New Update
৫ নবেম্বৰত চৰাইদেউত বৰগোহাঞি বংশাৱলীৰ বিশেষ প্ৰতিনিধি সভা...

৫ নবেম্বৰত চৰাইদেউত বৰগোহাঞি বংশাৱলীৰ বিশেষ প্ৰতিনিধি সভা...

ডিজিটেল সংবাদ চৰাইদেউঃ অহা ৫ নবেম্বৰত চৰাইদেউ জিলাৰ পৰ্যটন নিগমৰ চ্যুকাফা অতিথি শালাত ( চৰাইদেউ মৈদামৰ প্ৰৱেশ পথৰ ওচৰত) সদৌ বৰগোহাঞি বংশাৱলীৰ এখনি গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা আহ্বান কৰা হৈছে। বৰগোহাঞি বংশাৱলীৰ মথুৰাপুৰ আৰু এঙেৰা আঞ্চলিক সমিতিৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভালৈ বৰগোহাঞি বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপদেষ্টা মণ্ডলী , বিষয়-ববীয়া, সদস্যৰ উপৰি প্ৰতিখন আঞ্চলিক সমিতিৰ সভাপতি- সম্পাদকসহ ৫ জনকৈ প্ৰতিনিধি বংশধৰ উপস্থিত থাকিবৰ বাবে সদৌ বৰগোহাঞি বংশাৱলীৰ সাধাৰণ সম্পাদক দিগন্ত বৰগোহাঞিয়ে অনুৰোধ জনাইছে ।

Advertisment

বিশেষ প্ৰতিনিধি সভাত সদৌ বৰগোহাঞি বংশাৱলীৰ শতবৰ্ষীয় অধিবেশনৰ প্ৰস্তুতি, বৰগোহাঞি বংশলতিকা, স্মৃতিগ্ৰন্থ প্ৰকাশ, পৰিয়াল সমীক্ষা পত্ৰ , সাংগঠনিক- সংবিধানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ'ব ।

Also Read: বিশিষ্ট সমাজকৰ্মী নৱজ্যোতি বৰাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন...

চৰাইদেউ