বিশিষ্ট সমাজকৰ্মী নৱজ্যোতি বৰাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন...

বিশিষ্ট সমাজকৰ্মী নৱজ্যোতি বৰাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন...

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সমাজকৰ্মী নৱজ্যোতি বৰাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন...

বিশিষ্ট সমাজকৰ্মী নৱজ্যোতি বৰাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইডঙীয়া অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী নৱজ্যোতি বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি বৃহস্পতিবাৰে ৰাইডঙীয়া ৰাজহুৱা মঞ্চত সম্পন্ন হৈ যায়। শোকাকুল পৰিবেশৰ মাজেৰে সোনাইপৰীয়া টেন্ট ব্যৱসায় সন্থাৰ সভাপতি যঞ্জ্য বৰা, সম্পাদক ত্ৰৈলোক্য হাজৰিকাৰ লগতে বিষয়ববীয়া তথা স্থানীয় ৰাইজৰ উপস্থিতিত অশ্ৰুসিক্ত নয়নেৰে প্ৰয়াত নৱ জ্যোতি বৰাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

Advertisment

আৰম্ভণিত বন্তি প্ৰজ্বলন কৰে মানৱ বৰাই, পুস্পাঞ্জলি অৰ্পন কৰে যতিধ বৰাৰ লগতে উপস্থিত ৰাইজৰ লগতে নৱ জ্যোতি বৰাৰ পৰিয়াল বৰ্গ আৰু উপস্থিত ৰাইজে। দিনযোৰা কায্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানত কীৰ্তন পাঠ কৰে পাঠক মানব বৰাই। নাম কীৰ্তনৰ অন্তত নিমন্ত্ৰিত নামতি দল সোনাই পৰীয়া শংকৰ মাধৱ নামতি দলে দিহানাম পৰিবেশন কৰে।

Also Read: জাতীয়তাবাদী শিবিৰৰ অন্যতম পথ প্ৰদৰ্শক, আধুনিক হাউলীৰ নিৰ্মাতা পৰমানন্দ দাস আৰু নাই...

বটদ্ৰৱা