/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3d10f217-4cd9-4664-b130-090e7a81be01/i7.jpg)
ডিজিটেল সংবাদ বেকাজানঃ অহা ৫,৬ আৰু ৭ মে'ত তিনিদিনীয়াকৈ যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা অসমীয়া জাতীয় সত্তাৰ আধাৰত প্ৰতিষ্ঠিত অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহ সন্দৰ্ভত শনিবাৰে যোৰহাটৰ মেঘা ভৱনত আদৰণি সমিতিৰ বিশেষ সভা অনুষ্ঠিত হয় ।
পুৱা ১০ বজাত অসম জাতীয় বিদ্যালয়ৰ কাৰ্যকৰী সভাপতি দিলীপ দত্ত চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত আঁত ধৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম জাতীয় বিদ্যালয়ৰ সমন্বয়ক অসীম কৃষ্ণ বৰুৱাই । আদৰণি সমিতিৰ এই বিশেষ সভাত অহা ৫ , ৬ আৰু ৭মেত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহৰ উদযাপনৰ বাবে গঠন কৰা প্ৰায় ২৬ খন উপ সমিতিয়ে নিজ নিজ বিভাগৰ লিখিত পৰিকল্পনা আৰু বাজেটৰ ৰূপৰেখা প্ৰস্তুত কৰি দাখিল কৰে ।
জাতীয় বিদ্যালয়ৰ সমাৰোহৰ স্মৃতিগ্ৰন্থ সম্পৰ্কে বিষদ পৰিকল্পনা আগবঢ়াই স্মৃতিগ্ৰন্থৰ সম্পাদক ড০ স্বপন চুতীয়া দেৱে তাৰ পাছতে সাংস্কৃতিক কাৰ্যসূচীৰ ৰূপৰেখা দাখিল কৰি বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সোণেশ্বৰ নৰহে কয় যিহেতু জাতীয় বিদ্যালয় অসমীয়া জাতিৰ জাতীয় সত্তা সেয়ে সমাৰোহৰ খনিত অসমৰ সমাজ জীৱন আৰু ভাষা-সংস্কৃতিৰ সকলো দিশ প্ৰতিফলিত হব পৰাকৈ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰিব লাগে বুলি তেওঁৰ পৰিকল্পনা ৰূপৰেখা দাখিল কৰে।
তেওঁ কয় এই সাংস্কৃতিক কাৰ্যসূচী যাতে ভৱিষ্যত প্ৰজন্মৰ মাজত আদৰ্শ চানেকি হৈ থাকে । আনহাতে গোলাঘাট জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি তথা মেৰাপানী জাতীয় বিদ্যালয়ৰ সঞ্চালক পল্লৱ বৰাই মন্তব্য আগবঢ়ায়।
লগতে শিৱসাগৰ জিলা সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যকৰী সভাপতি ডo এচ জে জামানে বক্তব্য আগবঢ়ায়। ইয়াৰ পিছত অসম জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যকৰী সভাপতি দিলীপ চৌধুৰীয়ে কয় যে আগন্তুক অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহৰখনি আমাৰ বাবে এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছো ।
সেয়ে অংশগ্ৰহণকাৰীয়ে দেশ আৰু জাতিৰ প্ৰতি উৎসৰ্গিত আৰু আন্তৰিকতাৰে কাম কৰিবলৈ আহবান জনায় । আনহাতে সভাত অংশগ্ৰহণ কৰি এজবেকৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই কয় যে আমি অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহৰ বাবে আমি সৰ্বোচ্চ উজাৰি কাম কৰিব লাগিব। কাৰণ জাতীয় বিদ্যালয়সমূহৰ আৰ্থিক প্ৰত্যাহ্বান থকাৰ সত্বেও কঠোৰ পৰিশ্ৰম কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে জাতীয় বিদ্যালয়সমূহ গঢ়ি তুলিছে।
অভিভাৱকসকলে ছাত্র- ছাত্ৰীৰ জীৱন গঢ়াৰ দায়িত্ব অৰ্পণ কৰিছে । গতিকে আমাৰ গধুৰ দায়িত্ব আছে। আনহাতে সমাৰোহখনি শিক্ষাৰ অংগ হিচাপে গণ্য সফল কৰিবলৈ আহ্বান জনায়।
কাৰণ সমাৰোহে জাতীয় বিদ্যালয়ৰ সত্তাৰ সৈতে জড়িত সকলৰ মাজত একতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। সভাত উদযাপনৰ সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ বৰা আৰু ত্ৰিশূল শইকীয়া সমাৰোহৰখনিৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
ইয়াৰ পিছত সমাৰোহৰ উদযাপন সমিতিৰ সম্পাদক সৌৰভ বৰাই শলাগ শৰাই আগবঢ়াই সকলোকে জাতীয় বিদ্যালয়ৰ সত্তাক জীয়াই ৰাখিবলৈ আহ্বান জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5aa445a5-cad5-4d6b-bf9f-cfaf937ca2ee/427fb246_29d0_4df1_8e2a_9d781bae3ed8.jpg)
আৰু পঢ়কঃ পূব তেলাহীক মাজুলীৰ সৈতে চামিলৰণৰ দাবীত জনতাৰ প্ৰতিবাদী কাৰ্যসূচী