অৱশেষত মুক্ত হ'ল নীলপৱন, দীপালী বৰঠাকুৰ: নষ্ট হ'ল পূৰ্বৰ সৌন্দৰ্য

অৱশেষত শুভ বুদ্ধি উদয় হ'ল। আঁতৰাই দিয়া হ'ল নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ পেইণ্টিংৰ ওপৰত আঁৰি দিয়া আন শিল্প কৰ্ম।

author-image
Asomiya Pratidin
New Update
অৱশেষত মুক্ত হ'ল নীলপৱন, দীপালী বৰঠাকুৰ: নষ্ট হ'ল পূৰ্বৰ সৌন্দৰ্য

ডিজিটেল ডেস্ক: অৱশেষত শুভ বুদ্ধি উদয় হ'ল। আঁতৰাই দিয়া হ'ল নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ পেইণ্টিংৰ ওপৰত আঁৰি দিয়া আন শিল্প কৰ্ম।

Advertisment

উল্লেখ্য যে, গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ নামত নষ্ট কৰা হৈছিল নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ এখন ৱাল আৰ্ট। জি-২০ সন্মিলনৰ বাবে নতুনকৈ ৰং কৰি গুৱাহাটীখন সজাই তোলাৰ নামত নষ্ট কৰা হৈছিল এই ৱাল আৰ্টখন। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল ।

অসমীয়া প্ৰতিদিন ডিজিটেলে বুধবাৰে দুপৰীয়া এই সন্দৰ্ভত এক বাতৰি প্ৰকাশ কৰাৰ লগতে এক বিশেষ প্ৰতিবেদনো প্ৰচাৰ কৰা হৈছিল।য'ত পূৰ্বে নীলপৱন বৰুৱা আৰু দিপালী বৰঠাকুৰৰ চিত্ৰ অংকন কৰা শিল্পী গৰাকীৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল। ইয়াৰ পিছতে বিয়লি নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ সেই বিশেষ পেইণ্টিংখনত আঁৰি দিয়া আন শিল্প কৰ্ম আঁতৰাই দিয়া হ'ল।

কিন্তু ৱাল আৰ্টখনৰ এটা অংশত ৰং সানি দিয়াৰ বাবে পূৰ্বৰ সৌন্দৰ্য ম্লান পৰিল । সেয়ে এতিয়া এই পেইণ্টিংখনক নতুনকৈ সজাই তোলাটো অতি জৰুৰী। প্ৰয়োজন সাপেক্ষে সংশ্লিষ্ট বিভাগ তথা কৰ্তৃপক্ষই ৱাল পেইণ্টিংখন অংকন কৰা শিল্পী ভেজাল, বহেমিয়ান ব্ৰাডাৰ্ছৰ সৈতে যোগাযোগ কৰি ন উদ্যোগ গ্ৰহণ কৰক।

আৰু পঢ়ক: গৰুখুঁটিৰ উচ্ছেদিত পৰিয়ালক সংস্থাপনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

guwahati nilpawan baruah