ধন নে জনস্বাৰ্থ! পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ ৰহস্যজনক পত্ৰ

পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এখন পত্ৰই শংকিত কৰিছে উদ্যোগপতিক

author-image
Asomiya Pratidin
New Update
ধন নে জনস্বাৰ্থ! পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ ৰহস্যজনক পত্ৰ

পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এখন পত্ৰই শংকিত কৰিছে উদ্যোগপতিক। জনস্বাৰ্থৰ অচিলা লৈ উদ্যোগ, কোম্পানীৰ কৰ্তৃপক্ষলৈ বিধায়ক গৰাকীয়ে লিখা পত্ৰত বিচাৰিছে ১০ টা তথ্য। 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ বিশেষ প্ৰতিবেদন...

Advertisment

যি সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত উদ্যোগ স্থাপন আৰু আন্তঃগাঠনি বিকাশৰ বাবে বিশেষ আৰু পদক্ষেপ ব্যৱস্থা গ্ৰহণ কৰিছে । সেই সময়ত এই সমগ্ৰ প্ৰক্ৰিয়াত বাধা-পথালি হৈ থিয় দিছে শাসকীয় দলটোৰে এজন বিধায়কে।

বিজেপিৰ ৫০ নং অসম বিধানসভাৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এখন পত্ৰই এতিয়া সমষ্টিটোত উদ্যোগ স্থাপন কৰা উদ্যোগীসকলৰ মাজত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ২ মে' ২০২৩ ত বিধায়কৰ পেডত লিখা এই পত্ৰ পলাশবাৰী সমষ্টিত থকা প্ৰায়বোৰ উদ্যোগলৈ প্ৰেৰণ কৰিছে বিধায়ক গৰাকীয়ে।

যদিও এয়া জনস্বাৰ্থত লিখা বুলি উল্লেখ কৰা হৈছে এই পত্ৰৰ আঁৰৰ উদ্দেশ্য কি হ'ব পাৰে সেয়া সাধাৰণ লোকেও বুজিব পাৰিছে। ইফালে জিলা তথা আন প্ৰশাসনৰ বিষয় ববীয়া থকাৰ পাছতো প্ৰত্যক্ষভাৱে উদ্যোগসমূহৰ কৰ্তৃপক্ষলৈ এগৰাকী বিধায়কে এনে পত্ৰ কেনেকৈ দিব পাৰে তাকলৈও প্ৰশ্ন উঠিছে।

উল্লেখ্য যে, পত্ৰখনত কোৱা হৈছে পলাশবাৰী সমষ্টিত থকা উদ্যোগ তথা কোম্পানীসমূহে তেওঁক ১০ টা বিষয়ৰ তথ্য জমা দিব লাগে। স্থানীয় প্ৰশাসনে দিয়া আপত্তিবিহীন প্ৰমাণপত্ৰ, প্ৰদূষণৰ প্ৰমাণ পত্ৰ,ঠিকনাসহ শ্ৰমিকৰ অনুজ্ঞাপত্ৰ, অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰমাণ পত্ৰ, কিমান ধন পলাশবাৰী সমষ্টিত চি এছ আৰ শিতানত ব্যয় কৰিছে তাৰ তথ্য, কিমান স্থানীয় লোকক চাকৰি দিছে তাৰ তথ্য, কেঁচামাল যোগানীয়াৰ তথ্য,মাটিৰ প্ৰমাণপত্ৰ আদি বিচাৰিছে বিধায়কগৰাকীয়ে।

লক্ষণীয়ভাৱে এই পত্ৰত স্থানীয় উদ্যোগ সমূহে নিযুক্তি দিয়া আৰু স্থানীয় বিধায়কৰ সৈতে সংযোগত থাকিবলগীয়া নডেল অফিচাৰৰ সৱিশেষ তথ্য বিচাৰিছে তেওঁ। বিধায়ক গৰাকীৰ এনে পত্ৰ পোৱাৰ পাছতে বিষয়টোক লৈ যথেষ্ঠ চৰ্চা হৈছে পলাশবাৰীত।

স্থানীয় ৰাইজ তথা নাম প্ৰকাশত অনিচ্ছুক একাংশ উদ্যোগৰ মালিকে বিধায়কগৰাকীৰ এনে পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে কোনো বিধায়কে এই ধৰণৰ পত্ৰ প্ৰেৰণ কৰাৰ নজিৰ নাই। প্ৰাপ্ত অভিযোগ মতে এই উদ্যোগ সমূহৰ দ্বাৰা বিধায়ক গৰাকীৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে এনে পত্ৰ প্ৰেৰণৰ বাবে সংশ্লিষ্ট লোকসকলক শংকিত কৰাৰ চেষ্টা চলাইছে।

এগৰাকী জনপ্ৰতিনিধি হিচাপে বিধায়ক ঠাকুৰীয়াই তেওঁৰ সমষ্টিত থকা উদ্যোগ তথা আন বিষয় সন্দৰ্ভত স্থানীয় প্ৰশাসনৰ জৰিয়তে জানিব বিচাৰিব পাৰে যদিও পোনপটীয়াকৈ বিধায়কগৰাকীৰ এনে যোগাযোগৰ আঁৰত আন অংকহে লুকাই আছে। সেয়েহে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰি বিধায়কগৰাকীৰ এই অদ্ভূত কাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে পলাশবাৰীৰ স্থানীয় সচেতন ৰাইজে।

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত আছে বহু উদ্যোগ। সেই উদ্যোগসমূহৰ পৰা দৰদাম কৰাৰ লক্ষ্যৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই লিখা এই কৌশলী পত্ৰই মুখ্যমন্ত্ৰীৰ স্বচ্ছ প্ৰশাসনতেই চূড়ান্ত আঘাত হানিছে। এতিয়া সকলোৱে দৃষ্টি ৰাখিছে এই বিধায়ক গৰাকীৰ পত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে।

উল্লেখ্য যে, পত্ৰখনত বিধায়কগৰাকীয়ে তেওঁ বিচৰা নথি পত্ৰ সমূহৰ জেৰক্স কপি ১০ দিনৰ ভিতৰত জমা দিবলৈও নিৰ্দেশ দিছে। সেই নিৰ্দেশ অনুসৰি বহুকেইটা প্ৰতিষ্ঠান অনিচ্ছা স্বত্বেও বিধায়কগৰাকীৰ সৈতে সম্পৰ্ক বেয়া নকৰাৰ স্বাৰ্থত এই তথ্য সমূহ যোগান ধৰিছে।

Also Read: ''বিজেপি পৰাস্ত হ'ব যদিহে'' লোকসভা নিৰ্বাচন সন্দৰ্ভত ৰাহুল গান্ধীৰ ভৱিষ্যতবাণী

himanta biswa sarma