পূব তেলাহীক মাজুলীৰ সৈতে চামিলৰণৰ দাবীত জনতাৰ প্ৰতিবাদী কাৰ্যসূচী

পূব তেলাহীক মাজুলীৰ সৈতে চামিলৰণৰ দাবীত জনতাৰ প্ৰতিবাদী কাৰ্যসূচী

ডিজিটেল সংবাদ, মাজুলী: দীৰ্ঘদিনীয়া প্ৰৱঞ্চনা, প্ৰতাৰণা তথা মিথ্যাচাৰৰ পৰা পৰিত্ৰাণ বিছাৰি লখিমপুৰ জিলাৰ পৰা কৰ্তন কৰি মাজুলীৰ সৈতে চামিলকৰণৰ দাবীত শনিবাৰে হেজাৰ হেজাৰ জনতা প্ৰতিবাদ মুখৰ হৈ পৰে লখিমপুৰ জিলাৰ পূব তেলাহীত।

পূব তেলাহী গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদৰ খেলপথাৰত অনুষ্ঠিত বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আকাশ বতাহ কপাই তোলে। পূব তেলাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা ওলাই অহা হেজাৰ হেজাৰ আবাল বৃদ্ধ বণিতা,পুৰুষ- মহিলা, যুৱক-যুৱতী আদি সকলো সমবেত হৈ দাবী এটাই যিকোনো ত্যাগৰ বিনিময়ত পূব তেলাহী গাঁও পঞ্চায়তবাসীক মাজুলী জিলাত অন্তৰ্ভুক্ত কৰাৰ দাবী উথাপণ কৰে।

ইয়াৰ বিকল্প মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দি সম্বয়ৰক্ষী সমিতিৰ সম্পাদক কেনেদী দলেই কয় জনগাঁঠনি আৰু ভৌগোলিক অৱস্থিতিৰ ফালৰ পৰা মাজুলীৰ লগত একে আৰু গাতে লাগি আছে। এনে পৰিপ্ৰেক্ষিতত মাজুলীত চামিল হ'লে আৰ্থ- সামাজিক নিৰাপত্তা, স্বাস্থ্য, শিক্ষাৰ লগতে সকলো কাৰীকৰি দিশৰ পৰা সুবিধাজনক।

তদুপৰি যাতায়ত- যোগাযোগ ক্ষেত্ৰত লখিমপুৰ সদৰলৈ ভীষণ সমস্যাৰ বিপৰীতে মাজুলীলৈ খুব সহজ যাতায়ত-যোগাযোগ ব্যৱস্থা আছে। এনে পৰিপ্ৰেক্ষিতত এই দাবী পূব তেলাহীবাসীৰ বাবে ন্যাৰ্য দাবী হিচাপে পৰিগণিত হৈছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত পূব তেলাহী গাঁও পঞ্চায়তক মাজুলীত চামিলকৰণৰ প্ৰসংগত পূব তেলাহী গাঁও পঞ্চায়ত ৰংগমঞ্চত আন এখন পঞ্চায়ত গাঁও সভা অনুষ্ঠিত হয়।

লখিমপুৰ জিলা উপায়ুক্তৰ নিৰ্দেশ মতে আয়োজিত হোৱা এই গাঁও সভাত সভাপতিত্ব কৰে পূব তেলাহী গাঁও পঞ্চায়তৰ সভাপতি ৰবিন কুমাৰ দলেই। সচিব সূৰ্য্য দলেই উদ্দেশ্য ব্যাখ্যা কৰা বৃহৎ গাঁও সভাত পূব তেলাহী গাঁও পঞ্চায়তবাসীক মাজুলীত চামিলকৰণৰ বিকল্প একোৱেই নাই বুলি ঐকমত্য প্ৰকাশ কৰি এক সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, লখিমপুৰ জিলাৰ তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত গুৰুত্বপূৰ্ণ গাঁও পঞ্চায়ত হৈছে পুব তেলাহী গাঁও পঞ্চায়ত। সংলিষ্ট পূব তেলাহী গাঁও পঞ্চায়তত ২০ খন গাঁৱত জনসংখ্যাৰ পৰিমান প্ৰায় ২০ হেজাৰ।

প্ৰতিটো নিৰ্বাচনত পূব তেলাহীবাসীয়ে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে যদিও তেওঁলোকৰ উন্নয়নত প্ৰতিগৰাকী জনপ্ৰতিনিধি তথা চৰকাৰে পিঠি দি আহিছে। নিৰ্বাচনৰ সময়ত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত প্ৰকল্প, সোঁৱনশিৰিকে ধৰি বিভিন্ন নদীত পকী দলং নিৰ্মাণ কৰা,উন্নত চিকিৎসালয় স্হাপণ,যাতায়ত- যোগাযোগ ব্যৱস্থা উন্নতিকৰণ,উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থাৰ বাবে উন্নত আন্তঃগাঠনি নিৰ্মাণ কৰা,বান নিয়ন্ত্ৰণৰ বাবে মথাউৰি ব্যৱস্থা গঢ়ি তোলা,প্ৰশাসনিক ব্যৱস্থা উন্নত কৰাৰ আদি প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজৰ ভোট আদায় কৰি নিৰ্বাচিত হয়।

কিন্তু লংকালৈ যিয়েই যায় তেওঁয়ে ৰাৱণ হৈ যোৱাৰ দৰে ৰাইজৰ আৱেগ অনুভূতিৰ বিষয়বোৰ শ্মশানত পেলাই থৈ দিয়েগৈ। ন-আলি গাঁৱৰ ৯৫ শতাংশ লোক খহনীয়াত বিধ্বস্ত হ'ল। নাই কোনো নিৰাপত্তা দিয়াৰ বাবে সুৰক্ষামূলক বিজ্ঞানসন্মত প্ৰকল্প। ইয়াৰ উপৰিও বিভিন্ন গাঁও খহনীয়াত কৱলত পৰি অস্তিত্বৰ সংকটত পৰিছে। গৃহহীন লোকৰ বাবেও নাই কোনো পুনৰ সংস্থাপনৰ ব্যৱস্থা।

দেশে স্বাধীনতা লাভৰ ৭৬ বছৰৰ পিছতো অকনো পৰিৱৰ্তন নাহিল পূব তেলাহী অঞ্চললৈ। বাৰিষা আহিলে সোঁৱনশিৰি তথা অন্যান্য নদীয়েদি পাৰাপাৰ কৰোতে জীয়টো চুলিৰ আগত কোনোমতে বান্ধি জীৱন মৰণৰ মাজত পাৰ হ'ব লাগে।

ৰোগীয়ে হঠাৎ চিকিৎসালয়লৈ যাবলৈ হ'লে সন্মুখীন হব লাগে জটিল সমস্যাৰ। এইবোৰ কথা চৰকাৰ-প্ৰশাসন তথা জনপ্ৰতিনিধিয়ে অৱগত হোৱাৰ পিছতো যেন নিৰ্বিকাৰ, নিৰ্লিপ্ত ভূমিকাত অতিষ্ঠ পুব তেলাহীবাসী। এনেবোৰ কাৰণতে ইয়াৰ পৰা পৰিত্ৰাণ বিছাৰি মাজুলীত চামিলকৰণৰ দাবী ২০১৬ চনৰ পৰা সজোৰে উথাপণ কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in